
মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰাৰ দাবীত আছুৰ মানৱ শৃংখল
‘আমাৰ অসম’ৰ মাজুলীৰ প্ৰতিবেদক, ৭ ফেব্ৰুৱাৰীঃ মাজুলী -যোৰহাট সংযোগী দলঙকলৈ মাজুলীবাসীৰ মাজত থকা আৱেগ ক্ৰমে বৃদ্ধি পাবলৈ ধৰিছে৷ মাজুলীবাসীৰ জীৱন-জীৱিকাৰ বাবে অতি প্ৰয়োজন হৈ পৰা দলং খনিৰ নিৰ্মাণে আশাৰ সঞ্চাৰ ঘটাইছিল যদিও নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ লগতে চৰকাৰী বিভাগৰ ভুলৰবাবে নিৰ্মাণ স্থগিত হোৱাই নহয অনি(য়তাই দেখা দিছে৷ এনে অৱস্থাত চৰকাৰী গুৰুত্বও কমিযোৱাৰ উপক্ৰম হৈছে৷ আজি মাজুলীত দলং নিৰ্মাণস্থলীত মানৱ শৃংখল কাৰ্সূচী বিভিন্ন দল-সংগঠনৰ লগতে আছুৱে ৰূপায়ণ কৰে৷ মাজুলী –যোৰহাট সংযোগী দলং নিৰ্মাণৰ বাবে ছাত্ৰ সন্থাই ২০১৫ চনৰ পৰা আন্দোলন কৰি আহিছে৷ ২০১৬ চনত এই দলং নিৰ্মাণ সন্দৰ্ভত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰিক নতুন দিল্লীত সাক্ষাৎ কৰি আছুৰ উদোগত মাজুলীৰ সত্ৰাধিকাৰ সাংবাদিক সন্থা, জ্যেষ্ঠ নাগৰিকৰ প্ৰমুখে ১৫ জনীয়া প্ৰতিনিধি দলে আলোচনাত মিলিত হৈ দাবী উত্থাপন কৰাৰ পাছৰে পৰা দলং নিৰ্মাণৰ কাম আৰম্ভ কৰালৈকে ছাত্ৰ সন্থাই আন্দোলন কৰাৰ সিদ্ধান্ত কৰে৷ মাজুলী জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা সূৰ্য কুমাৰ ভুঞা, কেন্দ্ৰীয় কাৰ্যনিবাহক বিতোপন শৰ্মা প্ৰমুখ্যে বিষয়ববীয়াসকলে চ্ছ্ৰ ছেপ্টেম্বৰৰ পৰা দলঙৰ নিৰ্মাণ বন্ধ থকাৰ বিষয়টিত আক্ষেপ প্ৰকাশ কৰি পৰৱৰ্তী পদক্ষেপ গ্ৰহণত চৰকাৰী অনিহা প্ৰকাশ পোৱাটো দুৰ্ভাগ্যজনক বুলি বিবেচনা কৰে৷ আজি সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ উদোগত আৰু মাজুলীৰ বিভিন্ন দল-সংগঠনৰ সহযোগত আছুৱে দলং নিৰ্মাণস্থলী মাজুলী দিশৰ দক্ষিণপাট এটি গণ –প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰে চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে৷ সমান্তৰালভাৱে জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি প্ৰাঞ্জল শইকীয়া আৰু সাধাৰণ সম্পাদক দিপাংকৰ ৰাজখোৱাৰ যুটীয়া স্বাক্ষৰ সম্বলিত স্মাৰক-পত্ৰ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰি আৰু মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মালৈ পৃথকে পৃথকে প্ৰতিবাদস্থলীত উপস্থিত হোৱা মাজুলী জিলাৰ অতিৰিক্ত আয়ুক্ত ভৰত কোৱঁৰৰ হাতত অপৰ্ণ কৰে৷ প্ৰতিবাদীস্থলীৰ পৰা ছাত্ৰ সন্থাই দলং নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায়৷ ইয়াৰোপৰি দলং নিৰ্মাণৰ কাম কেতিয়াৰ পৰা আৰম্ভ হ’ব আৰু কেতিয়া শেষ হ’ব কৰিব দিন তাৰিখ ঘোষণা কৰিবলৈও দাবী জনায়৷
প্ৰতিবাদস্থলীত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰংগৰস মহন্ত; জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা অজিত হাজৰিকা: অসম উন্নতি সভাৰ কেন্দ্ৰীয় সম্পাদক দুলাল চন্দ্ৰ ভুঞাঁ; জিলা উন্নতি সভাত সভাপতি ডঙ্ম অৰূপ কুমাৰ বৰা; অসম সেনাৰ সহ আহবায়ক দীপক নেওগ: জিলা শিক্ষা কোষৰ সম্পাদক ৰঞ্জিত সেন; কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি আদিত্য দত্ত; সম্পাদক ক্ষীৰোদ বৰা; পেন্সনা সন্থাৰ কাৰ্যকৰী সভাপতি সত্য নাথ বৰা: জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অলিন হাজৰিকা; পৱিত্ৰ বৰা; জ্যেষ্ঠ নাগৰিক সন্মিলনীৰ ৰেৱ কান্ত বৰা; জিলা উন্নতি সভাৰ কৌশিক শইকীয়াৰ উপৰি স্থানীয় গণ্য – মান্য বিশিষ্ট ব্যক্তি; শতাধিক মহিলা; আৰু সংবাদ মাধ্যমৰ লোক উপস্থিত থাকে৷ উপস্থিত ৰাইজে চৰকাৰক মাজুলীবাসীৰ আবেগক লৈ কোনোধৰণৰ খেলা নকৰিবলৈ সকীয়াই দিয়ে৷ প্ৰতিবাদ কাৰীয়ে তাৎক্ষণিকভাৱে নিৰ্মাণৰ দাবীৰ লগতে চৰকাৰ বিৰোধী শ্ল’গানৰে পৰিৱেশ উত্তাল কৰি তোলে৷