
পুঁজিপতি গোষ্ঠীলৈ হস্তান্তৰ হ'ব অসমৰ থলুৱা গাহৰিৰ বজাৰ
'আমাৰ অসম'ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ১০ ফেব্ৰুৱাৰীঃ পুঁজিপতি গোষ্ঠীক অসমৰ থলুৱা গাহৰিৰ বজাৰ গতোৱাৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে। অসমত অনুষ্ঠিত হ'বলগীয়া এডভান্টেজ আসামৰ নামত চি পি গ্ৰুপ নামৰ পুঁজিপতি কোম্পানীটোক গাহৰিৰ থলুৱা ব্যৱসায় হস্তান্তৰ কৰিব খোজা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে লোৱা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিছে ডিব্ৰুগড় জিলা গাহৰি পালক সন্থা। সোমবাৰে ডিব্ৰুগড় মহানগৰৰ চৌকডিঙ্গিত ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ডিব্ৰুগড় জিলা গাহৰি পালক সন্থাৰ সভাপতি পৰাগ বৰুৱা, সাধাৰণ সম্পাদক দুলেশ্বৰ গগৈৰ নেতৃত্বত ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীত এডভান্টেজ আসামৰ নামত ৰাজ্য চৰকাৰে গাহৰি বজাৰখন বিদেশী কোম্পানীক সম্পূৰ্ণৰূপে গতোৱাৰ বাবে কাম-কাজ আৰম্ভ কৰি তোলা বুলি অভিযোগ উত্থাপন কৰিছে। প্ৰতিবাদকাৰীসকলে পুঁজিপতি গোষ্ঠী চি পি গ্ৰুপক গাহৰিৰ বজাৰ গতাই দিবলৈ লোৱা সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰিছে।
অন্যহাতে প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ৰাজ্য চৰকাৰৰ পশুপালন বিভাগ আৰু এন আৰ চি পি ৰাণীৰ মৃত্যু ঘোষণাৰে এক প্ৰতিকী শোকসভা অনুষ্ঠিত কৰে। প্ৰতিবাদকাৰীসকলে কয় যে, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জাতি-জনগোষ্ঠী সমূহৰ মাজত অতীজৰে পৰা খাদ্যাভ্যাস তথা সামাজিক-ধর্মীয়ভাৱে গাহৰি মাংসৰ প্ৰচলন হৈ আহিছে। এই বহুল প্রচলনৰ বাবে এই অঞ্চলত গাহৰি মাংসৰ ব্যাপক চাহিদা সৃষ্টি কৰাৰ ফলত এক বজাৰ ব্যৱস্থা চলি আছে। সময়ৰ গতিৰ লগে লগে আধুনিক উপায়েৰে গাহৰি পালনৰ প্ৰসাৰ হৈছে আৰু আধুনিক ফার্ম সমূহ গঢ় লৈ উঠিছে। বহু শিক্ষিত যুৱক-যুৱতীয়ে গাহৰি পালনেৰে স্বাৱলম্বী হৈ পৰাৰ লগে লগে বহুসংখ্যক পালকে গাহৰি ফার্ম বিলাকত বহু যুৱকক সংস্থাপনৰ বাটো মুকলাই দিছে। শিক্ষিত যুৱক-যুৱতী সকলে চৰকাৰৰ ওপৰত বোজাৰ সৃষ্টি নকৰাকৈ নিজাকৈ যি সংস্থাপনৰ বাট মুকলি কৰিছে তাৰ প্ৰতি চৰকাৰে অধিক গুৰুত্ব দি এই উদ্যোগটোক অধিক টনকীয়াল কৰাৰহে প্ৰয়োজনীয়তা আছিল। আনহাতে গাহৰি পালকসকলে ঘৰুৱা বজাৰসমূহত চাহিদা পূৰণ কৰাৰ উপৰিও চুবুৰীয়া ৰাজ্যসমূহলৈ উৎপাদিত গাহৰি ৰপ্তানী কৰি থকা হৈছে। সেই ৰপ্তানী ব্যৱস্থাৰ বাবে গাহৰি পালকসকল আর্থিকভাৱে টনকীয়াল হোৱাৰ উপৰিও অসমীয়া হিচাবে গৌৰৱান্বিত বুলি উল্লেখ কৰিছে। আনহাতে ৰাজ্য চৰকাৰে গাহৰি উৎপাদনৰ ক্ষেত্রখন বিদেশী চি পি গ্রুপক গতোৱাৰ পৰা বিৰত থাকি অসমীয়াৰ মান ৰাখিবলৈ আহ্বান জনাই ডিব্ৰুগড় জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।