পত্নীৰ সৈতে আজি বিহাৰলৈ মুক্ত ৰাম কুমাৰ
আমাৰ অসম, ৬ এপ্ৰিলঃ অৱশেষত সকলো উৎকণ্ঠাৰ ওৰ পেলাই সোমবাৰে আলফাই ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী নাগালেণ্ডৰ মন জিলাত কুইপ্প’ অইল এণ্ড গেছ ইন্ফ্ৰাষ্ট্ৰাক্ছাৰ লিমিটেডৰ আনজন অপহৃত কৰ্মচাৰী ৰাম কুমাৰক মুকলি কৰি দিয়ে৷ উল্লেখ্য যে, দুদিন পূৰ্বে নিষিদ্ধঘোষিত সংগঠনটোৱে ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামপং আৰক্ষী থানাৰ অন্তৰ্গত লংভি গাঁও অঞ্চলত তৈল খননকাৰী প্ৰতিষ্ঠানটোৰ প্ৰণৱ কুমাৰ গগৈক মুকলি কৰি দিছিল৷ বিগত বৰ্ষৰ ২১ ডিচেম্বৰৰ নিশা চাংলাং জিলাৰ দায়ুন আৰক্ষী থানাৰ অন্তৰ্গত ইনাওৰ খুম্চাইকা অঞ্চলৰ পৰা শিৱসাগৰৰ পি কে গগৈ [৫১] আৰু বিহাৰৰ ৰাম কুমাৰ [৩৫] নামৰ ব্যক্তিদ্বয়ক আলফাই [স্বাঃ] নগা বিদ্ৰোহী সংগঠন এন এছ চি এনৰ [আই এম] সহযোগত অপহৰণ কৰিছিল৷ অপহৰণ কাণ্ডৰ পাছতে ব্যক্তিদ্বয়ৰ মুক্তিপণ হিচাবে প্ৰতিষ্ঠানটোৰ পৰা ২০ কোটি টকা দাবী কৰা বুলি এক নিৰ্ভৰযোগ্য সূত্ৰই প্ৰকাশ কৰিছিল৷ সূত্ৰ মতে, তৈল খননকাৰী প্ৰতিষ্ঠানটোৰ পৰা ইতিপূৰ্বে ১০ কোটি টকা দাবী কৰা হৈছিল যদিও দৰদাম চলি থকাৰ মাজতে ২১ ডিচেম্বৰত সংঘটিত হয় অপহৰণ কাণ্ড৷ ইয়াৰ পাছতে অপহৃত ব্যক্তিদ্বয়ৰ মুক্তিৰ বিনিময়ত ২০ কোটি টকা দাবী কৰা বুলি সূত্ৰত প্ৰকাশ৷ মুক্তিপণ দাবী কৰি কুইপ্প’ অইল এণ্ড গেছ ইন্ফ্ৰাষ্ট্ৰাক্ছাৰ লিমিটেডক অপহৰণকাৰীয়ে একাধিকবাৰ যোগাযোগ কৰাৰ লগতে মুক্তিপণ অনাদায়ে আলফাই [স্বাঃ] অৰুণাচলত থকা তৈলক্ষেত্ৰত আক্ৰমণ সংঘটিত কৰাৰ ভাবুকি দিয়াৰ পাছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় আৰু ইনাওত থকা ড্ৰিলিং ছাইটত কৰ্মৰত অৰ্ধশতাধিক কৰ্মচাৰীয়ে কৰ্মক্ষেত্ৰ এৰি আঁতৰি যায়৷ অপহৰণ কাণ্ডৰ এমাহৰ পাছত অপহৃত ব্যক্তিদ্বয়ে ভিডিঅ’যোগে তেওঁলোকৰ মুক্তিৰ বাবে পদক্ষেপ গ্ৰহণৰ কাতৰ আহ্বান জনাই বাৰ্তাও প্ৰেৰণ কৰিছিল৷ পৰৱৰ্তী পৰ্যায়ত আলফাই [স্বাঃ] ১৬ ফেব্ৰুৱাৰীত মুক্তিপণ আদায় দিয়াৰ অন্তিম সময়সীমা ধাৰ্য কৰি ইয়াৰ অন্যথা বিহাৰৰ ৰাম কুমাৰক হত্যাৰ ভাবুকি প্ৰদান কৰে৷ অন্তিম সময়সীমা উকলাৰ দুদিন পূৰ্বে দুই অপহৃত বিষয়াৰ পৰিয়াল আলফাৰ [স্বাঃ] মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ডিব্ৰুগড় জিলাৰ চাবুৱাৰ জেৰাই গাঁওস্থিত বাসগৃহত উপস্থিত হৈ অসমীয়া পৰম্পৰা অনুসৰি পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ বিমল বৰুৱাক তামোল-পাণৰ শৰাই আগবঢ়াই কুইপ্প’ৰ বিষয়াদ্বয়ৰ প্ৰাণভিক্ষা কৰিছিল৷ অৱশেষত দুদিন পূৰ্বে আলফাই [স্বা] এজন অপহৃত প্ৰণৱ কুমাৰ গগৈক মুকলি কৰি দিয়ে যদিও আনজন অপহৃত ৰাম কুমাৰ শুংসূত্ৰহীন হৈ থকাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ কিন্তু সোমবাৰে ৰাম কুমাৰক ম’ন জিলাৰ অজ্ঞাত স্থানত মুকলি কৰি দিয়া হয়৷ সম্প্ৰতি তেওঁ আছাম ৰাইফল্ছৰ জিম্মাত থকা বুলি প্ৰকাশ৷ সূত্ৰমতে ম’ন জিলাৰ টিজিট থানাত ইতিমধ্যে ৰাম কুমাৰক চম্জাই দিয়া হৈছে আৰু তেওঁক শীঘ্ৰে অসম আৰক্ষীৰ হাতত অৰ্পণ কৰা হ’ব৷
আজি পত্নীৰ সৈতে বিহাৰলৈ উভতিব ৰাম কুমাৰ
প্ৰায় তিনিমাহৰ পূৰ্বে অৰুণাচল প্ৰদেশৰ চাংলা জিলাৰ ড্ৰিলিং ছাইটৰ পৰা আলফাৰ [স্বাধীন] এটা সশস্ত্ৰ দলে আপহৰণ কৰি নিয়া কুইপ্প’ নামৰ প্ৰতিষ্ঠানটোৰ দ্বিতীয়জন বিষয়া বিহাৰৰ ৰাম কুমাৰক সোমবাৰে সংগঠনটোৰ সদস্যই নগালেণ্ডৰ মন জিলাৰ এক ভিতৰুৱা অঞ্চলত মুকলি কৰি দিয়ে৷ ইয়াৰ পাছতেই সমগ্ৰ ৰাজ্যখনত বিগত তিনিমাহৰো অধিক সময় বিৰাজ কৰা উৎকণ্ঠাৰ অন্ত পৰে৷ প্ৰাপ্ত তথ্য অনুসৰি সোমবাৰে পুৱতি নিশা নগালেণ্ডৰ ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী লংৱা বস্তিত ৰাম কুমাৰত আলফা স্বাধীনৰ সদস্যই মুকলি কৰি দিয়ে৷ এই খবৰ পোৱা মাত্ৰকে অসম ৰাইফলছৰ ৩৫ নং বেটেলিয়ানৰ এটা দলে ৰাম কুমাৰক উক্ত বস্তিৰ পৰা উদ্ধাৰ কৰি মন জিলাৰ টিজিত থানালৈ আনে৷ টিজিত থানাই অসম আৰক্ষীক বিষয়াজনক চমজায় দিয়ে৷ পাছত সোণাৰি আৰক্ষীয়ে বিষয়াজন সোণাৰিলৈ আনি স্বাস্থ্য পৰীক্ষা কৰায়৷ উল্লেখ্য যে, বিহাৰৰ ৰাম কুমাৰ আৰু শিৱসাগৰৰ প্ৰণৱ গগৈক বিগত বৰ্ষৰ ২১ডিচেম্বৰত অৰুণাচলৰ প্ৰদেশৰ চাংলা জিলাৰ দায়ুন আৰক্ষী থানাৰ অন্তৰ্গত ইনাওৰ খুম্চাইকা অঞ্চলৰ কৰ্মস্থলীৰ পৰাই এটি প্ৰায় ৭ জনীয়া সশস্ত্ৰ সদস্যই ৰাম কুমাৰৰ লগতে শিৱসাগৰ জিলাৰ প্ৰণৱ গগৈক অপহণ কৰিছিল৷ অপহৃত প্ৰণৱ কুমাৰক আলফা স্বাধীনে ২ এপ্ৰিলত অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তৰ অৰণ্যত মুলি কৰি দিয়াৰ বিপৰীতে ৰাম কুমাৰৰ মুক্তিৰ সন্দৰ্ভত অনিশ্চয়তাই দেখা দিছিল৷ চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষকে জানিবলৈ দিয়া মতে, সোমবাৰে নিশালৈ অইল ইণ্ডিয়াৰ অধীনস্থ কুইপ্প’ৰ বিষয়া ৰাম কুমাৰক অইল ইণ্ডিয়া কতৃৰ্পক্ষক চমজাই দিয়া হয়। আনহাতে, ৰাম কুমাৰৰ পত্নীৰ লগতে পৰিয়ালৰ সদস্য ইতিমধ্যে বিহাৰৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা হৈছে৷ সকলো ঠিকে-ঠাকে থাকিলে মঙলবাৰে পত্নী আৰু পৰিয়ালৰ সৈতে বিহাৰলৈ উভতি যাব সদ্যমুক্তিপ্ৰাপ্ত ৰাম কুমাৰ৷