Logo
image

ধ্বংসস্তুপত পৰিণত হোৱাৰ পথত মনহাৰ ঐতিহ্যমণ্ডিত হাতীউঠা পাহাৰ !

'আমাৰ অসম'ৰ মৰিগাঁৱৰ প্ৰতিবেদক, ১০ ফেব্ৰুৱাৰীঃ মৰিগাঁও জিলাৰ মনহাৰ বৃহত্তৰ অঞ্চলটোৰ সভ্যতা সংস্কৃতিৰ উত্থান-পতনৰ বহু ইতিহাসৰ সাক্ষী হৈ নিৰৱে থিয় হৈ থকা ঐতিহ্যমণ্ডিত হাতীউঠা পাহাৰটো শীঘ্ৰেই ধ্বংসস্তুপত পৰিণত হোৱাৰ উপক্ৰম হৈছে। এই অশুভ সংকেত লাভ কৰাৰ পাছতে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ আৱেগ আৰু হতাশাত ভাগি পৰাৰ সমান্তৰালকৈ প্ৰতিবাদ মুখৰ হৈ পৰা পৰিলক্ষিত হৈছে। এই সমস্ত ঘটনা পোহৰলৈ আহিছে অসম চৰকাৰৰ ভূ-তত্ত্ব আৰু খনন সঞ্চালকালয়ৰ পৰা প্ৰকাশিত এখন পত্ৰৰ পৰা। অসম চৰকাৰৰ ভূ-তত্ত্ব আৰু খনন সঞ্চালকালয়ৰ পৰা ১৭ আগষ্ট ২০২৪ তাৰিখে প্ৰকাশ পোৱা GM/ET/842/pt-I/1413 নং পত্ৰখন সম্প্ৰতি পোহৰলৈ অহাৰ পিছত ক্ষোভৰ উদগীৰণ হৈছে বৃহত্তৰ অঞ্চলটোত। প্ৰাপ্ত তথ্য মতে অসম চৰকাৰৰ ভূ-তত্ত্ব আৰু খনন সঞ্চালকালয়ে ক্ষেত্ৰ ভিত্তিক পৰীক্ষা কৰোতে উক্ত পাহাৰটোত গ্ৰেনাইট থকাৰ সম্ভেদ লাভ কৰিছিল। চালে চকুৰোৱা নৈসৰ্গিক দৃশ্যৰে মনোমোহা জিলাখনৰ জাগীৰোড সমষ্টিৰ অন্তৰ্গত মনহাৰ হাতীউঠা পাহাৰটোলৈ পৰৱৰ্তী সময়ত শেন চকু পৰে একাংশ বনিয়া গোষ্ঠীৰ। কেইদিন পূৰ্বে এজন লোক হাতীউঠা গাঁৱলৈ আহি নিজকে ভাস্কৰ শৰ্মা বুলি চিনাকি দি হাতীউঠা পাহাৰটো খনন কৰাৰ বাবে তেওঁ ঠিকা লাভ কৰিছে বুলি গাঁওবাসীৰ আগত সদৰি কৰে। ইয়াৰ পিছতে স্থানীয় লোকসকল একগোট হৈ লোকজনৰ কথাৰ প্ৰতিবাদ কৰি এই কথা মানি লোৱা নহ'ব বুলি অৱগত কৰে। লগতে এই পাহাৰটো কোনো কাৰণতে ধ্বংস কৰিবলৈ দিয়া নহ'ব বুলি স্পষ্ট কৰি দিয়ে। ইপিনে পাহাৰটো খনন কৰি গ্ৰেনাইট প্ৰস্তুত কৰাৰ বাবে কলকাতাৰ এটা প্ৰতিষ্ঠানে এপদ এপদকৈ যন্ত্ৰাংশ আনি আগবাঢ়ি অহা ঘটনাও পোহৰলৈ অহাত তীব্ৰ প্ৰতিবাদ মুখৰ হৈ পৰিছে অঞ্চলটোৰ জনসাধাৰণ। প্ৰধানতঃ ভকতগাঁৱৰ পৰা মায়ং হৈ গুৱাহাটী সংযোগী গড়কাপ্তানি পথটোত অৱস্থিত মনহাৰ হাতীউঠা পাহাৰৰ লগত জড়িত হৈ আছে বৃহত্তৰ অঞ্চলবাসীৰ আৱেগ আৰু অনুভূতি। গড়কাপ্তানি পথৰ পৰা নাতিদূৰৈত থকা মনপ্ৰাণ পুলকিত কৰা ত্ৰিভূজ আকৃতিৰ পাহাৰটো চকুত পৰাৰ লগে লগে বহুতে যান-বাহন ৰখাই ফটো তুলি সৌন্দৰ্য উপভোগ কৰে। পথচাৰী সকলৰ বাবে অতি আকৰ্ষণীয় এই পাহাৰটো এসময়ত গছ-গছনিৰে ভৰপূৰ হৈ আছিল। পূৰ্বতকৈ গছ-গছনি কিছু কমিছে যদিও ডাঙৰ ডাঙৰ শিলেৰে আবৰা পাহাৰটোৰ স্বকীয় সৌন্দৰ্য আজিও বৰ্তি আছে।


স্থানীয় লোকসকলে জানিবলৈ দিয়া মতে হাতীউঠা পাহাৰটোৰ চাৰিওফালে যুগ যুগ ধৰি জনজাতীয় লোকসকল বসবাস কৰি আহিছে। পাহাৰৰ নামনি অংশত সৰু বৰ বহুকেইটা জলাশয় থকাৰ লগতে বিস্তৃত অঞ্চলজুৰি আছে ধাননি পথাৰ। অঞ্চলটোৰ ৰাইজ বানৰ কবলত পৰিলে পাহাৰটোৱে হৈ পৰে শেষ ভৰষা। বান আহিলেই পাহাৰটোৰ দাঁতিকাষৰীয়া বঙালবড়ি, বড়িগাঁও, নোৱাগাঁও, বেলগুৰি, কঠালগুৰি, বিলিমাৰা,বৰমপুৰ আদি গাঁৱৰ লোকসকলে পাহাৰটোত আশ্ৰয় লয়। অঞ্চলটোৰ স্বাভিমানৰ প্ৰতীক এই হাতীউঠা পাহাৰতে বান দুৰ্যোগৰ সময়ত ওপৰত থকা বহল বহল ডাঙৰ শিলত ধান, কাপোৰ আদি ৰ'দত দি শুকাবলৈ দিয়ে। খৰিৰ নাটনিৰ দিনত পাহাৰৰ খৰি কাটি দুখৰ মাজতো সুখৰ এসাঁজ খায় অঞ্চলটোৰ বাসিন্দা সকলে। সমান্তৰালভাৱে বানপীড়িত কৃষিজীৱী লোকসকলৰ গৰু, ছাগলী, হাঁহ-কুকুৰা, জীৱজন্তু পাহাৰলৈ নি জীৱন ৰক্ষা কৰে। জনশ্ৰুতি অনুসৰি পাহাৰটো পূৰ্বে এটা হাতীৰ পৰা উৎপত্তি হোৱা বুলি‌ প্ৰবাদ আছে। বৰ্তমান এই পাহাৰটোত তিনিটাকৈ ইতিহাস প্ৰসিদ্ধ হিন্দু ধৰ্মৰ মন্দিৰ আৰু দুখনকৈ শ্মশান আছে‌। উল্লেখ্য যে অসম চৰকাৰে পাহাৰ অবৈধ খননৰ বিৰুদ্ধে কঠোৰ নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতো ইতিহাস বিজড়িত এই হাতীউঠা পাহাৰটো ধ্বংস কৰিবলৈ কেনেকৈ ব্লুপ্ৰিন্ট প্ৰস্তুত কৰিছে তাকে লৈ ব্যাপক ৰহস্য আৰু প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। ইতিমধ্যে পাহাৰ খননৰ বাবে কলকাতাৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠানে নিবিদা লাভ কৰা বুলি ওলোৱা বাতৰিত হতভম্ব হৈ পৰিছে সকলো। জনৈক শৰ্মা নামৰ এজন ব্যক্তিয়ে প্ৰতিষ্ঠানটোৰ হৈ নিবিদা লাভ কৰা বুলি গাঁওবাসীৰ আগত সদৰি কৰিছে। সেয়ে হাতীউঠা পাহাৰৰ দাতি কাষৰীয়া ৰাইজে স্বাভিমানৰ প্ৰতীক হাতী উঠা পাহাৰটো কোনো কাৰণতে ধ্বংস কৰিবলৈ নিদিয়ে বুলি মাৰ বান্ধি ওলাই আহিছে। প্ৰয়োজনত পাহাৰ ধ্বংস কৰা কাৰ্যৰ বিৰুদ্ধে স্থানীয় ৰাইজ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰিব বুলি হুংকাৰ দিছে। মনহাৰ হাতীউঠা অঞ্চলৰ ৰাইজে এই ইতিহাস প্ৰসিদ্ধ হাতীউঠা পাহাৰটো সুৰক্ষিত হৈ থকাটো বিচাৰি ইতিমধ্যে জিলা আয়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰিছে। পাহাৰ খননৰ নিবিদা বাতিল নহ'লে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ লগতে যিকোনো পৰিৱেশ পৰিস্থিতিৰ সাপেক্ষে পাহাৰ খনন প্ৰতিৰোধ কৰিব বুলি মন্তব্য কৰিছে। স্থানীয় লোকে কয়, আমি সহজ সৰল মানুহ, জনজাতি অধ্যুষিত আমাৰ অঞ্চল। আমি পূজা পাৰ্বনত বিশ্বাসী। পাহাৰত পূজা কৰোঁ। সেয়ে আমাক শান্তিৰে জীয়াই থাকিবলৈ দিয়ক। চৰকাৰলৈ আমাৰ আহ্বান যে কংক্ৰিট শব্দৰ পৰা আমাক আঁতৰাই ৰাখি প্ৰকৃতি আৰু চৰাই চিৰিকতি, সেউজীয়া পৰিৱেশৰ মাজত জীয়াই থাকিবলৈ দিয়ক।