
ৰকিবুলৰ ফাইল বিচাৰি পৰ্যটন বিভাগত চিএম ভিজিলেঞ্চ
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৭ ফেব্ৰুৱাৰীঃ কংগ্ৰেছ আমোলৰ অন্যতম প্ৰভাৱশালী মন্ত্ৰী তথা বৰ্তমানৰ ধুবুৰী সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনৰ কাৰ্যকালত সংঘটিত নিযুক্তি কেলেংকাৰি ফাইল বিচাৰি এইবাৰ পৰ্যটন বিভাগত অভিযান চলালে মুখ্যমন্ত্ৰীৰ নিৰীক্ষণ কোষে৷ শুকুৰবাৰে চি এম ভিজিলেন্সৰ এটা দলে গুৱাহাটী পল্টনবজাৰস্থিত পৰ্যটন সঞ্চালকালয়ত দিনজোৰা তালাচী চলায়৷ ২০১০-১১ চনত পৰ্যটন বিভাগে নিযুক্তি দিয়া সহকাৰী পৰ্যটন বিষয়াৰ সকলো নথি-পত্ৰ তন্ন তন্নকৈ পৰীক্ষা কৰে চি এম ভিজিলেন্সৰ দলটোৱে৷ দলটোৱে ১৪ বছৰ পূৰ্বে পৰ্যটন বিভাগে দিয়া নিযুক্তিত তদানীন্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ হস্তক্ষেপ আছিল নেকি, সেই সন্দৰ্ভতো নিযুক্তিৰ ফাইলসমূহ পুংখানুপুংখভাৱে নিৰীক্ষণ কৰা বুলি জানিব পৰা গৈছে৷ আনকি সেই সময়ত পৰ্যটন বিভাগৰ নিযুক্তি পৰীক্ষাৰ দায়িত্বত থকা বিষয়াসকলৰো তথ্যপাতি সংগ্ৰহ কৰাৰ লগতে নিযুক্তি পৰীক্ষাটোত অৱতীৰ্ণ হোৱা প্ৰাৰ্থী তথা বাছনি লাভ কৰা প্ৰাৰ্থীকেইজনৰো সকলো তথ্য সংগ্ৰহ কৰে৷ মুখ্যমন্ত্ৰী নিৰীক্ষণ কোষে এই অভিযান চলোৱাৰ পাছতেই পৰ্যটন সঞ্চালকালয়ত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷
উল্লেখ্য, প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চৰকাৰৰ আমোলত ২০১০-১১ বৰ্ষত পৰ্যটন বিভাগত ১১টা সহকাৰী পৰ্যটন বিষয়াৰ পদৰ বাবে অনুষ্ঠিত নিযুক্তি পৰীক্ষাত ব্যাপক অনিয়মেৰে বিশেষ প্ৰাৰ্থীক বাছনি কৰাৰ অভিযোগ তুলি সেই সময়ত গুৱাহাটী উচ্ছ ন্যায়ালয়ত ৰাজু কুটুম নামৰ এজন বঞ্চিত প্ৰাৰ্থীয়ে গোচৰ ৰুজু কৰিছিল৷ এই গোচৰটোৰ শুনানিত নিযুক্তি প্ৰক্ৰিয়াত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছিল৷ অৱশ্যে পৰৱৰ্তী সময়ত ৰহস্যজনক পৰিস্থিতিত আবেদনকাৰী প্ৰাৰ্থীজনে গোচৰটো উঠাই লৈছিল৷ অৱশ্যে এই কেলেংকাৰি সেই সময়ত তল পৰি ৰয় যদিও শেহতীয়াকৈ কেলেংকাৰিৰ ফাইল খুলে মুখ্যমন্ত্ৰীৰ নিৰীক্ষণ কোষে৷ বিগত বিধানসভাৰ উপ-নিৰ্বাচনৰ সময়ত কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে একালৰ সতীৰ্থ তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেলেংকাৰিৰ ফাইল খুলিব বুলি ৰাজহুৱাকৈ হুংকাৰ দিছিল৷ ৰকিবুল হুছেইনৰ এই হুংকাৰৰ পাছতেই ওলোটাই এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ভিজিলেন্সে ৰকিবুল হুছেইনৰ আমোলত সংঘটিত নিযুক্তি কেলেংকাৰিৰ ফাইল খোলা দেখা গ’ল৷ চি এম ভিজিলেন্সে ১৪ বছৰ পুৰণি সহকাৰী পৰ্যটন বিষয়া নিযুক্তি কেলেংকাৰিৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে৷ এই তদন্ত সম্পূৰ্ণ হ’লেই গৃহ বিভাগৰ অনুমোদন লৈ নিয়মীয়া তদন্তৰ বাবে গোচৰ ৰুজু কৰি অভিযুক্ত বিষয়াসকলক গ্ৰেপ্তাৰ কৰিব বুলিও ভিজিলেন্সৰ সূত্ৰই সদৰী কৰিছে৷ যাৰ বাবে শুকুৰবাৰে পৰ্যটন সঞ্চালকালয়ত উপস্থিত হৈ সেই সময়ৰ নিযুক্তি সম্পৰ্কীয় সকলো ফাইল জমা দিয়াৰ বাবে সঞ্চালকক নিৰ্দেশ দিয়ে চি এম ভিজিলেন্সৰ তদন্তকাৰী বিষয়াই৷