Logo
image

‘এপিএছচি তদন্তৰ নাটকত চিত্ৰনাট্য মুখ্যমন্ত্ৰীৰ’

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১২ ফেব্ৰুৱাৰীঃ  ‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চিত্ৰনাট্য মতেই এপিএছচি কেলেংকাৰিৰ অভিযুক্ত ঠগ-প্ৰৱঞ্চনাৰে বাচনিভুক্ত বিষয়াৰ পুনৰ চাকৰি ঘূৰাই পোৱাৰ পথ প্ৰশস্ত হ’ল৷ এপিএছচিৰ নিযুক্তি কেলেংকাৰিৰ তদন্তৰ নামত এখন নাটক কৰি সচেতন ৰাইজৰ লগতে ন্যায়ালয়কো আভুৱা ভাৰিলে হিমন্ত বিশ্ব শৰ্মাৰ  চৰকাৰে৷ মাহে মাহে ঋণ লৈ চৰকাৰ চলোৱাৰ পাছতো ৰাজকোষৰ ধনেৰে অভিযুক্ত বিষয়াক পোহপাল দি ৰখাৰ আঁৰৰ কাৰণ কি মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰক? চৰকাৰৰ চূড়ান্ত সোপাঢিলা আৰু পক্ষপাতমূলক নীতিৰ বাবে এপিএছচি কেলেংকাৰিৰ অভিযুক্ত নিলম্বিত বিষয়াই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জৰিয়তে চাকৰি ঘূৰাই পোৱাৰ বাট মুকলি হোৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি প্ৰশ্ন কৰিছে ফাইট এগেইনষ্ট ইনজাষ্টিচ অৱ এপিএছচি নামৰ সংগঠনটোৱে৷ বুধবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এখন সংবাদ মেল সম্বোধন কৰি ফাইট এগেইনষ্ট ইনজাষ্টিচ অৱ এপিএছচিৰ প্ৰশাসক মানস প্ৰতীম বৰুৱাই কয়– ‘অসম চৰকাৰৰ আভুৱাভৰা নীতিৰ বাবেই বক্ৰপথেৰে বাছনি লাভ কৰা এপিএছচি কেলেংকাৰিৰ অভিযুক্ত বিষয়াই চাকৰি ঘূৰাই পোৱাৰ বাট নিশ্চিত হ’ল৷ আশ্চৰ্যজনক বিষয় এয়াই যে, দুৰ্নীতি আৰু স্বচ্ছ  নিযুক্তিৰ ক্ষেত্ৰত শূন্য সহনশীল নীতিৰ বচন আওঁৰোৱা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এপিএছচিৰ দুই নম্বৰী বিষয়া সাপেক্ষে লাজ-মান কাটি কৰি নিল্লৰ্জতাৰ শিখৰত থিয় হ’ল৷ সম্পূৰ্ণ পৰিকল্পিতভাৱে ন্যায়িক আয়োগে প্ৰতিবেদন দাখিলৰ পৰা অভিযুক্তক সুৰক্ষা দিয়াৰ বাবে সকলো ব্যৱস্থাই গ্ৰহণ কৰিলে হিমন্ত বিশ্বৰ চৰকাৰে৷ সেইবাবে আমি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰক হিয়াভৰা অভিনন্দন জনালোঁ৷ কিয়নো বিগত তিনি-চাৰি বছৰে এইখন চৰকাৰে এপিএছচি কেলেংকাৰিৰ তদন্তৰ নামত যি এখন নাটক বা ভাওনা মঞ্চস্থ কৰি আহিছে সেই নাটকৰ আঁৰৰ ৰহস্য এতিয়া সম্পূৰ্ণ ফাদিল হৈ পৰিছে৷ য’ত চৰকাৰৰ চূড়ান্ত সোপাঢিলা, পক্ষপাতমূলক আৰু আভুৱাভৰা নীতিৰ বাবেই সমগ্ৰ দেশ কঁপাই যোৱা এপিএছচি কেলেংকাৰিৰ অভিযুক্ত একাংশ ঠগ প্ৰৱঞ্চক ৰাজপত্ৰিত বিষয়াৰ নিলম্বন আৰু বিভাগীয় তদন্তত ন্যায়ালয়ে স্থগিতাদেশ দিলে৷ কংগ্ৰেছৰ আমোলৰ কেলেংকাৰিৰ অভিযুক্তৰ প্ৰতি আৰম্ভণিৰ পৰা শৰ্মা চৰকাৰৰ দৰদ আৰু আনকি লাজ মান কাটি কৰি হ’লেও একাংশক সুৰক্ষা দিবলৈ অহৰহ কৰি অহা চেষ্টাৰ বাবেও আমি শৰ্মা চৰকাৰক শুভেচ্ছা জনাইছো৷ যি চৰকাৰে পূৰ্বৰ চৰকাৰৰ দিনৰ নিযুক্তি কেলেংকাৰিক এইদৰে সুৰক্ষা দি আহিছে, সেই চৰকাৰে সঁচাকৈয়ে নিকা নিযুক্তি অনুষ্ঠিত কৰিছে৷ আমি শৰ্মা চৰকাৰক এই বাবেও অভিনন্দন জনাও ন্যায়ালয়ৰ হস্তক্ষেপত গঠন হোৱা আৰু এজন প্ৰাক্তন ন্যায়াধীশে তদন্ত কৰি জমা দিয়া বিয়াগোম এপিএছচি কেলেংকাৰিৰ প্ৰতিবেদন বিগত ২ বছৰ ৯ মাহেও তদন্ত আয়োগ অধিনিয়ম ১৯৫২ অনুসৰি বিধান সভাত উত্থাপন কৰাৰ বা ৰাজহুৱা কৰাৰ সৎ সাহস নহ’ল৷ অথচ মুখ্য সচিব, ডিজিপি আনকি অতিৰিক্ত মহাধিবক্তাৰ কমিটীয়ে ন্যায়িক আয়োগৰ প্ৰতিবেদন পৰীক্ষা কৰি থকা সময়ত আয়োগে দোষী-সাব্যস্ত কৰা এচাম ঠগ প্ৰৱঞ্চক এছিএছ-এপিএছ বিষয়াক অতিৰিক্ত উপায়ুক্ত আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকলৈ পদোন্নতি দিলে৷ একাংশ মুন্নাভাই বিষয়াই আনকি মুখ্যমন্ত্ৰীৰ বিশেষ মেডেলো পালে৷ এইদৰে এইখন চৰকাৰে গোটেই গণতান্ত্ৰিক ব্যৱস্থাটোকেই অংগুষ্ঠ প্ৰদৰ্শন কৰি আহিছে৷ এছ এছ টিয়ে  নিৰীক্ষণ কৰি থকা এই কেলেংকাৰিৰ তদন্তক নতুন নাম দি এছ আই টিক দিয়া, অতিৰিক্ত মুখ্য সচিব সুভাষ দাসৰ তদন্ত ব্যৰ্থ হোৱা বাবেই আদালেতে ন্যায়িক আয়োগ গঠন কৰিলে অথচ ন্যায়িক আয়োগৰ প্ৰতিবেদন আকৌ মুখ্য সচিবৰ সমিটিক পৰীক্ষা কৰিব দিয়া আদি কাৰ্যৰে গোটেই প্ৰক্ৰিয়াটোক পলম কৰাৰ যি কৌশল ৰচিলে, তাৰ বাবেও চৰকাৰক অভিনন্দন জনালোঁ৷


শেহতীয়াকৈ প্ৰায় ১৭ জন পাল সেনাৰ বিষয়াৰ নিলম্বন আৰু বিভাগীয় তদন্তত গুৱাহাটী উচ্চ ন্যায়ালয়ে স্থগিতাদেশ দিছে৷ ন্যায়ালয়ৰ ৰায়ত স্পষ্টকৈ আছে যে প্ৰধানকৈ তদন্ত আয়োগ অধিনিয়ম ১৯৫২১ ধাৰা ৩[চ্ছ্ৰ] অনুসৰি প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন জমা দিয়াৰ ৬ মাহৰ ভিতৰত বিধানসভাত উত্থাপন নকৰাৰ বাবে আৰু যিহেতু একমাত্ৰ এই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি এইসকল বিষয়াৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা আৰু সেইমতে নিলম্বন কৰা হৈছে অথচ তেওঁলোককো এই প্ৰতিবেদন প্ৰদান কৰা নাই৷ বা প্ৰতিবেদন ৰাজহুৱা কৰা নাই, গতিকে তেওঁলোকৰ বিভাগীয় তদন্ত আৰু নিলম্বন স্থগিতাদেশ দিয়া হয়৷ অৰ্থাৎ এক কথাত ক’বলৈ গ’লে শৰ্মা চৰকাৰেই এক আইনী সুৰুঙা সৃষ্টি কৰি এইসকল ঠগ প্ৰৱঞ্চনাৰে বাছনিভুক্ত বিষয়াক চাকৰি ঘূৰাই পোৱাৰ পথ প্ৰশস্ত কৰি দিলে৷ তদুপৰি আমি আৰম্ভণিৰ পৰা কৈ আহিছোঁ যে যিসকল বিষয়াৰ বাছনিতেই কেৰোণ আছে, সেইসকল বিভাগীয় তদন্তৰ কোনো প্ৰয়োজনেই নাই, পোনপটীয়াকৈ সেইসকলক বৰ্খাস্ত কৰিব লাগে৷ হয়তো শৰ্মা চৰকাৰে সেইসকল ঠগ প্ৰবঞ্চক বিষয়াক ৰাজহুৱা ধনৰ অপচয় কৰি হ’লেও দৰমহা আৰু ৰাজ আতিথ্য দি যাব বিচাৰিছিল আৰু এইদৰে আইনী সুৰুঙা সৃষ্টি কৰি এইসকল মুন্নাভাই বিষয়াক চাকৰি ঘূৰাই পোৱাটো বিছাৰিছিল৷ যাৰ বাবেই ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰে*প্তাৰ কৰা বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল যদিও এইসকলক নিলম্বনহে কৰা হৈছিল৷ একাংশ বক্ৰপথে বাছনিভুক্ত প্ৰাৰ্থীৰ প্ৰতি এই চৰকাৰৰ ইমানেই দৰদ যে এজন আইপিএছ বিষয়াক আদালতে বিশেষ তদন্তকাৰী গোটৰ পৰা আঁতৰোৱাৰ পৰিস্থিতি আহি পৰিছিল৷ ইমানৰ পাছতো প্ৰায় ৮-৯  জন মুন্নাভাই প্ৰাৰ্থীক আদালতে নিজাববীয়াকৈ অভিযুক্ত কৰিব লগীয়া হয় যদিও আজি পৰ্যন্ত সেই সকলক আনকি আজিলৈ নিলম্বন কৰাৰো সাহস নহ’ল চৰকাৰৰ৷ উদাহৰণস্বৰূপে বৰাকৰ এখন জিলাৰ অতিৰিক্ত আয়ুক্ত পদত কৰ্মৰত ত্ৰিদীপ ৰয়ে এপিএছচি পৰীক্ষাত ফেইল কৰিছিল৷ টেবুলেশ্বন শ্বীটত ৮৭০ নম্বৰ পোৱা ত্ৰিদীপ ৰয়ৰ নম্বৰ ৭১০ লৈ বৃদ্ধি কৰিছিল৷ চৰকাৰক ছিণ্ডিকেটৰ ধন যোগান ধৰাৰ বাবেই ফেইল কৰা প্ৰাৰ্থীজনক আজিলৈকে নিলম্বন নকৰিলে৷ কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পদত দপদপাই থকা নৱনীতা শৰ্মাৰ টেবুলেশ্বন শ্বীটত ৰাকেশ পালে নিজ হাতে প্ৰাপ্ত নম্বৰ ৭৮২ পৰা ৮৩৩ নম্বৰলৈ বৃদ্ধি নকৰা হ’লে নৱনীতা শৰ্মা এপিএছ বাছনিয়েই নহ’লহেঁতেন৷ আনকি ২০১৩ বৰ্ষৰ পৰীক্ষাত নৱনীতা শৰ্মাৰ ভাতৃ প্ৰিয়াংকুজ্যোতি শৰ্মায়ো বাছনি লাভ কৰিছিল৷ নৱনীতা আৰু প্ৰিয়াংকুৱে কুখ্যাত ৰাকেশ পালৰ সৈতে মোবাইলত বাৰ্তালাপ কৰা কল ৰেকৰ্ড আৰক্ষীৰ হাততো আছে৷ কিন্তু ইয়াৰ পাছতো বিশেষ আদালতে অভিযুক্ত কৰাৰ নৱনীতা শৰ্মাক বৰ্খাস্ত নকৰাৰ ৰহস্য কি?