Logo
image

আকালৰ দিনতো বিহু শিল্পীৰ জুই-ছাই দাম

আমাৰ অসম, ৭ এপ্ৰিলঃ পৃথিৱীৰ ক’তো বিচাৰি নোপোৱা অসম মুলুকৰ লুইতপৰীয়া সভ্যতাৰ অতিকে চিকুণ বিহুটি অসমবাসীৰ নঙলামুখত৷ কলা-সংস্কৃতিৰ বৰসূঁতি নিছিগে, নজহে নপমে ৰৈ বৈ যায়৷ ৰং লৈ ৰঙালী আহে যেতিয়া– বাটে পোৱালি মেলে, মৰা গৰুৰ ছালে বেবায় তেতিয়া৷ সৌমাৰপীঠৰ পৰা ৰত্নপীঠলৈ, কামপীঠৰ পৰা সুবৰ্ণপীঠলৈ, চতাই পৰেবতৰ পৰা ছিৰী লুইতলৈ, বিহুবৰৰ পৰা কলিয়াবৰলৈ বাপতি সাহোনটিৰ বিনন্দীয়া ৰূপ সুধা পান কৰা সভ্যতাই নাপাহৰা চিকুণ বিহুটি পুনৰ আহিছে– অসমীৰ সেউজ ধাৰালৈ৷ এটা বছৰ ক’ভিডে জুৰুলা কৰাৰ পাছত, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে শীতক হেঁচুকি ফাগুন-চ’তৰ বোকোচাত উঠি ঋতুৰাজ বসন্ত আহিছে ধৰিত্ৰীলৈ৷ এতিয়া অসমীয়াৰ পদূলিমুখত ব’হাগ৷ ইফালে চৰাচৰিত প্ৰকৃতিৰ সংবিধান মতে গৰুড়ৰ জীয়াৰী বৰদলৈচিলা মাকৰ ঘৰলৈ গৈছে৷ ব’হাগীয়ে বৰদৈচিলা হৈ সমগ্ৰ ৰাজ্য কোবাই গৈছে৷ বৰদৈচিলাই ৰাজ্যৰ দিহিঙে দিপাঙে কৃষিজীৱী চহা ৰাইজক দিছে প্ৰাক্‌-মৌচুমী সময়ৰ বাৰ্তা আৰু বিহুৰ বতৰা৷ ইফালে ৰঙালীৰ ৰঙক আদৰিবলৈ লৈছে যদিও বিহুক লৈ চিন্তিত অসমীয়া৷ এফালে নিৰ্বাচনৰ ধামখুমীয়া আনফালে কৰ’না মহামাৰীৰ সংহাৰী ৰূপ৷ ক’ভিডকালীন পৰিস্থিতিৰ বাবে বিগত বৰ্ষত ৰঙালী বিহুটি উদ্‌যাপন কৰিব নোৱাৰা অসমীয়া জাতিয়ে এইবাৰ হেঁপাহৰ বিহুটি আদৰিবলৈ সাজু যদিও ভোটৰ পাছতে ক’ভিডে বিধি পঠালি দিয়া আশংকা কৰা হৈছে৷ সেয়ে বিহু আয়োজক সমিতিসমূহো এখোজ আগুৱাই দুখোজ পিছুৱাইছে৷ এটা কথা ষোল্ল অনাই সঁচা যে নিৰ্বাচন আৰু ক’ভিডে বিহু আদৰাত হেঙাৰ হিচাপে থিয় দিছে৷ যাৰ বাবে কিছুমান বিহু উদ্‌যাপন সমিতিয়ে শিল্পী আমন্ত্ৰণ বা শিল্পীক অগ্ৰিম ধন দিব পৰা নাই বা ধন দিয়াৰ ক্ষেত্ৰত হুহকা-পিছলা কৰি আছে৷

কোৱা বাহুল্য যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিভাগীয় মন্ত্ৰীয়ে ‘অসমত ক’ভিড নাই, বিহু পাতক’ বুলি ক’ভিড বিধিক গাপ দিয়াহে দেখা গৈছে৷ যি সময়ত ক’ভিড পৰিস্থিতি জটিল হৈ পৰা বুলি কেন্দ্ৰই গুৰুত্ব দি জৰুৰীকালীন বৈঠক আয়োজন কৰিছে, মহাৰাষ্ট্ৰত নৈশ সান্ধ্য আইন আৰু সাপ্তাহান্তিক [শনি-দেওবাৰে] লকডাউন বলৱৎ কৰিছে, বিগত বৰ্ষৰ অভিলেখ ভংগ কৰি এদিনতে এক লাখ লোক আক্ৰান্ত হৈছে, সেই সময়ত ৰাজ্যৰ সংশ্লিষ্ট মন্ত্ৰীয়ে ‘ৰাজ্যত ক’ভিড নাই, বিহু পাতক’ বা মাস্ক পিন্ধিব নালাগে বুলি ক’ভিড বিধিক উপলুঙা কৰা কাৰ্যক সচেতন মহলে নিৰ্বাচনকেন্দ্ৰিক উবাচ আৰু ই ‘অশ্বথ্বমা হত, ইতি গজ’ৰ দৰে কথা বুলিহে কটাক্ষ কৰা দেখা গৈছে৷ ক’ভিডৰ ৰেকৰ্ডলৈ লক্ষ্য কৰিলে দেখা যায় দেওবাৰে দিনটোত ২৪ ঘণ্টাত দেশত সৰ্বাধিক ১,০৩,৭৬৪ জনৰ নতুনকৈ ক’ভিড পজিটিভ আৰু ৪৭৭ জনৰ মৃত্যু হৈছে৷ আনহাতে ক’ৰনাকালীন বৰ্ষত [২০২০] এদিনত সৰ্বাধিক পজিটিভৰ অভিলেখ আছিল ৯৭,৮৫৯ জন৷ বিগত বৰ্ষৰ ১৬ ছেপ্টেম্বৰৰ সৰ্বাধিক ক’ভিড পজিটিভ হোৱা লোকৰ সংখ্যা আছিল এয়া৷ কিন্তু আজি সেই অভিলেখ ভংগ কৰি দেশত এদিনতে লাখৰ সংখ্যা অতিক্ৰম কৰে৷ কেৱল মহাৰাষ্ট্ৰতে দেওবাৰে ৫৭ হাজাৰ অতিক্ৰম কৰে৷ উজনি অসমৰ লগতে ৰাজ্যৰ কোনো কোনো স্থানত ক’ভিডে পুনৰ সাৰ পাইছে৷ সাতে পাঁচে মিলাই ক’ব পাৰি বিহু উদ্‌যাপনৰ সময়ত যে ক’ভিডে বিধি পথালি দিব সেয়া ধুৰূপ৷ ইফালে, ক’ভিডৰ লগত সহবাস কৰি হ’লেও বিহু উদ্‌যাপনৰ বাবে কঁকালত টঙালি বান্ধিছে ৰাজ্যৰ একাংশ বিহু উদ্‌যাপন সমিতিয়ে৷ বিশেষকৈ বিভাগীয় মন্ত্ৰীয়ে বিহু উদ্‌যাপন কৰিব পাৰিব বুলি দিয়া মৌখিক ইংগিতে তেওঁলোকক বিহু উদ্‌যাপন কৰাত ইন্ধন যোগাইছে৷ আনহাতে নিৰ্বাচনী বতাহ আৰু ক’ভিড সংক্ৰমণ অব্যাহত থকাত ৰাজ্যৰ বহুসংখ্যক বিহুতলী আজিও চেঁচা পৰি আছে৷ ঠায়ে ঠায়ে বিহুদলসমূহে গা-টঙাইছে যদিও ক’ভিডৰ আশংকাত দোমোজাত আছে৷

◾বিহুলৈ কিদৰে সাজু জুবিন-পাপন-মানসকে ধৰি শিল্পীসকল

বিহু অনুষ্ঠানৰ প্ৰসংগত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে কয়– ‘প্ৰথম বিহু অনুষ্ঠান আৰম্ভ কৰিম খাৰঘুলি মঞ্চৰ পৰা৷ উজনি অসমত বহু অনুষ্ঠান আছে৷ এইবাৰ ২০-২৫ খনমান মঞ্চত বিহু অনুষ্ঠান পৰিবেশন কৰিম’৷ বিহু চাবলৈ আহোতে মাস্ক পিন্ধি আহবলৈ তেওঁ ৰাইজক আহ্বান জনায়৷ ‘আমাৰ অসম’ৰ হাতত পৰা তথ্য মতে জুবিন গাৰ্গ আৰু¸ তৰালি শৰ্মাই এইবাৰ একেদিনাই দুখন মঞ্চত দূৰৈৰ অনুষ্ঠানত অংশ নলয়৷ জনপ্ৰিয় শিল্পী পাপনেও পৰিস্থিতি ঠিক থাকিলে এইবাৰ বিহু মঞ্চত তেওঁক দেখা পাব বুলি জানিবলৈ দিয়ে৷

ইফালে ৰাজ্যৰ এজন জনপ্ৰিয় তথা সমাজ সচেতন শিল্পী মানস ৰবীনে ‘আমাৰ অসম’ক কয় যে– ‘জনস্থাস্থ্যতকৈ মনোৰঞ্জন ডাঙৰ হ’ব নোৱাৰে৷ গতিকে ৰাইজে মাতিলে যাম, গাবলৈ ক’লে গাম৷ বিশ্ব কঁপোৱা কৰ’নাৰ বাবে বিগত বৰ্ষত বিহু উদ্‌যাপন নহ’ল৷ সেয়ে পৰিস্থিতি সাপেক্ষে কওঁ ৰাইজৰ সুৰক্ষাৰ বিষয়টো প্ৰথম আৰু মনোৰঞ্জন সদায় দ্বিতীয় স্থানত’৷ মাননিৰ প্ৰসংগত মানস ৰবীনে কয়– বিহু উদ্‌যাপন সমিতিৰ সাধ্যানুযায়ী আৰু আমাৰ দলটোৰ অনুষ্ঠানলৈ লক্ষ্য ৰাখি মাননিৰ কথাটো ঠিৰাং কৰা হয়৷ তেওঁ পুনৰ কয়– ‘জনস্বাস্থ্যতকৈ মনোৰঞ্জন ডাঙৰ হ’ব নোৱাৰে’৷

ইফালে প্ৰবীন শইকীয়া-ৰশ্মিৰেখা শইকীয়াৰ তত্বাৱধানত ‘পঞ্চসুৰ’ সাজু হৈছে লোকসংগীতৰ অনুষ্ঠানৰ বাবে৷ সেইদৰে গায়িকা-অভিনেত্ৰী দীপলিনা ডেকা, গায়ক অনুপম শইকীয়া, কুসুম কৈলাশ, ভিতালী দাস, সীমান্ত শেখৰ, ভৃগু কাশ্যপ, ৰাকেশ ৰিয়ান, হিয়া মেধি, নেকিব, মণ্টুমণি, প্ৰাচুৰ্য, দীক্ষু, বিপিন চাউদাং, জয়ন্ত সোণোৱাল, বিমান বৰুৱা আদিয়ে কঁকালত টঙালি বান্ধিছে বিহু মঞ্চৰ বাবে৷

আমাৰ হাতত পৰা তথ্য মতে ভোট-ক’ভিডৰ মাজত বিহু মঞ্চলৈ সাজু হৈছে ৰাজ্যৰ ৫ শতাধিক গায়ক-গায়িকা৷ ইয়াৰে একাধিকে বিহু মঞ্চৰ বাবে গীতৰ আখৰা পূৰ্ণোদমে চলাইছে যদিও নিৰ্বাচনত ব্যস্ত থকাৰ বাবে বহুতে আখৰা আৰম্ভ কৰিব পৰা নাই৷ এতিয়া আহো শিল্পীৰ মাননি প্ৰসংগলৈ৷ প্ৰায়সংখ্যক শিল্পীয়েই ভোট-ক’ভিডক দোহাই দি পূৰ্বৰ মাননিৰ পৰিমাণকে এইবাৰো বাহাল ৰখা বুলি জনায়৷ ৰাজ্যৰ কেইবাগৰাকীমান গায়ক-গায়িকাৰ মাননি এনে ধৰণৰ–

   শিল্পীৰ নাম মাননি

◾জুবিন গাৰ্গ ৫-৮ লাখ টকা

◾অংগৰাগ পাপন মহন্ত ৬-৮ লাখ টকা

◾তৰালি শৰ্মা ২-৪ লাখ টকা

◾প্ৰিয়ংকা ভৰালী ২-৪ লাখ টকা

◾নীল আকাশ ৪.৫০-৪.৮০ লাখ টকা

◾কৃষ্ণমণি নাথ ২-৩ লাখ টকা

◾বাবু বৰুৱা ২.৫০-৩ লাখ টকা

◾বৰ্ণালী কলিতা ২.৫০-৩.৫০ লাখ টকা

◾নিৰ্মালী দাস ২.৫০-৩ লাখ টকা

◾জিনা ৰাজকুমাৰী ১.২০-১.৮০ লাখ টকা

◾বেহাৰবাৰী আউটপোষ্ট ১-১.৫০ লাখ টকা