
হিমন্তবিশ্বক দেশৰ অন্যতম শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ খিতাপ ‘ইণ্ডিয়া টুডে’ৰ
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ ফেব্ৰুৱাৰীঃ অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ছিদ্দাৰামায়া আদিক চেৰ পেলাই দেশৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ তালিকাত স্থান লাভ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ সংবাদ প্ৰতিষ্ঠান ‘ইণ্ডিয়া টুডে’ৰ ‘মুড অৱ দ্যা নেশ্বন’ৰ সমীক্ষা অনুসৰি অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ ৰেটিং ৫৫.৪ শতাংশ হোৱাৰ বিপৰীতে এন চন্দ্ৰবাবু নাইডুৰ ৰেটিং ৪৬.৯ শতাংশ, মমতা বেনাৰ্জীৰ ৰেটিং ৪৬.৯ শতাংশ আৰু ছিদ্দাৰামায়াৰ ৰেটিং ৩৮.৯ শতাংশ৷ উল্লেখ্য, মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ জনপ্ৰিয়তা ২০২৩ বৰ্ষৰ ৪৯.২ শতাংশৰ পৰা বৃদ্ধি পাই ২০২৪ বৰ্ষত ৫০.৮ শতাংশ আৰু ২০২৫ বৰ্ষত ৫৫.৪ শতাংশ হয়৷ ২০২৪ বৰ্ষত জনপ্ৰিয়তাৰ এই হাৰ আছিল ৪৮.৬ শতাংশ৷ সমীক্ষাটোত অংশগ্ৰহণ কৰাসকলৰ ৫৫ শতাংশই মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ কৰ্মদক্ষতা আৰু নেতৃত্বৰ ওপৰত সন্তোষ প্ৰকাশ কৰে৷ এই সমীক্ষাত অসমৰ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ৫৫.৪ শতাংশ ৰেটিং লাভ কৰাৰ বিপৰীতে ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং টামাঙে ৬২.১ শতাংশ ৰেটিং লাভ কৰি তালিকাৰ শীৰ্ষত আছে৷ ইণ্ডিয়া টুডে– চি ভোটাৰ মুড অফ দ্যা নেশ্বন সমীক্ষা ২০২৫ চনৰ ২ জানুৱাৰীৰ পৰা জ্ঝ ফেব্ৰুৱাৰীৰ মাজত চলোৱা হৈছিল৷
এই সমীক্ষাত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৱে ৪৫.৮ শতাংশ, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাই ৪১.৭ শতাংশ ৰেটিং লাভ কৰে৷ আন্তঃগাঁথনি উন্নয়ন সমাজৰ কল্যাণ, অৰ্থনৈতিক বিকাশ আৰু আইন প্ৰৱৰ্তন সংস্কাৰৰ দিশত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আৰোপ কৰা গুৰুত্বত সন্তোষ প্ৰকাশ কৰে সমীক্ষাত অংশ লোৱাসকলে৷ আন্তঃগাঁথনি, স্বাস্থ্যসেৱা আৰু শিক্ষাখণ্ডৰ অগ্ৰগতিৰ বাবেও মুখ্যমন্ত্ৰীৰ ওপৰত আস্থা প্ৰকাশ কৰে সমীক্ষাত এইসকল লোকে৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তা ইয়াৰ অন্যতম কাৰণ হিচাপে সমীক্ষাত স্পষ্ট হৈছে৷ উল্লেখ্য যে, ছিংগাপুৰ ভ্ৰমণ সামৰি মুখ্যমন্ত্ৰী স্বদেশত উপস্থিত হোৱাৰ সময়তে ৰাজহুৱা হয় এই সমীক্ষাৰ প্ৰতিবেদন৷ এডভাণ্টেজ আসামৰ কাৰ্যসূচীলৈ সোমবাৰে ছিংগাপুৰ ভ্ৰমণলৈ গৈছিল মুখ্যমন্ত্ৰী ড॰ শৰ্মা৷