Logo
image

ৰাষ্ট্ৰপতি মুৰ্মুৰ কুম্ভস্নান, যান-জঁটত শ্বাসৰুদ্ধ প্ৰয়াগৰাজ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১০ ফেব্ৰুৱাৰীঃ  প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পাছত এইবাৰ দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও মহাকুম্ভমেলাত প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত বুৰ মাৰি পুণ্যস্নান কৰিলে৷ সোমবাৰে হিন্দু ধৰ্মৰ মন্ত্ৰোচ্ছাৰণৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে পবিত্ৰ গংগা, যমুনা আৰু  অন্তঃসলিলা সৰস্বতীৰ সংগমত পুণ্যস্নান সম্পন্ন কৰে৷ স্নানৰ পূৰ্বে তেওঁ সংগমত ফুল, নাৰিকল প্ৰদান কৰি সূৰ্যদেৱতাৰ আৰাধনা কৰে৷ পুণ্যস্নানৰ সময়ত তেওঁ বৈদিক মন্ত্ৰৰে মহাকুম্ভমেলাত পূজাও দিয়ে৷ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক পুণ্যস্নানৰ সময়ত সংগ প্ৰদান কৰে উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে৷


ইপিনে মহাকুম্ভমেলাত স্নান কৰিবলৈ যোৱা পুণ্যাৰ্থীৰ গাড়ীৰ সংখ্যাধিক্যই প্ৰয়াগৰাজৰ পথত ৩০০ কিলোমিটাৰ দীঘল যানজঁটৰ সৃষ্টি কৰিছে৷ অনেকেই এয়া বিশ্বৰ দীৰ্ঘতম যানজঁট বুলি অভিহিত কৰিছে৷ এই সৰ্ববৃহৎ যান-জঁটটো হৈছে মধ্যপ্ৰদেশৰ দিশৰ পৰা৷ প্ৰকৃততে ৰে’লৰ আসন নোহোৱাত আৰু বিমান ভাৰা ৫০-৬০ হাজাৰ হোৱাত দূৰ-দূৰণিৰ পৰা ভক্তই প্ৰয়াগৰাজলৈ আহিবলৈ গাড়ীৰ যাত্ৰাকে বিকল্প কৰি লৈছে৷ ১২ ফেব্ৰুৱাৰীত মাঘী পূৰ্ণিমা আৰু সেই পবিত্ৰ দিনটোত কুম্ভস্নান কৰিবলৈ দেশৰ সকলো প্ৰান্তৰ পৰা লাখ লাখ পুণ্যাৰ্থী প্ৰয়াগৰাজমুখী হৈছে৷ তাৰ ফলত হৈছে এই ভয়ংকৰ যানজঁট৷