Logo
image

বিদ্যালয় সেউজীয়াকৰণৰ ওপৰত গুৰুত্ব বজালীৰ এখন বিদ্যালয়ৰ

'আমাৰ অসম'ৰ বজালীৰ প্ৰতিবেদকঃ এক মনোমোহা প্ৰাকৃতিক পৰিৱেশত অৱস্থিত স্বাধীনতা সংগ্ৰামী, সাহিত্যসেৱী তথা অসমৰ নাৰীবাদী আন্দোলনৰ অন্যতম পদ প্ৰদৰ্শক চন্দ্ৰপ্ৰভা শইকীয়ানীৰ নামৰে প্ৰতিষ্ঠিত পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানী হাইস্কুল৷ মহীয়সী নাৰীগৰাকীৰ মৃত্যুৰ ঠিক এক বছৰ পিছত বজালীৰ ভোটান্ত সাদেৰীত প্ৰতিষ্ঠা কৰা হৈছিল চন্দ্ৰপ্ৰভা বালিকা বিদ্যালয়৷ পিছত অসম চৰকাৰে এই বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰী উভয়ে পঢ়িব পৰাকৈ চন্দ্ৰপ্ৰভা হাইস্কুললৈ পৰিৱৰ্তিত কৰে৷ বিদ্যালয়খনৰ পৰা কেইবাগৰাকী ছাত্ৰীয়ে ইতিমধ্যে সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোৰ বিদ্যায়তনিক দিশত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছে৷ বিদ্যালয়খনৰ বাহিৰৰ পৰা চালে এক ভাল লগা পৰিৱেশ সকলোৰে চকুত পৰে৷ গছ-গছনিৰে আবৃত্ত পৰিৱেশে বিদ্যালয়খনৰ শোভাবৰ্ধন কৰি আছে৷ এই ক্ষেত্ৰত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীসকলৰ ভূমিকা গুৰুত্বপূৰ্ণ৷ বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীসকলে নিয়মীয়াকৈ ৰোপণ কৰি অহা গছ পুলি সমূহে বিদ্যালয়খনত শোভাবৰ্ধন কৰি আহিছে৷ কেতিয়াবা গৰমৰ দিনত গছৰ তলত বহিও ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়ন কৰাৰ লগতে আজৰি সময় গছৰ তলত জিৰণি লৈ সময় পাৰ কৰে। ইয়াৰ উপৰিও বিদ্যালয়খনত আছে এটি সুন্দৰ আন্তঃগাঠনি৷ ৰাজ্য চৰকাৰৰ পৰা পোৱা আঁচনিৰ অধীনত ১৬ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে আটকধুনীয়া শ্ৰেণীকোঠা৷ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে উদ্বোধন কৰা শ্ৰেণীকোঠাসমূহ সম্পূৰ্ণ  চৰকাৰী নীতি-নিয়মৰ মাজেৰে নিৰ্মাণ কৰা হৈছে বুলি প্ৰধান শিক্ষক গণেশ ৰয়ে প্ৰকাশ কৰে৷ ইপিনে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি শংকৰ ৰয়ৰ সভাপতিত্বত অনুষ্ঠিত সভাত নৱনিৰ্মিত শ্ৰেণীকোঠা সমূহৰ বিৰুদ্ধে একাংশ লোকৰ অভিযোগ নস্যাৎ কৰে পৰিচালনা সমিতিখনে৷ আনহাতে, চৰকাৰে দিয়া আঁচনিৰ দ্বাৰা নিৰ্মিত অত্যাধুনিক শ্ৰেণীকোঠাসমূহৰ ভিতৰত এটি কোঠাত ভৱিষ্যতে ডিজিটেল লাইব্ৰেৰী উপলব্ধ হ'ব বুলি প্ৰধান শিক্ষক গণেশ ৰয়ে জানিবলৈ দিছে৷


উল্লেখ্য যে এইখন বিদ্যালয়ত অধ্যয়ন কৰিবলৈ অঞ্চলটোৰ ভোটান্ত মহিতাৰা, ছৈটেমাৰী, টেঙা পাকৰী তল, কাহাৰপাম, দৈশিংগৰী, শালৈপাৰা, কুৰোবাহা, দাড়িয়াপাৰা, বদনকুছি, সাদেৰী আদি ঠাইৰ পৰা ছাত্ৰ-ছাত্ৰী ইয়ালৈ আহে৷ আনহাতে, এই বিদ্যালয়ত ৰাষ্ট্ৰভাষা সমিতিৰ দ্বাৰা পৰিচালিত এখন হিন্দী স্কুল আছে য'ত দূৰণিবটীয়া ছাত্ৰ-ছাত্ৰীসকলে ইয়াত অধ্যয়ন কৰিবলৈ আহে বুলি প্ৰধান শিক্ষকগৰাকীয়ে জানিবলৈ দিয়ে৷ উল্লেখ্য যে বজালীৰ মাত্ৰ দুখন বিদ্যালয় আছে য'ত ৰাষ্ট্ৰীয় হিন্দী ভাষা প্ৰচাৰ সমিতিৰ দ্বাৰা হিন্দী বিষয়ত পাঠদান দিয়া হয়৷ প্ৰধান শিক্ষগৰাকী নিজেও হিন্দী ভাষা প্ৰচাৰ সমিতিৰ দ্বাৰা সম্বৰ্দ্ধিত শিক্ষক বুলি জানিব পৰা গৈছে৷ ইপিনে, বিদ্যালয়খনত সপ্তাহত চাৰিদিন ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজন প্ৰদান কৰাৰ বিপৰীতে বাকী দুদিন সুবিধা অনুযায়ী ফল-মূল আদিকে ধৰি অন্যান্য খাদ্য প্ৰদান কৰা হয়৷ লগতে বিদ্যালয়খনৰ দুখীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে শিক্ষক-শিক্ষয়িত্ৰীসকলে বিশেষ সহায় সহযোগিতা প্ৰদান কৰি আহিছে৷ চৰকাৰে প্ৰদান কৰা বিনামূলীয়া চাইকেল যি সকল ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰা নাই তেওঁলোককো শিক্ষক সকলে নিজাববীয়াকৈ দিয়াৰ ব্যৱস্থা কৰাতো এক উল্লেখযোগ্য দিশ বুলি ক'ব পাৰি ৷ বজালীৰ বিভিন্ন ঠাইত গঢ়লৈ উঠা ব্যক্তিগত শিক্ষনুষ্ঠানৰ বিপৰীতে চন্দ্ৰপ্ৰভা হাইস্কুলৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে লোৱা গুৰুত্বপূৰ্ণ ভূমিকাই ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ক্ৰমাত বৃদ্ধি হোৱা বুলি জানিব পৰা গৈছে৷