
আজিৰ পৰা মেট্ৰিক পৰীক্ষা, ছাত্ৰীৰ সংখ্যা অধিক
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৪ ফেব্ৰুৱাৰীঃ শনিবাৰৰ পৰা অনুষ্ঠিত হ’ব ২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা৷ ৰাজ্যৰ মুঠ ৯৪৪টা পৰীক্ষা কেন্দ্ৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে ১৫ ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ’ব৷ এইবাৰৰ পৰীক্ষাত মুঠ ৪,২৯,৪৪৮গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হ’ব৷ ইয়াৰে ৰ,৯০,৬৫৩গৰাকী ছাত্ৰ আৰু ২,৩৮,৭৯৫গৰাকী ছাত্ৰী৷ অৰ্থাৎ এইবাৰৰ মেট্ৰিকত ছাত্ৰীৰ সংখ্যা অধিক৷ ১৫ ফেব্ৰুৱাৰীৰ পৰা তিনি মাৰ্চলৈকে পৰীক্ষা অনুষ্ঠিত হয়৷ নতুন শিক্ষা নীতি অনুসৰি ছেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদক একত্ৰিত কৰি অসম ৰাজ্যিক বিদ্যালয় পৰিষদৰ গঠন কৰাৰ পাছত বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা৷ বিগত শিক্ষাবৰ্ষৰ দৰে এইবাৰে মেট্ৰিকত ব্যৱহূত হ’ব অ’ এম আৰ শ্বীট৷ এইবাৰৰ অ’ এম আৰ শ্বীটসমূহ প্ৰতিখনেই এখনৰ পৰা আনখন পৃথক হ’ব৷ সুকলমে পৰীক্ষা অনুষ্ঠিত কৰিবৰ বাবে প্ৰশাসনে পৰীক্ষাকেন্দ্ৰৰ এশ মিটাৰৰ দুৰলৈকে প্ৰৱেশ নিষিদ্ধ কৰিছে৷ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ১৬৩১ অধীনত এই নিৰ্দেশনা জাৰি কৰা হৈছে৷ পৰীক্ষাৰ্থী আৰু শিক্ষানুষ্ঠানৰ ব্যক্তিৰ বাহিৰে সংশি¡ষ্ট পৰিসীমাৰ ভিতৰত বাহিৰা লোকৰ প্ৰৱেশ নিষিদ্ধ৷ পৰীক্ষাকেন্দ্ৰৰ বাহিৰত কোনেও জুম বান্ধিব নোৱাৰিব৷ শিক্ষাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰলৈ মোবাইল, স্মাৰ্টফোন, কেলকুলেটৰ তথা কোনো ইলেকট্ৰনিক সামগ্ৰী নিব নোৱাৰিব৷ পৰীক্ষাৰ অন্তত মুঠ ৪২টা জ’নত পৰীক্ষাৰ বহিসমূহৰ মূল্যায়ন কৰা হ’ব৷ উল্লেখ্য, মেট্ৰিকৰ সমান্তৰালভাৱে বিচিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষাও কাইলৈৰ পৰা আৰম্ভ হ’ব আৰু দহ মাৰ্চত পৰীক্ষা সমাপ্ত হ’ব৷
নগাঁৱত ৪৭টা পৰীক্ষা কেন্দ্ৰত সৰ্বমুঠ ২২,০৭৮ পৰীক্ষাৰ্থী অৱতীৰ্ণ
‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ কাইলৈৰে পৰা আৰম্ভ হ’ব ২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা৷ এইবাৰ নগাঁও জিলাত সৰ্বমুঠ ২২,০৭৮ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব৷ ইয়াৰে ছাত্ৰ ৮৭১৩ আৰু ছাত্ৰীৰ ১৩,৩৬৫ গৰাকী৷ জিলাখনত এইবাৰ ছাত্ৰীৰ সংখ্যা ছাত্ৰতকৈ প্ৰায় দুগুণ৷ উল্লিখিত পৰীক্ষাৰ্থীসকলৰ বাবে জিলাখনৰ বিভিন্ন বিদ্যালয়ত মুঠ ৪৭ টা পৰীক্ষা কেন্দ্ৰ স্থাপন কৰা হৈছে৷ ইয়াৰ ভিতৰত সৰ্বাধিক পৰীক্ষাৰ্থী থকা কেন্দ্ৰটো হৈছে চকলাঘাট উচ্ছতৰ মাধ্যমিক বিদ্যালয়৷ য’ত মুঠ ১০২২ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব৷ ইয়াৰে ছাত্ৰৰ সংখ্যা ৪৩৯ আৰু ছাত্ৰীৰ সংখ্যা ৫৮৩ গৰাকী৷ আনহাতে, জিলাখনৰ ভিতৰত সৰ্বনিম্ন পৰীক্ষাৰ্থী থকা পৰীক্ষা কেন্দ্ৰটো হৈছে বাৰপুজীয়া উচ্ছতৰ মাধ্যমিক বিদ্যালয়৷ য’ত মাত্ৰ ১১৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব৷ ইয়াৰে ছাত্ৰৰ সংখ্যা ৪৫ আৰু ছাত্ৰীৰ সংখ্যা ৭২গৰাকী৷ পৰীক্ষা কেন্দ্ৰসমূহত সুকলমে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে পৰীক্ষা কেন্দ্ৰ পৰিচালনা সমিতিসমূহে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে৷ লগতে জিলা প্ৰশাসনে ইতিমধ্যে শিক্ষা বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ অধ্যক্ষতাত এখন উমৈহতীয়া বৈঠক অনুষ্ঠিত কৰি বিভিন্ন দিশ পৰ্যালোচনা কৰিছে৷ পৰীক্ষা কেন্দ্ৰ চৌহদত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে প্ৰশাসনে পৰীক্ষা কেন্দ্ৰ চৌহদত ১৬৩ ধাৰাৰ অধীনত কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনাও জাৰি কৰিছে বুলি জিলা জনসংযোগ বিভাগে এক বিবৃত্তি যোগে জনাইছে৷