
গুৱাহাটীত অভিষেকক জামিন, ৰণবীৰসহ ৫ ইউটিউবাৰক বিচাৰি মুম্বাইলৈ ক্ৰাইম ব্ৰাঞ্চ
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১১ ফেব্ৰুৱাৰীঃ ছ’চিয়েল মিডিয়াৰ তথাকথিত ইনফ্লুৱেঞ্চাৰ বিৰুদ্ধে অধিক কঠোৰ হৈ পৰিছে স্মাৰ্ট অসম আৰক্ষী৷ অসমৰ যুৱতী তথা মায়ঙৰ যাদু-মন্ত্ৰক লৈ আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত দুদিন ধৰি অসম আৰক্ষীৰ চি আই ডিৰ জেৰাৰ সন্মুখীন হ’ল ইউটিউবাৰ অভিষেক কৰ৷ অৱশ্যে অভিষেক কৰৰ বিৰুদ্ধে চি আই ডিয়ে ১/২০২৫ নম্বৰত গোচৰ ৰুজু কৰি দুদিন ধৰি জেৰা কৰিলেও অৱশেষত মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিবলৈ সক্ষম হয় মুম্বাই নিবাসী ইনফ্লুৱেঞ্চাৰজনে৷ ইফালে, ‘ইণ্ডিয়াজ গট লেটেণ্ট’ নামৰ এটা অনলাইন শ্ব’ত অশ্লীল বাৰ্তালাপ কৰা দেশৰ ৫ জনপ্ৰিয় ইউটিউবাৰক গ্ৰেপ্তাৰৰ বাবে মুম্বাইত উপস্থিত হৈছে গুৱাহাটীৰ আৰক্ষীৰ ক্ৰাইম ব্ৰান্স৷ ষ্টেণ্ডআপ কমেডিয়ান সময় ৰাঈনাৰ অন্যতম জনপ্ৰিয় ৰিয়েলিটী শ্ব’ ‘ইণ্ডিয়াজ গট লেটেণ্ট’ৰ শেহতীয়া এটা খণ্ডত প্ৰখ্যাত ইউটিউবাৰ ৰণবীৰ এলাহাবাদিয়া, সময় ৰাঈনা, অপূৰ্বা মুখিজা, আশীষ চঞ্চলানী আৰু যশপ্ৰীত সিঙে ধেমালিৰ নামত যৌন সম্পৰ্কৰ অশালীন বাৰ্তালাপত লিপ্ত হোৱাক লৈ মুখমন্ত্ৰীৰ নিৰ্দেশত গুৱাহাটী আৰক্ষীয়ে ইউটিউবাৰ তথা ইনফ্লুৱেঞ্চাৰ কেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল৷ মহানগৰীৰ নয়নপুৰৰ এজন ব্যক্তিয়ে দাখিল কৰাৰ এজাহাৰৰ ভিত্তিত মুখ্যমন্ত্ৰীৰ অনুমোদন লৈ ক্ৰাইম ব্ৰান্সে চাইবাৰ থানাত ভাৰতীয় ন্যায় সংহিতা, আই টি এক্ট, চিনেমাট’গ্ৰাফী আইন আৰু আই আৰ ডব্লিউ পি আইনৰ ধাৰাত ৩/২০২৫ নম্বৰত সোমবাৰে আটাইকেইজন ইউটিউবাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে৷ অৱশ্যে ইউটিউবাৰ কেইজনৰ অশ্লীল বাৰ্তালাপত অসমৰ প্ৰসংগত কোনো কথা কোৱা নাছিল যদিও মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গুৱাহাটী আৰক্ষীৰ ক্ৰাইম ব্ৰান্সে গোচৰ ৰুজু কৰি তাৎক্ষণিকভাৱে মুম্বাইত অভিযুক্তকেইজনক বিচাৰি অভিযান আৰম্ভ কৰিছে৷ আনকি ইউটিউবাৰকেইজনৰ বিৰুদ্ধে অসম আৰক্ষীয়ে গোচৰ ৰুজু কৰাৰ কথা সামাজিক মাধ্যমযোগেও ৰাজহুৱা কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই৷
জনপ্ৰিয় ইউটিউবাৰকেইজনক গ্ৰেপ্তাৰৰ বাবে স্মাৰ্ট গুৱাহাটী আৰক্ষীয়ে গ্ৰহণ কৰা এই ‘বিশেষ তৎপৰতা’ক লৈ দেশজুৰি চৰ্চা তথা সংবাদ শিৰোনাম দখল কৰিছে৷ লক্ষণীয়ভাৱে, গুৱাহাটী আৰক্ষীয়ে ইউটিউবাৰকেইজনক বিচাৰি মুম্বাইত উপস্থিত হ’লেও মুম্বাই আৰক্ষীয়ো ইতিমধ্যে পাঁচোজন ইনফ্লুৱেঞ্চাৰৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিছে৷ আনকি মুম্বাই আৰক্ষীয়ে মঙলবাৰে জনপ্ৰিয় ইউটিউবাৰ ৰণবীৰ এলাহাবাদিয়া আৰু কৌতুক অভিনেতা সময় ৰাঈনালৈ থানাত হাজিৰ হোৱাৰ বাবে চমন জাৰি কৰে৷ অশ্লীল বাৰ্তালাপৰ শ্ব’টোক লৈ ইতিমধ্যে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ লগতে ৰাষ্ট্ৰীয় মহিলা আয়োগেও গোচৰ ৰুজু কৰিছে৷ অৱশ্যে ইউটিউবাৰকেইজনক বিচাৰি গুৱাহাটী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ শীৰ্ষ বিষয়াৰ এটা দলে মুম্বাইলৈ ৰাওনা হ’লেও এই অভিযান কিমান সফল হ’ব সেয়া সময়েহে ক’ব৷ কিয়নো একেটা অভিযোগত মুম্বাই আৰক্ষীয়ে গোচৰ ৰুজু কৰাত অভিযুক্তকেইজনক কৰায়ত্ত কৰিলেও মুম্বাই আৰক্ষীয়ে গুৱাহাটী আৰক্ষীক যে গতাই দিব তাৰ সম্ভাৱনা ক্ষীণ৷ যদি এনে হয়, অভিযুক্তকেইজনক গুৱাহাটীত হাজিৰ হোৱাৰ বাবে জাননী জাৰি কৰি শেনটো হৈ গৈ ফেঁচাটো হৈ উভটি আহিব লাগিব গুৱাহাটী আৰক্ষীৰ দলটোৱে৷ ইফালে, ইউটিউবাৰকেইজনৰ এই কাণ্ডক লৈ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত ভাৰতীয় ইনফলুৱেঞ্চাৰ এছ’চিয়েশ্বনৰ সম্পাদক নীলকান্ত বক্সীয়ে ৰিয়েলিটী কমেডী শ্ব’টোত ইউটিউবাৰ আৰু প’ডকাষ্টাৰ ৰণবীৰ এলাহবাদিয়াই কৰা মন্তব্যক ‘ঘৃণনীয়ভাৱে অশ্লীল’ আৰু ‘যিকোনো ধৰণৰ শালীনতাৰ বাহিৰত’ বুলি অভিহিত কৰিছে৷ ৰণবীৰ এলাহবাদিয়াক কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজহাতে দেশৰ প্ৰভাৱশালী ইনফ্লুয়েন্সাৰৰ বঁটা প্ৰদান কৰিছিল৷ ‘ইণ্ডিয়াজ গট লেটেণ্ট’ শ্ব’টোত আপত্তিজনক মন্তব্যৰ বাবে ব্যাপক সমালোচনাৰ সন্মুখীন হোৱাৰ পাছত ৰণবীৰ এলাহবাদিয়াই তেওঁৰ মন্তব্যৰ বাবে ক্ষমা বিচাৰিবলৈ বাধ্য হৈছে৷ ইউটিউবাৰজনে নিজৰ মন্তব্যক অনুপযুক্ত আৰু সংবেদনহীন বুলি অভিহিত কৰি ‘এক্স’ একাউণ্টত এক মিনিটৰ ভিডিঅ’ শ্বেয়াৰ কৰি শ্ব’টোত কৰা মন্তব্যৰ বাবে ক্ষমা বিচাৰিছে৷ তেওঁ লিখিছে– ‘‘ইণ্ডিয়াজ গট লেটেণ্ট’ত মই কোৱা কথাখিনি ক’ব নালাগিছিল৷ ইয়াৰ বাবে মই দুঃখিত৷’