Logo
image

সোণোৱাল কছাৰী সাহিত্য সভাৰ অধিৱেশনৰ সামৰণি

‘আমাৰ অসম’ৰ ধেমাজিৰ প্ৰতিনিধি, ৯ ফেব্ৰুৱাৰীঃ  অসমৰ অন্যতম ভূমিপুত্ৰ সোণোৱাল কছাৰীসকলৰ সাহিত্য সভাৰ দ্বিতীয় পূৰ্ণাংগ অধিৱেশনৰ আজি সামৰণি দিনা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়৷ সোণোৱাল কছাৰীসকলৰ ‘সোণোৱালী’ অৰ্থাৎ হালধীয়া আৰু সেউজীয়া পাৰি দিয়া গামোচাৰে সমগ্ৰ পৰিৱেশ প্ৰায় হালধীয়া হৈ পৰে৷ ধেমাজি নগৰৰ নিকটৱৰ্তী আমোলগুৰিৰ ‘ভোগালী সমন্বয়  ক্ষেত্ৰ’ত তিনিদিনীয়াকৈ অনুষ্ঠিত এই অধিৱেশনৰ দুটা দিনৰ সকলো কাৰ্যসূচী সফলভাৱে সামৰণি পৰাৰ পাছত আজি পুৱাৰ ১১ বজাত জীয়াধল-চেঙেলিপথাৰ সামৰি এক বিশাল শোভাযাত্ৰা উলিওৱা হয়৷ বিভিন্ন জাতি-জনগোষ্ঠীৰ অংশগ্ৰহণৰে উলিওৱা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে বিশিষ্ট অভিনেতা তথা ‘নেত্ৰকাই’খ্যাত অৰুণ হাজৰিকাই৷ এই শোভাযাত্ৰাত বিশিষ্ট শিল্পী জয়ন্ত সোণোৱালে বিশেষভাৱে অংশগ্ৰহণ কৰি সমবেত ৰাইজক উৎসাহিত কৰে৷ দুই হাজাৰৰো অধিক কছাৰী জনগোষ্ঠীৰ লোকে নিজৰ নিজৰ কৃষ্টি প্ৰদৰ্শন কৰাৰ উপৰি মিচিং, দেউৰী, গাৰো আদি সম্প্ৰদায় তথা জনগোষ্ঠীয় কৃষ্টি প্ৰদৰ্শন কৰি উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে৷ ইফালে বিয়লি ২ বজাৰপৰা সোণোৱাল কছাৰী সাহিত্য সভাৰ সভাপতি মোহন সোণোৱালৰ সঞ্চালনাত অনুষ্ঠিত সভাখনৰ আদৰণি ভাষণ আগবঢ়ায় অভ্যৰ্থনা সমিতিৰ সভাপতি টংকেশ্বৰ সোণোৱালে৷ সভাপতিৰ অভিভাষণ আগবঢ়াই সভাপতি মোহন সোণোৱালে৷ অধিৱেশন উপলক্ষে ড॰ নন্দিনী ডেকাৰ সম্পাদনাত প্ৰকাশ কৰা উলিওৱা ‘স্বৰ্ণৰেঘা’ নামৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰে নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড॰ অৰবিন্দ ৰাজখোৱাই৷ উন্মোচনী ভাষণত তেওঁ সোণোৱাল কছাৰী সাহিত্য সভাই জন্মলগ্নৰে পৰা নিজৰ ভাষা-সাহিত্য-সংস্কৃতি আৰু সমাজ তথা জাতিটোৰ উত্তৰণৰ হকে কাম কৰি অহাৰ কথা উল্লেখ কৰি সোণোৱাল কছাৰী সাহিত্য সভাৰ উত্তৰোত্তৰ কামনা কৰে৷ সভাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক ড॰ পল্লবী ডেকা বুজৰবৰুৱাই আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰি বহুমূলীয়া ভাষণ প্ৰদান কৰে৷ কুসুম সোণোৱাল আৰু উমেশ চন্দ্ৰ সোণোৱালে সম্পাদনা কৰা সোণোৱাল কছাৰী সাহিত্য সভাৰ মুখপত্ৰ ‘হালালী’ উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড॰ পৰমানন্দ সোণোৱালে৷ একেদৰে সভাত আন কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয়৷


সভাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁই, আটাছুৰ উপ-সভাপতি দুলাল বৰুৱা, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেবানন্দ চেলেং আৰু সম্পাদক পৰীক্ষিত সোণোৱাল, টিএমপিকেৰ সাধাৰণ সম্পাদক চান পাংগিং, ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতি অশ্বিনীকুমাৰ দুৱৰা, পশ্চিম ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ললিত দিহিঙীয়াকে মুখ্য কৰি ভালেসংখ্যক দলসংগঠনৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে৷ উল্লেখ্য যে অধিৱেশন উপলক্ষে সোণোৱাল কছাৰীসকলৰ সংস্কৃতিক প্ৰতিফলিত কৰা আটক ধুনীয়া তোৰণ, পতাকা উত্তোলন থলী, শ্বহীদ বেদীয়ে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে৷ সোণোৱাল কছাৰীসকলৰ সমাজ জীৱনৰ সৈতে সংপৃক্ত ভাষা-সাহিত্য-সংস্কৃতিৰ চৰ্চা আৰু সাধনাৰ গতিধাৰাক অধিক উন্নত, প্ৰাণৱন্ত আৰু সৃষ্টিশীল কৰাৰ প্ৰয়াসেৰে ২০১৭ চনৰ ১৩ মে’ত ডিব্ৰুগড়ত গঠিত হৈছিল সোণোৱাল কছাৰী সাহিত্য সভা৷ সোণোৱাল কছাৰী সাহিত্য সভাই জন্মলগ্নৰে পৰা সোণোৱাল কছাৰীৰ সমাজ, ভাষা-সাহিত্য-সংস্কৃতি আদি বিভিন্ন দিশত জাতিটোৰ উত্তৰণৰ বাবে কাম কৰি আহিছে৷

নতুন সমিতি গঠনঃ  সোণোৱাল কছাৰী সাহিত্য সভাৰ আগন্তুক দুটা বৰ্ষৰ বাবে অধিৱেশনৰ দ্বিতীয় দিনা অনুষ্ঠিত প্ৰতিনিধি সভাই প্ৰশান্ত কুমৰালক সভাপতি আৰু মৃদুল সোণোৱালক মুখ্য সম্পাদক হিচাপে নিৰ্বাচিত কৰে৷