
ঐতিহাসিক পোৱামক্কা দৰগাহৰ উৰুচ মেলাৰ সমূহীয়া দোৱাত লক্ষাধিক ভক্তৰ অংশগ্ৰহণ
'আমাৰ অসম'ৰ হাজোৰ প্ৰতিবেদক, ১৩ ফেব্ৰুৱাৰীঃ এমাহজোৰা উছৱমুখৰ পৰিৱেশৰ অন্তত সমন্বয় আৰু সম্প্ৰীতিৰ মিলনভূমি তীৰ্থনগৰী হাজোত বৃহস্পতিবাৰে আবেলিৰ পৰা প্ৰতিফলিত হৈছে এক নিমাওমাও পৰিৱেশ। উল্লেখ্য, ভোগালী বিহুৰ পৰা মাঘী পূৰ্ণিমা পৰ্যন্ত অসম তথা ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰ পৰা আগমন হোৱা হেজাৰ হেজাৰ দৰ্শানাৰ্থী, ভক্তপ্ৰাণ ৰাইজ আৰু দেশী-বিদেশী পৰ্যটকৰ পদধূলিয়ে তীৰ্থনগৰী হাজোক যেন এক অন্য মাত্ৰা প্ৰদান কৰি আহিছিল। এইবেলিও পহিলা মাঘত অনুষ্ঠিত সমন্বয় আৰু সম্প্ৰীতিৰ নিদৰ্শন স্বৰূপ মাঘীমেলা অথবা মণিকূট উৎসৱৰ সমান্তৰালভাৱে ঐতিহাসিক পোৱামক্কা দৰগাহত শুভাৰম্ভ হোৱা উৰুচ মেলা তথা পূৰ্ণিমাত অনুষ্ঠিত 'পূৰ্ণ উৰুচ' মেলালৈ জাতি-ধৰ্ম-বৰ্ণ-ভাষা নিৰ্বিশেষে হাজোলৈ আহি যি সমন্বয়ৰ নিদৰ্শন দেখুৱালে সেয়া যেন অতুলনীয়।
বুধবাৰে পোৱামক্কা দৰগাহত অনুষ্ঠিত 'পূৰ্ণ উৰুচ' মেলালৈ আগমন হোৱা লক্ষাধিক লোকৰ সমাৱেশে বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি কৰে। হাজো-গুৱাহাটী পথৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ জোৰা অকোঁৱা-পকোৱা পথচোৱাৰ দুয়োকাষে তথা গৰুড়াচল পাহাৰৰ শিখৰত অৱস্থিত দৰগাহৰ চাৰিওফালে অৱস্থান কৰা সাধক, ফকিৰবাবা সকলে নিশাটো কাৱালী, জিকিৰ, জাৰি, বাউল পৰিৱেশন কৰি থকা আৰু পুৱতি নিশা অনুষ্ঠিত সমূহীয়া দোৱাত প্ৰায় লক্ষাধিকে অংশগ্ৰহণ কৰা দৃশ্য আছিল অতি বিৰল। এই সমূহীয়া দোৱাৰ পিছতে যেন নিজম পৰিল ঐতিহাসিক পোৱামক্কা দৰগাহ।