Logo
image

দিল্লীতো চলিল ‘মামা মেজিক’

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ ফেব্ৰুৱাৰীঃ  ৪৮ খন আসন দখল কৰি দিল্লী বিধানসভা নিৰ্বাচনত সংখ্যাগৰিষ্ঠ হ’ল বি জে পি৷ মূলতঃ বিৰোধীৰ ভোট বিভাজনৰ বাবে দিল্লীত জনাদেশ গ’ল বিজেপিলৈ৷ ফলাফল ঘোষণাৰ পাছতে আৰম্ভ হৈছে দিল্লী নিৰ্বাচনক লৈ ‘কৃতিত্ব’ লোৱাৰ প্ৰতিযোগিতাৰ জোৱাৰ৷ এই জয়ৰ বাবে মামাক অৰ্থাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৃতিত্ব দি মুখ্যমন্ত্ৰী শৰ্মাৰ গুড বুকত অন্তৰ্ভুক্ত হোৱাৰ অঘোষিত প্ৰতিযোগিতা৷ দিল্লী বিধানসভা নিৰ্বাচনত  বিজেপিৰ চমকপ্ৰদ সাফল্যৰ কৃতিত্ব মামা অৰ্থাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বুলি দাবী কৰিছে মন্ত্ৰী পীয়ূষ হাজৰিকাই৷ তেওঁ কয়– ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰিধি অতিক্ৰম কৰি যমুনাৰ পাৰতো মামা মেজিক অব্যাহত আছে৷ দিল্লীৰ বিধানসভা নিৰ্বাচনত অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ চলোৱা সমষ্টিসমূহৰ ভিতৰত প্তটা সমষ্টিত ভাৰতীয় জনতা পাট¹ বিজয়ী হৈছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ এগৰাকী মুখ্যমন্ত্ৰীয়ে দিল্লীৰ দৰে এখন গুৰুত্বপূৰ্ণ ৰাজ্যৰ নিৰ্বাচনত প্ৰভাৱ বিস্তাৰেৰে জনতাৰ সঁহাৰি লাভ কৰাটো আমাৰ বাবে গৌৰৱৰ কথা৷ এনে এগৰাকী জননেতাৰ নেতৃত্বত কাম কৰিবলৈ পোৱাটো আমাৰ বাবে সৌভাগ্যৰ বিষয়৷ দিল্লী বিধানসভা নিৰ্বাচনৰ কৃতিত্ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অৰ্পণ কৰি প্ৰাক্তন সাংসদ শান্তিয়াচ কুজুৰে কয়– দেশৰ ৰাজধানী দিল্লীতো বিজেপিৰ সাফল্যৰ মূলতে মামা মেজিক৷


দিল্লীৰ বিধানসভা নিৰ্বাচনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ চলোৱা সমষ্টিসমূহৰ ভিতৰত প্তটা সমষ্টিত ভাৰতীয় জনতা পাৰ্টী বিজয়ী হৈছে৷ আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে দিল্লীৰ দৰে এখন গুৰুত্বপূৰ্ণ ৰাজ্যৰ নিৰ্বাচনত প্ৰভাৱ বিস্তাৰেৰে জনতাৰ সহাঁৰি লাভ কৰাটো আমাৰ বাবে গৌৰৱৰ বিষয়৷ উল্লেখ্য দিল্লী বিধানসভা নিৰ্বাচনত বিজেপি বিৰোধী দলসমূহৰ মাজত সমন্বয়হীনতাৰ বাবেই যে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে বিজেপিয়ে সেই কথা স্পষ্ট৷ ১৪টা বিধানসভা সমষ্টিত ইণ্ডিয়া মিত্ৰজোঁটৰ অংশীদাৰী দল আপ আৰু কংগ্ৰেছৰ মাজত আসন বুজাবুজি নোহোৱা বাবে সমষ্টিকেইটা বিজেপিৰ হাতলৈ গৈছে৷