
৮ হাজাৰে নাচিব ঝুমুৰ, বাজেট ২৫ কোটি টকাৰো অধিক
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ ফেব্ৰুৱাৰীঃ অহা ২৪ ফেব্ৰুৱাৰীত সৰুসজাইত অনুষ্ঠিত হ’বলগীয়া ঝুমুৰৰ বিনন্দীয়া কাৰ্যসূচীৰ প্ৰস্তুতিৰ আজি পৰ্যালোচনা কৰে ঝুমুৰৰ বাবে গঠন কৰি দিয়া কেবিনেট-উপ-সমিতিৰ অধ্যক্ষ তথা স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালে৷ বুধবাৰে দিছপুৰৰ জনতা ভৱনত এক সংবাদ মেলত এই পৰ্যালোচনা বৈঠকৰ বিষয়ে সদৰি কৰি মন্ত্ৰী সিংহালে কয়– ‘আজি ২৪ তাৰিখে অনুষ্ঠিত হ’বলগীয়া ঝুমুৰ বিনন্দীয়া কাৰ্যসূচীৰ পৰ্যালোচনা কৰা হয়৷ অনুষ্ঠানৰ বিভিন্ন দিশসমূহ খৰচি মাৰি আলোচনা কৰা হয়৷ ইতিমধ্যে তেজপুৰ, যোৰহাট, ডিব্ৰুগড় আৰু শিলচৰত চাৰিখনকৈ ক্ষেত্ৰীয় প্ৰদৰ্শনী সম্পূৰ্ণ হৈছে৷ ২০ তাৰিখে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ঝুমুৰৰ দলসমূহ গুৱাহাটীলৈ ৰাওনা হ’ব৷ কিছুমান দল ২০ তাৰিখে দিনতে পাবহি, আন কিছুমান নিশা বা ২১ ফেব্ৰুৱাৰীত পুৱা গুৱাহাটী পাবহি৷ ২১ ফেব্ৰুৱাৰীৰ দিনৰ ১০ বজাত সৰুসজাইত আখৰা হ’ব৷ ২১, ২২ আৰু ২৩ তাৰিখে আখৰা হ’ব৷ ২৩ তাৰিখে চূড়ান্ত আখৰা হ’ব৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ৮,০০০ ঝুমুৰৰ শিল্পী গুৱাহাটীলৈ আহিব৷ গুৱাহাটীৰ বিভিন্ন হোটেল, লজত তেওঁলোকক ৰখা হ’ব৷ ২৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু এডভাণ্টেজ আছাম ২.০ ত অংশগ্ৰহণ কৰিবলৈ অহা দেশ-বিদেশৰ প্ৰতিনিধিৰ সন্মুখত এই ঝুমুৰ অনুষ্ঠান পৰিৱেশন কৰা হ’ব৷ অসমৰ চাহ উদ্যোগৰ ২০০ বছৰ উপলক্ষে এই ঝুমুৰ অনুষ্ঠিত হ’ব৷ ঝুমুৰত অংশগ্ৰহণ কৰিবলগীয়া শিল্পীসকলক বিহুৱা-বিহুৱতীৰ সমানেই মাননী দিয়া হ’ব৷ ঝুমুৰৰ কাৰ্যসূচীত প্ৰায় ২৫ কোটিমান টকা খৰচ হ’ব৷ ঝুমুৰত অংশগ্ৰহণ কৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভাই-ভনীসকলে যাতে অলপো কষ্ট নাপায় ইয়াৰ সু-ব্যৱস্থা কৰিবলৈ তথা আভিজাত পৰিৱেশত তেওঁলোকক ৰাখিবলৈ আমাক মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্দেশ দিছে৷ যাতে শিল্পীসকলে গুৱাহাটীৰ পৰা এটা পজিটিভ ভাইব লৈ নিজ নিজ ঘৰলৈ উভটি যাব পাৰে৷ ইফালে জলসিঞ্চনৰ ঠিকা আৱণ্টনত কেলেংকাৰি হোৱা বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত সিংহালে কয়– ‘মোৰ কোনো ঘনিষ্ঠ প্ৰতিষ্ঠান নাই৷ আপোনালোকৰ হাতত কিবা তথ্য আছে যদি দিয়ক৷ আদালতৰ বিচৰাধীন বিষয়ত মই বেছি নকওঁ৷ বিষয়টোৰ তদন্ত হ’ব৷
স্বাস্থ্য বিভাগৰ পৰ্যালোচনাৰ অন্তত স্বাস্থ্যমন্ত্ৰী অশোক সিংহালৰ ঘোষণা–অতি সোনকালে ৰাজ্যত নতুনকৈ ৪০০ গৰাকী চৰকাৰী চিকিৎসক নিযুক্তি দিয়া হ’ব।
স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে আজি জনতা ভৱনত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কাম-কাজৰ এক সামগ্ৰিক পৰ্যালোচনা কৰে৷ বৈঠকৰ পাছতেই এক সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে যোৱা ১০ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় পেলু নিৰ্মূলীকৰণ দিৱস উদযাপন কৰাৰ পাছত বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰত পঞ্জীয়নভুক্ত এক বছৰ বয়সৰ পৰা ১৯ বছৰ বয়সৰ সকলো শিশুক সামৰি অহা ১৭ ফেব্ৰুৱাৰী পৰ্যন্ত ৰাজ্যৰ ৮৭, ৭৪, ৫৪৮ টি শিশুক পেলুৰ ঔষধ সেৱন কৰোৱাৰ লক্ষ্য স্থিৰ কৰা হৈছে৷ তাৰ ভিতৰত যোৱা দুদিনত ৩২, ৩২, ৯৮৮ টি শিশুক ঔষধ খুওৱা হৈছে৷ এই অভিযানৰ অধীনত ৰাজ্যৰ ৪১,১৯২ খন বিদ্যালয় আৰু ৬১,৭৩৮ টা অংগনৱাড়ী কেন্দ্ৰ সামৰি লোৱা হব৷ আনহাতে, ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূলীকৰণ অভিযানৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে এই অভিযানৰ অধীনত যোৱা মাহত ৪৩ লাখ লোকক যক্ষ্মাৰোগৰ পৰীক্ষা কৰা হৈছে আৰু এই পৰ্যন্ত ৪০০০ নতুন ৰোগী চিনাক্ত হৈছে৷ সেইদৰে যোৱা ৰ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা ইউ-উইন পৰ্টেলৰ জৰিয়তে বিগত মাহত ৪২ শতাংশ সফলতাৰে ২১,২১০ টি শিশুক টীকাকৰণ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে৷ আন শিশুসকলক পূৰ্বৰ মেনুৱেল পঞ্জীয়ন পদ্ধতিৰেও টীকাকৰণ অব্যাহত আছে বুলি তেওঁ অৱগত কৰে৷ মন্ত্ৰী সিংহলে কয় যে চৰকাৰী চিকিৎসালয়ত ঔষধৰ নাটনি, চিকিৎসকে জেনেৰিক ঔষধ প্ৰেছক্ৰাইব নকৰা, অত্যাৱশ্যকীয় ঔষধৰ তালিকাত বহু গুৰুত্বপূৰ্ণ ঔষধ সামৰি নোলোৱা আদি বিষয় সন্দৰ্ভত নাগৰিকৰ অভিযোগ দাখিলৰ বাবে মুকলি কৰা ৱাটছএপ নম্বৰযোগে যোৱা দিনবোৰত বহুসংখ্যক অভিযোগ লাভ কৰা হৈছে আৰু সেই অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ অহা ১০ দিনৰ ভিতৰত চৰকাৰী চিকিৎসালয়ত অত্যাৱশ্যকীয় ঔষধৰ তালিকাৰ প্ৰায় আটাইবোৰ ঔষধ উপলব্ধ কৰোৱাৰ ব্যৱস্থা কৰা হৈছে৷ সেইদৰে অত্যাৱশ্যকীয় ঔষধৰ তালিকাত আন কেইবাটাও গুৰুত্বপূৰ্ণ ঔষধ সন্নিৱিষ্টকৰণৰো পদক্ষেপ লোৱা হৈছে৷ আনহাতে, ৰাজ্যৰ চিকিৎসালয়ত চিকিৎসকৰ নাটনি দূৰ কৰাৰ বাবে অতি সোনকালে ৪০০ চিকিৎসক পদৰ বাবে বিজ্ঞাপন দিয়া হব বুলি মন্ত্ৰীগৰাকীয়ে আজি ঘোষণা কৰে৷