
২৬ৰ মাৰ্চতহে ক্ষান্ত হ’ব অমিত শ্বাহৰ মাওবাদী নিধন অভিযান
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১০ ফেব্ৰুৱাৰীঃ ২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত ভাৰতবৰ্ষ মাওবাদী মুক্ত দেশ হ’ব৷ এই প্ৰতিজ্ঞা দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ৷ দেওবাৰে ছত্তীশগড়ৰ বিজাপুৰৰ পদ্মাৱতী ৰাষ্ট্ৰীয় উদ্যানত নিৰাপত্তা বাহিনীয়ে ৩১ মাওবাদী বিদ্ৰোহীক নিধন কৰাৰ পাছত গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁৰ সংকল্পৰ কথা প্ৰকাশ কৰে৷ ‘মই পুনৰ দোহাৰো যে, ২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত আমি দেশৰ সকলো নক্সালক খতম কৰিম,’–এক্স হেণ্ডলত গৃহমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ লক্ষ্য সন্দৰ্ভত এনেদৰে মন্তব্য কৰে৷ তেওঁ কয় যে, দেশৰ জনতাই যাতে মাওবাদীৰ হাতত প্ৰাণ হেৰুৱাব নালাগে সেয়া কেন্দ্ৰ চৰকাৰে নিশ্চিত কৰাৰ সংকল্প লৈছে৷ গৃহমন্ত্ৰীৰ দাবী,সেই সংকল্প পূৰণৰ দিশত দেওবাৰে বিজাপুৰত ৩১ মাওবাদীক নিধন কৰাটো বৃহৎ সাফল্য৷
চলিত বছৰৰ প্ৰথম ৪০ দিনত মুঠতে ৮১ মাও বিদ্ৰোহীক নিধন কৰা বুলি দাবী কৰিছে অমিত শ্বাহে৷ আনহাতে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেউ ছায়ে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবল নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশত তেওঁৰ ৰাজ্য ২০২৬ ৰ ৩১ মাৰ্চৰ ভিতৰত মাওবাদী মুক্ত হ’ব৷