
২৪ ফেব্ৰুৱাৰীত অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
'আমাৰ অসম'ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৩ ফেব্ৰুৱাৰীঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসমলৈ আদৰণি জনাইছে ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সভাপতি সাংসদ দিলীপ শইকীয়াই। বৃহস্পতিবাৰে বিজেপিৰ অসম প্ৰদেশৰ মুখপাত্ৰ সুভাষ দত্তই এক বিবৃতিত কয় যে, "অহা ২৪ ফেব্ৰুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত সৰুসজাই ষ্টেডিয়ামত ঝুমুইৰ বিনন্দিনী শীৰ্ষক এক বৃহৎ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মাদলৰ তালে-তালে ঝুমুৰ নাচি বিশ্ব জিনিবলৈ সাজু হৈছে ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ ৮০০০ শিল্পী। চাহ জনগোষ্ঠীয় যুৱক-যুৱতীসকলে তেওঁলোকৰ প্ৰতিভা বিশ্বজনীন কৰি দৰ্শকৰ আগত উপস্থাপন কৰিবলৈ দিন-ৰাতি একাকাৰ কৰি আখৰা অব্যাহত ৰাখিছে। এই কাৰ্যক্ৰমৰ জৰিয়তে ৰাজ্যখনৰ চাহ জনগোষ্ঠীয় যুৱক-যুৱতী সকলেও যে তেওঁলোকৰ নৃত্যৰ চন্দেৰে বিশ্বজয় কৰিব তাৰে এক অভিন্ন প্ৰয়াস কৰা হৈছে। এই কাৰ্যক্ৰমত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিয়ে শিল্পীসকলৰ লগতে অসমবাসীৰ আনন্দ দুগুণে বৃদ্ধি কৰিব। ২৪ ফেব্ৰুৱাৰীৰ বিয়লি ভাগত দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে অসমত উপস্থিত হৈ এই কাৰ্যক্ৰমত অংশগ্ৰহণ কৰিব। অসম চাহ জনগোষ্ঠীৰ বৰ্ণাঢ্য সাংস্কৃতিক পৰম্পৰা আৰু চহকী ঐতিহ্যক সমগ্ৰ দেশবাসীৰ লগতে বিশ্ববাসীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত প্ৰত্যক্ষ কৰিব। এই ঐতিহাসিক ক্ষণটোলৈ সমগ্ৰ অসমৰ ৰাইজে অধীৰ আগ্ৰহেৰে বাট চাই আছে। লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত দলৰ কাৰ্য্যকৰ্তা সকলো দুগুণ উৎসাহিত হ'ব বুলি মুখপাত্ৰ জনে উল্লেখ কৰিছে।"
"ইয়াৰ সমান্তৰালভাৱে ৰাজ্যখনৰ উদ্যোগিক গতি ত্বৰান্বিত কৰি সংস্থাপন আৰু বিনিয়োগ বৃদ্ধিৰ পৰিসৰ আগত ৰাখি অসম চৰকাৰৰ উদ্যোগত ব্যাপক ৰূপত এডভান্টেজ আছাম ২.০ শীৰ্ষক বৃহৎ বিনিয়োগ সন্মিলনৰ প্ৰস্তুতি ইতিমধ্যে তুংগত উঠিছে। প্ৰায় তিনি লক্ষ হাজাৰ কোটি বিনিয়োগৰ পৰিকল্পনাৰে প্ৰস্তুত কৰা এই বৃহৎ বিনিয়োগ সন্মিলনে ৰাজ্যখনৰ উদ্যোগিক ছবিখনলৈ বৃহৎ পৰিবৰ্তন কঢ়িয়াই আনিব। ইতিমধ্যে এই সন্মিলনৰ বিনিয়োগকাৰী আৰু উদ্যোগ প্ৰতিস্থান সমূহক নিমন্ত্ৰণৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেইবাখনো বিদেশ ৰাষ্ট্ৰ ভ্ৰমণ কৰি ৰোড শ্ব' কৰা পৰিলক্ষিত হৈছে। যোৱা দুদিন ধৰি মুখ্যমন্ত্ৰী গৰাকীয়ে ছিংগাপুৰ ভ্ৰমণ কৰি ছেমিকণ্ডাক্টৰ, ডীপ টেকন'লজী, আন্তঃগাঁথনি আৰু নিৰ্মাণ খণ্ডৰ ৰাজ্যৰ বৰ্দ্ধিত সম্ভাৱনাৰ দিশত কেইবাজনো ৰাজনৈতিক নেতা আৰু শতাধিক উদ্যোগীৰ সৈতে আলোচনাত মিলিত হয়। গতিকে অহা ২৫ ফেব্ৰুৱাৰী তাৰিখে খানাপাৰাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উদ্বোধন কৰিবলগীয়া এডভান্টেজ আছাম ২.০ ৰ জৰিয়তে অসমৰ উদ্যোগিক ক্ষেত্ৰলৈ বৃহৎ সম্ভাৱনীয়তা কঢ়িয়াই আনিব। যিয়ে অসমৰ নিৱনুৱা সমস্যা সমাধানকে ধৰি দক্ষিণ-পূৱ এছিয়াৰ বিনিয়োগৰ কেন্দ্ৰস্থল হিচাপে ৰাজ্যখনক গঢ়ি তুলিব বুলি বিবৃতিখনত আশা প্ৰকাশ কৰিছে।"