‘অৰুণোদয়’ত কাম নকৰাকৈ ১,২৫০, কাম কৰিও ১,০০০ টকাহে পায় ৰন্ধনকৰ্মীয়ে
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১২ ফেব্ৰুৱাৰীঃ অসমত এতিয়া কোনো কাম নকৰাকৈ ভোটবেংক হিচাপে খ্যাত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে মাহে লাভ কৰে ১,২৫০ টকাকৈ৷ কিন্তু দৈনিক ৫-৬ ঘণ্টা সেৱা আগবঢ়ায়ো মধ্যাহ্ন ভোজনৰ ৰন্ধনকৰ্মীয়ে লাভ কৰে মাত্ৰ ১,০০০ টকা৷ অসম চৰকাৰৰ এই বৈষম্য তথা শোষণৰ বিৰুদ্ধে সমাগত বিধানসভাৰ বাজেট অধিৱেশনত দিছপুৰ কঁপাবলৈ সাজু হৈছে ৰাজ্যৰ ১ লাখ মধ্যাহ্ন ভোজন কৰ্মীয়ে৷ মাননি বৃদ্ধিৰ বাবে বাৰম্বাৰ আন্দোলন তথা দাবী জনাই অহাৰ পাছতো ৰাজ্য চৰকাৰে গুৰুত্ব নিদিয়াত বিধানসভাৰ বাজেট অধিৱেশনৰ সময়ছোৱাত ১৯ ফেব্ৰুৱাৰীত গুৱাহাটীৰ চচলৰ ধৰ্ণাস্থলীত প্ৰতিবাদ সাব্যস্ত কৰিব সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাই৷ বুধবাৰে দিছপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি অসম চৰকাৰৰ বিৰুদ্ধে এই প্ৰতিবাদ কাৰ্যসূচী ঘোষণা কৰিছে মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ নেতৃত্বই৷
সংবাদ মেলত প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ কাৰ্যকৰী সভাপতি জিতেন ৰাভা আৰু সম্পাদক সবিতা ফাংচুৱে কয়– অসমত ২০০৫ চনৰ পৰা মধ্যাহ্ন ভোজনৰ আঁচনি আৰম্ভ হৈছে যদিও ২০০৯ চনৰ পৰা কৰ্মীসকলে মাহে ১,০০০টকাকৈ মাননি লাভ কৰি আহিছে৷ কিন্তু বিগত ১৫ বছৰে মধ্যাহ্ন ভোজন কৰ্মীৰ মাননি বৃদ্ধি নহ’ল৷ অথচ মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে ৰন্ধন কাৰ্যৰ প্ৰস্তুতিৰ পৰা আৰম্ভ কৰি খাদ্য বিতৰণ, বাচন-বৰ্তন ধোৱা, ঠাই পৰিস্কাৰ কৰাৰ নামত দিনটোৰ ৫-৬ ঘণ্টাকৈ কাম কৰি আহিছে৷ মধ্যাহ্ন ভোজন আঁচনিত ৰাজ্যৰ ৰ লাখ জ্জ্ব হাজাৰ কৰ্মীয়ে সেৱা আগবঢ়াই আহিছে৷ কিন্তু অসমত এতিয়া কোনো কাম নকৰা অৰুণোদয় হিতাধিকাৰীতকৈ কম মাননি লাভ কৰে ৰন্ধন কৰ্মীয়ে৷ তাতো বছৰৰ ১২ মাহৰ বিপৰীতে ১০ মাহৰহে মাননি আদায় দি আহিছে৷ সেয়েহে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ মাননি জ্ঝ হাজাৰ টকালৈ বৃদ্ধি কৰা, মাননি ১০ মাহৰ পৰিৱৰ্তে ১২ মাহলৈ আদায় দিয়াৰ লগতে নিযুক্তি-পত্ৰ প্ৰদানেৰে চাকৰি নিয়মীয়াকৰণৰ দাবীৰে ৰ লাখ কৰ্মীয়ে ১৯ ফেব্ৰুৱাৰীত চচলত প্ৰতিবাদ সাব্যস্ত কৰি মুখ্যমন্ত্ৰীক স্মাৰক-পত্ৰ প্ৰদান কৰিব৷






