Logo
image

বিদেশলৈ যাব বিচাৰিছে ইন্দ্ৰাণীয়ে, ছুপ্ৰিম ক’ৰ্টৰ বাধা

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১২ ফেব্ৰুৱাৰীঃ  কন্যা শ্বীনা বৰা হ*ত্যা গোচৰৰ বিচাৰাধীন আচামী তথা নি*হত শ্বীনা বৰাৰ মাতৃ ইন্দ্ৰাণী মুখাৰ্জীৰ বিদেশ যাত্ৰাত নিষেধাজ্ঞা আৰোপ কৰিছে উচ্চতম ন্যায়ালয়ে৷ বুধবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এম সুন্দৰেশ আৰু ৰাজেশ বিন্দালৰ বিচাৰপীঠে ইন্দ্ৰাণী মুখাৰ্জীৰ বিদেশ ভ্ৰমণৰ আবেদন খাৰিজ কৰে৷ ইয়াৰ পূৰ্বে ইন্দ্ৰাণী মুখাৰ্জীৰ বিদেশ ভ্ৰমণৰ আবেদন ব’ম্বে উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছিল৷ সেই ৰায়ৰ প্ৰত্যাহ্বান জনাই ইন্দ্ৰাণী মুখাৰ্জী উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল৷ কিন্তু উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে ইন্দ্ৰাণী মুখাৰ্জী পুনৰ বিদেশৰ পৰা উভতি  নাহিব পাৰে বুলি আশংকা প্ৰকাশ কৰে৷ ইন্দ্ৰাণীৰ আবেদন খাৰিজ কৰি উচ্চতম ন্যায়ালয়ে কয়– ‘তুমি যে বিদেশৰ পৰা উভতি আহিবা তাৰ কোনো নিশ্চয়তা নাই৷’


ইপিনে, উচ্চতম ন্যায়ালয়ে অহা এবছৰৰ ভিতৰত শ্বীনা বৰা হত্যাৰ গোচৰৰ বিচাৰ সম্পূৰ্ণ কৰিবলৈ নিম্ন আদালতক নিৰ্দেশ দিয়ে৷ উল্লেখ্য, শ্বীনা বৰাৰ চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছিল ২০১২ চনত৷ শ্বীনাক মাতৃ ইন্দ্ৰাণী মুখাৰ্জী, ইন্দ্ৰাণীৰ প্ৰাক্তন স্বামী সঞ্জীৱ খান্না আৰু গাড়ীৰ চালক শ্যামবৰ ৰায়ে হত্যা কৰাৰ অভিযোগ উঠিছিল৷ ২০১৫ত এই অভিযোগত ইন্দ্ৰাণী মুখাৰ্জীক গ্ৰে*প্তাৰ কৰা হয়৷ তেওঁ ২০২২ চনৰ মে’ৰ পৰা জামিনত আছে৷