Logo
image

ভোট গ’লে বিনাবা কৰ’নাক

আমাৰ অসম, ৬ এপ্ৰিলঃ স্বাস্থ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই স্বীকাৰ কৰক বা নকৰক, ৰাজ্যত পুনৰ কৰ’নাক কেন্দ্ৰ কৰি আতংকৰ সৃষ্টি হৈছে৷ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সদ্যহতে চৰকাৰে কঠোৰ স্থিতি লোৱা নাই যদিও ৬ এপ্ৰিলৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ পাছতেই এই সন্দৰ্ভত চৰকাৰৰ স্থিতি কঠোৰ হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ সেইসূত্ৰে ভোটগ্ৰহণৰ পৰৱৰ্তী সময়ছোৱাত কৰ’নাৰ বাবে চৰকাৰে কঠোৰ নিষেধাজ্ঞা আৰোপ কৰাৰ সম্ভাৱনাও নুই কৰা নাই ৰাজ্য চৰকাৰৰ উচ্ছস্তৰীয় সূত্ৰসমূহে৷ ইফালে ৮ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ’নাৰ নতুন আতংক সন্দৰ্ভত খৰচি মাৰি আলোচনা কৰিবৰ বাবে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ বৈঠক আহ্বান কৰিছে৷ মহাৰাষ্ট্ৰত ইতিমধ্যে কৰ’নাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ আন কেইবাখনো ৰাজ্যতো পৰিস্থিতি জটিল৷ অসমৰ পৰিস্থিতিও প্ৰতিনিয়ত জটিল হৈ গৈ আছে৷ সেয়ে ভোটগ্ৰহণৰ পৰৱৰ্তী সময়ছোৱাত অসমৰ ৰাইজে হেঁপাহৰ ব’হাগ বিহুক আদৰাৰ প্ৰস্তুতিপৰ্ব নিৰ্বিঘ্নে আগবঢ়াই নিব পাৰে নে নোৱাৰে সেয়া এক জটিল প্ৰশ্ন হৈ পৰিছে৷ বিহুক লৈ অসমৰ মানুহ অতি আৱেগিক আৰু সংবেদনশীল৷ সেইবাবেই বিহুগীতত কোৱা হৈছে– বিহুৰে বিৰিণা পাতে ঐ লাহৰী বিহুৰে বিৰিণা পাত, বিহু থাকে মানে বিহুকে বিনাবা, বিহু গ’লে বিনাবা কাক...৷ কিন্তু এইবাৰ ভোটগ্ৰহণপৰ্ব শেষ হোৱাৰ পাছত কৰ’নাৰ বাবে অসমৰ মানুহেও আকৌ এবাৰ বিনাব লাগিব নেকি– সেই সন্দেহ প্ৰতিপলে অধিক গাঢ় হৈ পৰিছে৷ আনকি স্বাস্থ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ ভাষ্যয়ো ৰাইজক এশ শতাংশ আশ্বস্ত কৰিব পৰা নাই৷ কিয়নো স্বাস্থ্যমন্ত্ৰী শৰ্মাই কৰ’নাৰ বাবে ভয় খাবলগীয়া নাই বুলি অহৰহ কৈ থকাৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰ আৰু এন এইচ এম কতৃৰ্পক্ষই কৰ’না পৰিস্থিতি জটিল বুলি বৰ্ণনা কৰিছে৷ কাজেই ৰাইজ বিভ্ৰান্ত, শংকিত আৰু সন্দিহান হৈ পৰিছে৷ এনে জটিল সন্ধিক্ষণতে মঙলবাৰে অসমত অনুষ্ঠিত হৈছে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ৷ তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনত মুঠ ৩৩৭জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হৈছে। পুৰুষ-মহিলাকে ধৰি ৭৯,১৯,৬৪১জন ভোটাৰে পছন্দৰ প্ৰাৰ্থীক ভোট দান কৰি পাঁচ বছৰলৈ জনপ্ৰতিনিধি বাছনি কৰিব৷ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অন্যতম বিশেষত্ব হৈছে যে ৰাজ্যৰ ৰাজনীতিৰ কেইবাজনে প্ৰভাৱশালী নেতাৰ ভাগ্য ইভিএমত বন্দী হ’ব৷ অন্তিম পৰ্যায়ৰ নিৰ্বাচনত ২৫গৰাকী মহিলা প্ৰাৰ্থীৰো ভাগ্য নিৰ্ণয় হ’ব৷ ইভিএমত ভাগ্য বন্দী হ’বলগীয়া ৰথী-মহাৰথীসকলৰ অন্যতম হৈছে– ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী তথা জালুকবাৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী হিমন্ত বিশ্ব শৰ্মা৷ হিমন্ত বিশ্ব শৰ্মাকে ধৰি মুঠ ৫জন বৰ্তমানৰ মন্ত্ৰীৰো মঙলবাৰে ভাগ্য নিৰ্ণয় হ’ব৷ পূব গুৱাহাটী সমষ্টিৰ পৰা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, ধৰ্মপুৰ সমষ্টিৰ পৰা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বঙাইগাঁও সমষ্টিৰ পৰা মন্ত্ৰী ফণীভূষণ চৌধুৰী আৰু পূব কোকৰাঝাৰ সমষ্টিৰ পৰা মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই প্ৰতিদ্বন্দ্বিতা কৰিব৷ আনহাতে বিজেপি ৰাজ্যিক সভাপতি ৰি?ত দাসে সৰভোগ সমষ্টি এৰি  পাটাছাৰকুছি সমষ্টিত ভোট যুদ্ধত অৱতীৰ্ণ হৈছে৷ একেটা সমষ্টিৰ পৰা অসম জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি পবীন্দ্ৰ কুমাৰ ডেকাই প্ৰতিদ্বন্দ্বিতাত নামিব৷ মঙলবাৰে ভোটাৰে ইভিএমৰ বুটাম টিপি ভাগ্য নিৰ্ণয় কৰিবলগীয়া আন আন প্ৰাৰ্থীসকলৰ ভিতৰত বিজেপি প্ৰাৰ্থী অতুল বৰা, সুমন হৰিপ্ৰীয়া, নাৰায়ণ ডেকা, কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদ, মীৰা বৰঠাকুৰ, নন্দিতা দাস, মনজিৎ মহন্ত, এজেপি প্ৰাৰ্থী দুলু আহমেদ, প্ৰিন্স ফাইজুল হক অন্যতম৷ লক্ষণীয়ভাৱে মঙলবাৰে ভোটগ্ৰহণ অনুষ্ঠিত হোৱা ৪০টা সমষ্টিৰ ভিতৰতে ১৮টা সমষ্টি হৈছে মুছলমান অধ্যুষিত৷ ৫টা সমষ্টি জনজাতি অধ্যুষিত আৰু ৭টা সমষ্টিত মুছলমান আৰু জনজাতি লোকৰ আধিপত্য আছে৷ এটা সমষ্টিত হিন্দু আৰু মুছলমান ভোটাৰে  প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰাৰ বিপৰীতে আন এটা সমষ্টিত জনজাতি আৰু অসমীয়া হিন্দু ভোটাৰে প্ৰাৰ্থীৰ জয় পৰাজয় নিৰ্ণয় কৰিব৷ মঙলবাৰে পুৱা ৭বজাৰ পৰাই ৰাজ্যৰ ১১,৪০১টা প’লিং কেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে৷ অৱশ্যে ক’ভিড পৰিস্থিতিৰ বাবে ভোটদানৰ সময় বিয়লি ৬বজালৈ এঘণ্টাৰ বাবে বৃদ্ধি কৰি দিয়া হৈছে৷