Logo
image

নাচ-গানেৰে ইছ্যুহীন নিৰ্বাচন

এইবাৰৰ নিৰ্বাচন কেইবাটাও কাৰণত ব্যতিক্ৰম হৈ পৰিছে৷ অসমত সমস্যাৰ পাহাৰ আছে৷ তথাপি এইবাৰৰ নিৰ্বাচনৰ প্ৰচাৰত দেখা গ’ল কেৱল নাচ-গান আৰু চিঞৰ-বাখৰ৷ আনফালে বোকা ছটিওৱাত ব্যস্ত হ’ল ৰাজনীতিকসকল৷

দেখা গৈছে– যোৱা পঞ্চাছ বছৰত কেইবাবাৰো চৰকাৰ সলনি হৈছে যদিও সমস্যাবোৰ সমস্যা হৈয়ে ৰৈছে৷ হয়তো আৰু বহুদিনলৈ এই সমস্যাবোৰৰ নোলাব সহজ সমাধান৷ অসম চুক্তি স্বাক্ষৰ কৰাৰ পঁয়ত্ৰিছ বছৰ হ’ল যদিও আজিও ৰূপায়ণ নহ’ল৷ বান সমস্যাৰ কোনো স্থায়ী সমাধান নোলাল৷ বানৰ লগত আছে খহনীয়াৰ সমস্যা৷ ব্ৰহ্মপুত্ৰৰ খনন এক শ্লোগান হৈ ৰ’ল৷ নাগৰিকত্ব সংশোধনী আইন হৈ পৰিছে বিৰাট সমস্যা৷ ডি ভোটাৰৰ সমস্যা সমস্যা হৈয়ে ৰৈছে৷

ৰাজ্যত নিবনুৱা সমস্যা হৈ পৰিছে জটিল৷ নতুন উদ্যোগ-পাতি গঢ়িতো নুঠিলেই থকাখিনিৰো অৱস্থা বেয়া৷ জাগীৰোডত অৱস্থিত হিন্দুস্তান পেপাৰ মিলটো উজ্জীৱিত কৰিব পৰা নগ’ল৷ ৰঙিয়াৰ এপ’ল মিলটোও ৰক্ষা কৰিব পৰা নগ’ল৷ আনৰ ক্ষেত্ৰতো একে অৱস্থা৷ অবৈধ বিদেশী বহিষ্কাৰ কৰাতো বাদেই, প্ৰতিশ্ৰুতি দি অহাৰ পাছতো আজিলৈ ভাৰত-বাংলা সীমান্ত ছীল কৰিব পৰা নগ’ল৷ কাজিৰঙাক সম্পূৰ্ণ দখলমুক্ত কৰিবলৈ এতিয়াও বাকী৷

শিক্ষাৰ অজস্ৰ সমস্যা থাকোঁতেই লগ লাগিছে সংস্কৃত আৰু মাদ্ৰাছা শিক্ষাৰ বিষয়টো৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যাটো ওলমি ৰৈছে৷ ইফালে, বজাৰত সকলো সামগ্ৰীৰ দাম বৃদ্ধি পাইছে৷ কৰ’নাই বিধবস্ত কৰাৰ পাছত অৰ্থনীতিৰ সকলো ক্ষেত্ৰত স্থৱিৰতা চলিছে৷ উগ্ৰপন্থীৰ সমস্যাৰো অন্ত পৰা নাই৷ বহুতে ক’ব খোজে সমস্যাবোৰ জীয়াই ৰখা হয়৷ কাৰণ, সমস্যা নাথাকিলে ভোটৰ ৰাজনীতি নচলে৷

অতবোৰ সমস্যা থকাৰ পাছতো এইবাৰ নিৰ্বাচনত কাৰো পক্ষত বা বিপক্ষে কোনো ঢৌ দেখা নগ’ল৷ তাৰ বিপৰীতে  দলবোৰত চলিল কেৱল পদত্যাগ আৰু দলত্যাগৰ ঢৌ৷ লক্ষণীয়ভাৱে এইবাৰ নিৰ্বাচনত কোনো বিশেষ ইছ্যু দেখা নগ’ল আৰু আচল সমস্যাবোৰক জোৰকৈ তল পেলাই ৰখা হ’ল৷ বিশেষ ইছ্যু নথকা কাৰণে প্ৰথমাৱস্থাত হেলিকপ্টাৰৰ ব্যৱহাৰৰ বিষয়টোৱে ইছ্যু হৈ পৰিল৷ এইবাৰ নিৰ্বাচনত দলবোৰে প্ৰকাশ কৰা ইস্তাহাৰে কোনো গুৰুত্ব লাভ নকৰিলে৷ তাৰ সলনি দলবোৰে ভোটাৰক  প্ৰলোভিত কৰা দেখা গ’ল৷

এইবাৰ নিৰ্বাচনত কোনো ঢৌ নাই কাৰণে বা বিশেষ ইছ্যু নাই কাৰণেই ধন আৰু প্ৰচাৰৰ চমকে বিশেষ গুৰুত্ব পালে৷ এইবাৰ নিৰ্বাচনত কোনো সমস্যাৰ কথা নকৈ, কোনো সমাধান সূত্ৰ দাঙি নধৰি সকলোকে নাচ-গানত ব্যস্ত ৰখা হ’ল৷ সমান্তৰালভাৱে নেতাৰ মুখত ওলাল গালি-গালাজ আৰু ঠাট্টা-মস্কৰা৷ প্ৰতিদ্বন্দ্বীৰ চৰিত্ৰহননেই এইবাৰ নিৰ্বাচনৰ বিশেষ কৌশল হৈ পৰিল৷ ঢৌ নথকা কাৰণেই মানুহৰ মাজত ধৰ্মৰ বিভাজনেৰে জোৰ কৰি এক ঢৌ আনিব খোজা হ’ল৷ এনেবোৰ কাৰণতে ২০২১ৰ নিৰ্বাচনৰ ফলাফল হ’ব লক্ষণীয়৷ কোনো বিশেষ ঢৌ নথকা, বিশেষ ইছ্যু নথকা নিৰ্বাচনত ভোটাৰে কি চাই, কেনেকৈ ভোট দিয়ে সেয়া হ’ব বিশেষ লক্ষণীয়৷  ফলাফলৰ বাবে প্ৰতীক্ষা কৰিবলগীয়া হ’ব৷