
HS আৰু HSLC পৰীক্ষাৰ ক্ষেত্ৰত কামৰূপ জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা ধোঁৱাচাঙত
'আমাৰ অসম'ৰ বকোৰ প্ৰতিবেদক, ১০ ফেব্ৰুৱাৰীঃ আগন্তুক উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগা ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়নৰ এক সুস্থ পৰিৱেশ সৃষ্টিৰ সম্পৰ্কত কামৰূপ জিলা প্ৰশাসন তথা জিলা দণ্ডাধীশে জাৰি কৰা নিৰ্দেশনা সম্প্ৰতি বকো আৰু ছয়গাঁৱ সমষ্টিৰ একাংশ অঞ্চলত ধোঁৱাচাঙত উঠিছে ৷ উল্লেখ্য, কামৰূপ জিলা দণ্ডাধীশ দেৱ কুমাৰ মিশ্ৰই উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত জিলাখনত লাউড স্পীকাৰ, ডিজে, মাইক আদিৰ ব্যৱহাৰত যোৱা পহিলা ফেব্ৰুৱাৰীৰ পৰা নিষেধাজ্ঞা জাৰি কৰি ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ নং ধাৰা প্ৰয়োগ কৰিছে ৷ এই ধাৰাৰ অধীনত প্ৰদত্ত ক্ষমতা প্ৰয়োগৰে সমগ্ৰ জিলাখনত প্ৰযোজ্য হোৱাকৈ অনুমতিবিহীনভাৱে লাউড স্পীকাৰ, ডিজে, মাইক আদিৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। বিশেষকৈ নিশাৰ ভাগত সমগ্ৰ জিলাতে বিভিন্ন কাৰ্যসূচী তথা অনুষ্ঠানৰ নামত লাউড স্পীকাৰ, ডিজে, মাইক আদিকে ধৰি উচ্চস্বৰৰ যন্ত্ৰৰ দ্বাৰা শব্দ প্ৰদূষণৰ সৃষ্টি কৰি ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নত যাতে ব্যাঘাত জন্মোৱা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে যদিও বকো আৰু ছমৰীয়া সমষ্টিৰ সংখ্যালঘু এলেকাত জিলা দণ্ডাধীশৰ এই নিষেধাজ্ঞা ভেঁকো-ভাওনাত পৰিণত হৈছে।
বিশেষকৈ সমষ্টি দুখনৰ ছমৰীয়া আৰু গৰৈমাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ এলেকাধীন সংখ্যালঘু বসতিপ্ৰধান অঞ্চলসমূহত এচাম কাণ্ডজ্ঞানহীন লোকে জিলা দণ্ডাধীশে জাৰি কৰা ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ নং ধাৰা ভংগ কৰি নিৰ্বিঘ্নে ব্যক্তিগত ও ৰাজহুৱা অনুষ্ঠানৰ নামত দিনে-নিশাই উচ্চস্বৰত লাউড স্পীকাৰ, ডিজে, মাইক বজাই থকা পৰিলক্ষিত হৈছে ৷ নানা সভা-সমিতিৰ লগতে ৰাজপথৰ মাজেৰেও ব্যৱহাৰ কৰি আহিছে উচ্চস্বৰৰ যন্ত্ৰাংশ ৷ যাৰ পৰিপ্ৰেক্ষিতত উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী সকলৰ পঢ়া-শুনাত বাৰুকৈয়ে ব্যাঘাত জন্মাৰ লগতে নিদ্ৰাহৰণ কৰিছে শান্তিপ্ৰিয় সাধাৰণ ৰাইজৰো ৷ ইমানৰ পাছতো বৃহত্তৰ অঞ্চলটোত গিজগিজাই থকা ছাত্ৰ সংগঠনকে ধৰি বিভিন্ন দল-সংগঠন নীৰৱ হৈ থকা পৰিলক্ষিত হৈছে ৷ এনে পৰিস্থিতিত পৰীক্ষাৰ্থী সকলৰ পঢ়া-শুনাৰ লগতে শান্তিপ্ৰিয় ৰাইজৰ বাবে এক সুস্থ পৰিৱেশ সৃষ্টিৰ স্বাৰ্থত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ নং ধাৰা প্ৰয়োগৰ ক্ষেত্ৰত প্ৰশাসনক অধিক কঠোৰ পদক্ষেপ গ্ৰহণৰ দাবী জনাইছে সচেতন মহলে ৷ ইয়াৰোপৰি সমাগত উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে প্ৰশাসনে তাৎক্ষণিকভাৱে বলৱৎ কৰা নিষেধাজ্ঞা পৰীক্ষা শেষ নোহোৱালৈকে বাহাল ৰখাৰো দাবী উত্থাপন কৰিছে।