Logo
image

লাখপতিয়ে নাপাব ‘লাখপতি বাইদেউ’ আঁচনিৰ সুবিধা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ ফেব্ৰুৱাৰীঃ  আৰম্ভ হ’ল লাখপতি বাইদেউৰ বাছনি প্ৰক্ৰিয়া৷ ৩০.০৪ লাখ আবেদনকাৰীৰ মাজৰ পৰা নিৰ্বাচন কৰি উলিওৱা  হ’ব  লাখপতি বাইদেউ৷ দহ হাজাৰ টকাৰ প্ৰাথমিক কৃস্তিৰ বাবে বাছনি কৰা হ’ব লাখ পতি বাইদেউসকলৰ মাজত এপ্ৰিলত উক্ত আঁচনিৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ’ব৷ ছেপ্টেম্বৰত সম্পন্ন হ’ব লাখপতি বাইদেউ আঁচনিৰ পুঁজি বিতৰণ কাৰ্যসূচী৷ উক্ত আঁচনিৰ পৰা   বাদ পৰিব কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অধীনস্থ বিষয়া কৰ্মচাৰী, সাংসদ-বিধায়কৰ পত্নী কন্যা, ঠিকাদাৰ, ট্ৰাক-বাছৰ গৰাকীৰ পত্নী-কন্যা, ৱাইনশ্বপৰ গৰাকী-তেল টেংকাৰৰ গৰাকীৰ পত্নী-কন্যা৷ এই আঁচনিৰ সুবিধা লাভৰ পৰা বাদ পৰিব আয়কৰ পৰিশোধ কৰা লোকৰ পত্নী কন্যা, বাদ  পৰিব উদ্যোগীকৰণৰ মনোভাৱৰ অভাৱ থকা মহিলাও৷


অৰ্থাৎ কাৰ্যতঃ লাখপতি লোকৰ পৰিয়ালৰ  সদস্যই নাপাব ‘লাখপতি বাইদেউ’ আঁচনিৰ সুবিধা৷ ১০ হাজাৰৰ মাজৰ মহিলাই ৫০ হাজাৰ টকাৰ ঋণ লাভ কৰিব৷ ঋণ লাভ কৰা মহিলাই ১২,৫০০ টকা মূলধনী ৰাজসাহায্য লাভ কৰিব৷ এছঅ’পি মতে খণ্ড পৰ্যায়ৰ নিৰীক্ষণ কমিটী গঠন কৰা হ’ব লাখপতি বাইদেউ আঁচনিৰ বাবে৷ উল্লেখ্য, লাখপতি বাইদেউ আঁচনি ঘোষণা কৰাৰ পাছতে ৰাজ্যৰ মহিলাসকল উৎসাহী হৈ পৰিছিল৷ উল্লেখ্য, ২০২৩ চনত ১২ জানুৱাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল লাখপতি বাইদেউ আঁচনি৷ উক্ত আঁচনিত ৩৯ লাখ মহিলালৈ ১০হাজাৰকৈ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হ’ব বুলি ঘোষণা কৰা হৈছিল৷