Logo
image

মুখ্যমন্ত্ৰীৰ শক্তিশেলৰ মাজতে আইনী ব্যৱস্থা গ্ৰহণৰ ভাবুকি গৌৰৱৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৪ ফেব্ৰুৱাৰীঃ  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সঘন শক্তিশেলৰ পাছত আইনী পদক্ষেপ লোৱাৰ ভাবুকি দিছে সাংসদ গৌৰৱ গগৈয়ে৷ লোকসভাৰ কংগ্ৰেছৰ উপ-দলপতিজনে শুকুৰবাৰে  ‘এক্স’ হেণ্ডেলযোগে কয়–বিজেপিয়ে মোৰ লগতে মোৰ পৰিয়ালৰ মানহানিৰ ক্ষেত্ৰত সকলো সীমা অতিক্ৰম কৰিছে৷ তেওঁলোকৰ মোৰ বিৰুদ্ধে অভিযোগ বিদ্বেষপৰায়ণ আৰু ভিত্তিহীন৷ এনে কাৰ্যৰ বিৰুদ্ধে মই উপযুক্ত আইনী ব্যৱস্থা ল’ম৷’ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাসহ বিজেপিৰ বিভিন্ন নেতা পাকিস্তানৰ উচ্চায়ুক্তৰ কাৰ্যালয়ৰে সম্পৰ্ক ৰক্ষা কৰাৰ অভিযোগত পত্নীসহ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে৷ তাৰ পাছতে সাংসদ গৌৰৱ গগৈয়ে পাকিস্তানৰ প্ৰাক্তন উচ্চায়ুক্তৰ সৈতে বৈঠকত ভাগ লোৱাৰ বিষয়ে সবিস্তাৰে ব্যাখ্যা কৰি নিজৰ স্থিতি স্পষ্ট কৰি দিছে৷ তেওঁ কয়–‘পাকিস্তানৰ প্ৰাক্তন উচ্চায়ুক্ত আব্দুল বাছিতৰ সৈতে হোৱা এক পেনেল আলোচনাৰ এখন ফটো প্ৰচাৰ কৰি থকা দেখি ২০১১ চনত কেইজনমান বন্ধুৰ সৈতে লগ লাগি মই প্ৰতিষ্ঠা কৰা ‘‘Youth Forum on Foreign Policy‘‘ নামৰ সংগঠনটোৰ দিনৰ কথাবোৰ মনত পেলাই দিলে৷ এনেধৰণৰ এটা ফৰাম গঠন কৰিবলৈ মোৰ মনলৈ প্ৰথম ধাৰণাটো আহিছিল যেতিয়া মই ৰাষ্ট্ৰসংঘৰ নিউয়ৰ্কস্থিত ভাৰতৰ স্থায়ী মিছনত ২০১০ চনত ইণ্টাৰ্নশ্বিপ কৰি আছিলো৷ সেয়েহে ২০১১ চনত মই এনে এটা ফ’ৰাম গঠন কৰিব বিচাৰিছিলো য’ত ভাৰতীয় শিক্ষাৰ্থী আৰু যুৱ পেছাদাৰীসকলে বৈদেশিক নীতি আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বিষয়ে আলোচনা কৰিবলৈ সুবিধা লাভ কৰিব পাৰে৷ বিশেষকৈ ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰা আৰু UPSC পৰীক্ষাৰ প্ৰাৰ্থীসকলৰ বাবে ই অত্যন্ত উপযোগী হিচাপে পৰিগণিত হৈছিল৷  Youth Forum on Foreign Policy য়ে ভাৰতীয় কূটনীতিবিদ আৰু বিদেশী ৰাষ্ট্ৰদূতসকলৰ সৈতে আলোচনাৰ আয়োজন কৰিছিল৷ এনে আলোচনা আৰু মত-বিনিময় অনুষ্ঠানে শিক্ষাৰ্থীসকলক জ্ঞানৰ বিকাশত যথেষ্ট অৰিহণা যোগাইছিল৷  আমি ভাৰতৰ প্ৰাক্তন বৈদেশিক সচিব শ্যাম চৰণ, প্ৰাক্তন আমেৰিকান ৰাষ্ট্ৰদূত ৰিচ ভাৰ্মা, ইউনাইটেড কিংডমৰ প্ৰাক্তন হাই কমিচনাৰ জেমছ বেভান, প্ৰফেছাৰ চি. ৰাজা মোহন, নন্দন নীলকাৰ্ণী, অৱসৰপ্ৰাপ্ত কূটনীতিবিদ, সংসদ সদস্য, আৰু নেদাৰলেণ্ড, চিংগাপুৰ, ইজৰাইল, অষ্ট্ৰেলিয়া, থাইলেণ্ড, পাকিস্তান আদি দেশৰ ৰাষ্ট্ৰদূতসকলৰ দৰে বিশেষজ্ঞসকলৰ সৈতে সাক্ষাৎ কৰিছিলো৷  মোৰ মনত পৰে যে সেই সময়ত আমি আমাৰ দেশৰ বৈদেশিক মন্ত্ৰণালয়ৰ ‘‘পাব্লিক ডিপ্ল’মেচি’’ শাখাৰ সৈতেও সহযোগিতা কৰিছিলো৷  ২০১১ চনটো আমাৰ বাবে উৎসাহ ভৰা আছিল৷ কাৰণ আমি সেই সময়চোৱাত দিল্লী, গুৱাহাটী, বাংগালুৰু, মুম্বাই, কলকাতা আৰু চণ্ডীগড়ত কলেজৰ শিক্ষাৰ্থী আৰু যুৱ পেছাদাৰীসকলৰ সহায়ত ফ’ৰামৰ শাখা স্থাপন কৰিবলৈ সক্ষম হৈছিলো৷  ২০১২ চনত গুৱাহাটীত অনুষ্ঠিত আলোচনাচক্ৰলৈ অৰ্থনীতিৰ নোবেল বঁটা বিজয়ী জোচেফ ষ্টিগলিজক মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰি আনিবলৈ সক্ষম হোৱাতো মোৰ বাবে এক ব্যক্তিগত স্মৰণীয় ঘটনা আছিল৷  কিন্তু ২০১৪ চনত মই সংসদ সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ বাবে এই ফ’ৰামৰ সৈতে জড়িত মোৰ কাম-কাজ হ্ৰাস কৰিবলগীয়া হ’ল৷ সৌভাগ্যক্ৰমে, এদল মেধাবী যুৱক-যুৱতীৰ দলে ফ’ৰামৰ দায়িত্ব লৈ গৱেষণা আৰু ফেল’শ্বিপ কাৰ্যসূচী অব্যাহত ৰাখিছিল৷  মোৰ ভূমিকা এতিয়া প্ৰায় তেওঁলোকৰ পৰামৰ্শদাতাত পৰিণত হ’ল৷ তেওঁলোকৰ বহুতে আজি সফল হৈ থকা দেখি মই সন্তুষ্টি লাভ কৰো৷ স্বাভাৱিকতে, মই বৈদেশিক নীতিৰ প্ৰতি সদায়েই আগ্ৰহী হৈয়েই আছোঁ৷   পাকিস্তানী ৰাষ্ট্ৰদূতৰ সৈতে হোৱা আমাৰ সাক্ষাৎকাৰত এটা হাস্যকৰ ঘটনা আছিল যে আমি কেৱল ক্ৰিকেটৰ বিষয়েই আলোচনা কৰা নাছিলো, বৰঞ্চ কোন দেশৰ কাবাব বেচি সুস্বাদু সেই বিষয়েও বাদ-বিবাদ কৰিছিলো ! YFFP  ফ’ৰামৰ বিষয়ে জানিবলৈ ইচ্ছুক সকলৰ বাবে ফেচবুক পৃষ্ঠাৰ লিংক তলত দিয়া হ’ল- অনুগ্ৰহ কৰি তলৰ ফটোবোৰ চাব৷ আপোনালোকে ৰাজীৱ চন্দ্ৰশেখৰ, জয় পাণ্ডা, ৱাছবিৰ হুছেইন, ননী গোপাল মহন্ত আদিকে ধৰি চিনাকি মুখসমূহ দেখা পাব৷ 


গৌৰৱে সংসদত উত্থাপন কৰা দেশৰ সুৰক্ষা বিঘ্নিত কৰিব পৰা প্ৰশ্নক লৈ সৰৱ মুখ্যমন্ত্ৰী 

সংসদত দেশৰ সুৰক্ষা বিঘ্নিত কৰা প্ৰশ্নৰ প্ৰতি সৰৱ হৈ উঠিছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ সামাজিক মাধ্যমত বৃহস্পতিবাৰৰ পৰা মুখ্যমন্ত্ৰীয়ে অসমৰ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে কেইবাটাও অভিযোগ তুলি দেশৰ সুৰক্ষাজনিত বহু প্ৰশ্ন উত্থাপন কৰিছে৷  মুখ্যমন্ত্ৰীৰ এই প্ৰশ্ন তথা অভিযোগৰ পাছতে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে৷ বৃহস্পতিবাৰে এক্স আৰু ফেচবুক মাধ্যমেৰে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈক উদ্দেশ্য কৰি কয়– ২০১৫ চনৰ কথা৷ ভাৰতস্থ পাকিস্তানৰ উচ্চায়ুক্ত আব্দুল বাছিতে নতুন দিল্লীত পাকিস্তানৰ উচ্চায়ুক্ত কাৰ্যালয়ত ভাৰত-পাকিস্তানৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰিবলৈ প্ৰথম কাৰ্যকালৰ এগৰাকী নৱাগত সাংসদ আৰু তেওঁৰ ষ্টাৰ্টআপ ‘ইউথ ফ’ৰাম ফৰেইন পলিচী’ক আমন্ত্ৰণ জনাইছিল৷ অসমে বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বাবে সৃষ্টি হোৱা কিমান গুৰুতৰ সমস্যাৰ মাজেৰে পাৰ হৈ আহিছে৷ তেওঁৰ সেই সময়ৰ সংসদীয় প্ৰশ্নসমূহ পুংখানুপুংখভাৱে পৰীক্ষা কৰিলে ক’ষ্ট গাৰ্ডৰ ৰাডাৰ স্থাপন, ভাৰতৰ অস্ত্ৰ কাৰখানা, বিমান প্ৰতিৰক্ষা, ইৰানৰ সৈতে বাণিজ্যৰ বাবে ট্ৰেনজিট পথ, কাশ্মীৰী ছাত্ৰ-ছাত্ৰী আৰু গিৰ্জাত আক্ৰমণৰ অভিযোগ আদিৰ বিষয়ে অনুসন্ধানকে ধৰি অতি স্পৰ্শকাতৰ প্ৰতিৰক্ষা সম্পৰ্কীয় বিষয়সমূহে গুৰুত্ব বেছিকৈ পোৱাতো পৰিলক্ষিত হয়৷ এই প্ৰসংগই বাস্তৰিকতে অতি স্পৰ্শকাতৰ বিষয়সমূহৰ প্ৰতি তেওঁৰ অবাঞ্ছিত আগ্ৰহকে প্ৰতিপন্ন কৰিছে৷ লক্ষণীয়ভাৰে এই সমগ্ৰ ঘটনাপ্ৰবাহ তেওঁ ‘প্ৰফেশ্যনেল বেকগ্ৰাউণ্ড’ থকা এগৰাকী ব্ৰিটিছ যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছমুহূৰ্ততে ঘটিছিল আৰু সেয়ে স্বাভাৱিকতেই ই বিভিন্ন প্ৰশ্নৰ অৱতাৰণা ঘটাইছে৷ বিবাহৰ পূৰ্বে সংসদজনৰ পত্নীয়ে পাকিস্তানী প্ৰতিষ্ঠানৰ সৈতে ঘনিষ্ঠ সম্পৰ্কৰ বাবে বিশেষভাৰে পৰিচিত এজন আমেৰিকান চিনেটৰৰ বাবে কাম কৰিছিল আৰু পাছলৈ যথেষ্ট সময় পাকিস্তানতে কটাইছিল৷ তেওঁ পাক চোৰাংচোৱা সংস্থা আই এছ আইৰ ঘনিষ্ঠ বুলি পৰিচিত এটা সংস্থাত কৰ্মৰত আছিল৷ এই সমগ্ৰ ঘটনাপ্ৰবাহ আৰু ঘটনাৰ সময়সূচীয়ে সাংসদগৰাকীৰ ৰাজনৈতিক স্থিতি আৰু পদক্ষেপ সন্দৰ্ভত আন এক অত্যন্ত সন্দেহজনক অধ্যায়ৰ সংযোজন ঘটাইছে৷ মুখ্যমন্ত্ৰীয়ে পুনৰ প্ৰশ্ন তোলে যে বিৰোধী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতৰ সৈতে এনে উচ্চ পৰ্যায়ৰ বৈঠকৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ অনুমোদন আৰু বৈঠকৰ পাছত ইয়াৰ বিতং বৰ্ণনাৰ প্ৰয়োজন হয়৷ ৰাজনীতিতকৈ ৰাষ্ট্ৰীয় নিৰাপত্তাই যিহেতু সদায়েই প্ৰাথমিক অগ্ৰাধিকাৰ পাব লাগে, সাংসদগৰাকীয়ে সেই সময়ত এই অত্যাৱশ্যকীয় চৰ্তসমূহ সম্পূৰ্ণকৈ মানি চলিছিলনে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন উত্থাপন কৰে৷ মুখ্যমন্ত্ৰীয়ে ২৬/১১ মুম্বাই আক্ৰমণে ভাৰতৰ উপকূলীয় সুৰক্ষা ব্যৱস্থাত থকা সুৰুঙাসমূহ উন্মোচিত কৰিছিল বুলি উল্লেখ কৰি কয় যে সেই সম্পৰ্কে গৌৰৱ গগৈয়ে সংসদত উত্থাপন কৰা এটি প্ৰশ্নৰ জৰিয়তে উপকূলীয় ৰাডাৰ ষ্টেচনসমূহৰ সম্পৰ্কে বিশদ তথ্য বিচাৰিছিল৷ সাংসদগৰাকীৰ এই প্ৰশ্নৰ পাছত স্বাভাৱিকতে প্ৰশ্ন উত্থাপিত হৈছে অসমৰ দৰে ৰাজ্য এখনৰ সাংসদে কিয় উপকূলীয় ৰাডাৰ ব্যৱস্থা সন্দৰ্ভত ভাৰত চৰকাৰৰ পৰা গোপন তথ্য বিচাৰিছিল? লগতে এনে সংবেদনশীল তথ্য ৰাজহুৱা কৰাৰ কিবা প্ৰয়োজন আছে নেকি? মুখ্যমন্ত্ৰীয়ে পুনৰ প্ৰশ্ন তোলে যে পাকিস্তানৰ উচ্ছায়ুক্তৰ সৈতে বৈঠকৰ পাছতে সংসদত কিয় এনে প্ৰশ্ন উত্থাপন কৰা হৈছিল? গৌৰৱ গগৈৰ পত্নীৰ ভাৰতীয় নাগৰিকত্বক লৈ প্ৰশ্ন তুলি মুখ্যমন্ত্ৰী শৰ্মাই সামাজিক মাধ্যমত ২০২৫ চনৰ ভোটাৰ তালিকাৰ প্ৰামাণিক প্ৰতিলিপি দি তীব্ৰ কটাক্ষ কৰি কয়- সাংসদগৰাকীৰ পত্নীয়ে ভাৰতীয় নাগৰিকত্ব লৈছে নে নাই বুলি সুধি থকাসকলৰ বাবে মোৰ সহজ উত্তৰ হ’ল— মই নাজানো৷ কিন্তু ইয়াৰ সৈতে সংলগ্ন কৰি দিয়া যোৰহাটৰ ভোটাৰ তালিকাৰ প্ৰামাণিক প্ৰতিলিপিত পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা দেখা গৈছে, কিন্তু তেওঁৰ পত্নীৰ নামটো ইয়াত নাই৷ মুখ্যমন্ত্ৰীয়ে এই সাঁথৰৰ উত্তৰ ৰাইজক বিচাৰ কৰিবলৈ আহ্বান জনায়৷ মুখ্যমন্ত্ৰীয়ে অহা ১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া অসম কেবিনেটৰ বৈঠকত সেইসমূহ বিষয়ত আলোচনা কৰা হ’ব বুলি উল্লেখ কৰি সেই আলোচনাই বিষয়টো সম্পূৰ্ণ নিৰপেক্ষ আৰু পুংখানুপুংখভাৰে মূল্যায়ন কৰি পক্ষপাতহীন দৃষ্টিকোণেৰেই যিকোনো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাটো নিশ্চিত কৰিব বুলিও উল্লেখ কৰে৷ স্বাভাৱিকতেই এনে প্ৰশ্নসমূহৰ গোপন উদ্দেশ্য আৰু বিস্তৃত প্ৰভাৱৰ বিষয়টোৱে গুৰুতৰ চিন্তাৰ উদ্ৰেক কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈক আক্ৰমণ কৰি কয় যে ভাৰতে আব্দুল বাছিতৰ আচৰণৰ প্ৰতি কঠোৰ দৃষ্টিভংগী ল’বলৈ আৰম্ভ কৰাৰ পাছত প্ৰতিৰক্ষা আৰু পাৰমাণৱিক বিষয়ৰ প্ৰতি সাংসদগৰাকীৰ আগ্ৰহ লক্ষণীয়ভাৰে হ্ৰাস পালে, গতিকে এই বিষয়বোৰো গুৰুত্ব সহকাৰে বিবেচনা কৰাৰ প্ৰয়োজন আছে৷ ইয়াৰ পাছতে শুকুৰবাৰে গৌৰৱ গগৈয়ে সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীক উদ্দেশ্যে এটি স্পষ্টীকৰণ দিয়ে আৰু তাৰ পাছতে মুখ্যমন্ত্ৰীয়ে কয় যে গৌৰৱ গগৈৰ স্পষ্টীকৰণে পাকিস্তান উচ্চায়ুক্তৰ সৈতে হোৱা বৈঠক আৰু তাৰ পাছত কৰা সংসদীয় প্ৰশ্নসমূহৰ সৈতে একাকাৰ কৰিব নোৱাৰি৷ মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে আমি কৰা সহজ অথচ গুৰুতৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াৰ পৰা তেওঁ বিৰত আছে৷ পাকিস্তান উচ্চাযুক্তৰ সৈতে হোৱা বৈঠক ভাৰত চৰকাৰৰ সন্মতি সাপেক্ষে হৈছিল নেকি? আৰু সাংসদগৰাকীয়ে বৈঠকৰ অন্তত গৃহ মন্ত্ৰালয় বা বৈদেশিক পৰিক্ৰমা ম্যালয়ক ইয়াৰ বৰ্ণনা দিছিল নেকি বুলি মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈক উভতি ধৰে৷ অসমৰ কেইবাগৰাকী বিশিষ্ট নাগৰিকৰ ফটো শ্বেয়াৰ কৰি গৌৰৱ গগৈয়ে ৰাজহুৱা জবাবদিহিতাক অন্য দিশলৈ ঠেলিবলৈ কৰা অপচেষ্টাই মূল বিষয়টোক প্ৰকৃতাৰ্থত সলনি নকৰে৷ ক্ৰমাৎ বিষয়টো গভীৰতলৈ গৈ থকা সময়ত মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি উঠা প্ৰশ্নৰ বাবে বেচৰকাৰী সংস্থাটোৰ বিষয়ে সবিশেষ জানিব বিচাৰোঁ৷ ভাৰতীয় নাগৰিক হিচাপে সাংসদগৰাকীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এন জি অ’ৰ সমৰ্থনত ৰেষ্ট বেংকৰ নাবলুছ, ৰামাল্লাহ, হেব্ৰন, জেনিন, নাজৰেথ, বেথেলেহমৰ দৰে ঠাই ভ্ৰমণ কৰিছিল নেকি বুলি প্ৰশ্ন উত্থাপন কৰি কয় যে এই প্ৰশ্ন কৰিবলৈ আমাৰ সম্পূৰ্ণ অধিকাৰ আছে বুলি ভাবোঁ৷  গৌৰৱ গগৈৰ পাকিস্তান উচ্ছায়ুক্তৰে সংযোগ সন্দৰ্ভত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয়–এয়া সংবাদ মাধ্যমৰহে চৰ্চাৰ বিষয়৷ ইফালে ৰাজ্যৰ বিভিন্ন জলন্ত সমস্যাৰ সময়ত নাটকীয়ভাৱে মৌনতা অবলম্বন কৰি অহা আছুৰ সভাপতি উৎপল শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে৷ তেওঁ কয়–গৌৰৱ গগৈ ৰাজহুৱা জীৱনত থকা ব্যক্তি হিচাপে এনে স্পৰ্শকাতৰ বিষয় এটাৰে অভিযোগ অনাৰ পাছত তেওঁৰ নৈতিক দায়িত্ব ৰাইজ আস্বস্ত হোৱাকৈ, ৰাইজে পতিয়ন যোৱাকৈ গোটেই বিষয়টো সন্দৰ্ভত স্থিতি স্পষ্ট কৰিব লাগে৷ তেওঁক আমি আহ্বান জনাইছো৷ তেওঁৰ বিৰুদ্ধে তেওঁৰ পৰিবাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে৷ দেশৰ নিৰাপত্তাজনিত বিষয় এটাত অভিযোগ উত্থাপিত হৈছে৷ ৰাইজে পতিয়ন যোৱাকৈ এটা ব্যাখ্যা আগবঢ়াব লাগে৷ তাৰ বিকল্প একো নাই৷ দ্বিতীয়তে ভাৰতবৰ্ষৰ দৰে বৃহৎ দেশ এখনৰ গৃহ বিভাগ আছে, গৃহ বিভাগৰ অধীনত চোৰাংচোৱা সংস্থা আছে৷ তাৰ পাছতো দেশৰ সাংসদ এজনৰ বিৰুদ্ধে তেওঁৰ পত্নীৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন হ’বলৈ পাইছে আৰু যদি অভিযোগটো সঁচা হয় তেনেহ’লে গৃহ বিভাগৰ বাবে ইয়াতকৈ ব্যৰ্থতা একো হ’ব নোৱাৰে৷ ২০১৫ চনৰ কথা ২০২৫ চনতহে শাসক দলৰ মাজলৈ আহিল কিয়? ইমানদিনে এনেকৈ যদি গৃহ বিভাগ চলি আছে, দেশৰ নিৰাপত্তা যে বিশ্বাসযোগ্য লোকৰ হাতত নাই সেই কথা প্ৰমাণ হৈ গৈছে৷ গৌৰৱ গগৈ বিতৰ্ক সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কয়–কংগ্ৰেছ দলৰ নেতাসকলে বিভিন্ন সময়ত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰশ্ন জড়িত থকা বহু বিষয়ত বিতৰ্কিত স্থিতি গ্ৰহণেৰে দেশবাসীৰ সন্মুখত নিজৰ প্ৰকৃত স্বৰূপ উদঙাই দিয়া কাৰ্য নতুন নহয়৷ ইয়াৰে ধাৰাবাহিকতা অব্যাহত ৰাখি শেহতীয়াকৈ কংগ্ৰেছ দলৰ লোকসভাৰ উপ-দলপতি, সাংসদ গৌৰৱ গগৈয়ে নিজৰ আৰু নিজ পত্নীৰ ওপৰত উত্থাপিত গুৰুতৰ অভিযোগৰ উত্তৰত অত্যন্ত তৰল মন্তব্য প্ৰকাশ কৰি দেশৰ জনতাক ভেঙুচালিহে কৰা পৰিলক্ষিত হৈছে৷ বিষয়টো স্পষ্টীকৰণৰ নামত গৌৰৱ গগৈয়ে প্ৰকাশ কৰা বক্তব্যত উত্থাপিত অভিযোগৰ মূল বিষয়বস্তু সন্দৰ্ভত একোৱেই নাই৷ ইয়াৰ যোগেদি গগৈয়ে এগৰাকী জনপ্ৰতিনিধি হিচাবে দায়িত্ববোধ আৰু বিশ্বাসযোগ্যতাৰ প্ৰশ্নত নিজকে চূড়ান্ত সন্দেহৰ আৱৰ্তলৈ লৈ গৈছে৷ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক’লবাৰ্ণৰ চৰম ভাৰতবিদ্বেশী জৰ্জ ছ’ৰছৰ সৈতে সম্পৰ্ক বা পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সৈতে সম্পৰ্কৰ বিষয়েই হওক, পাকিস্তানৰ উচ্ছাযুক্তৰ সৈতে গৌৰৱ গগৈৰ বৈঠকৰ পিচতে দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তা, পাৰমাণৱিক খণ্ডৰ দৰে সংবেদনশীল বিষয়ত সংসদত প্ৰশ্ন উত্থাপনৰ বিষয়েই হওক- কংগ্ৰেছ দলৰ নেতৃত্ব বা গৌৰৱ গগৈয়ে ভৰা ধৰণে উলাই কৰিব পৰা বিষয় নহয়৷ ই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগত জড়িত অত্যন্ত গুৰুতৰ আৰু প্ৰাসংগিক প্ৰশ্ন৷ সততে সৰলতাৰ মুখা পিন্ধি দেশ তথা ৰাজ্যখনৰ জনগণক আভুৱা ভাৰিব বিচৰা কংগ্ৰেছ নেতাগৰাকীৰ প্ৰকৃত চৰিত্ৰ এই কাৰ্যই উন্মোচিত কৰিছে৷

গৌৰৱ গগৈয়ে স্থিতি স্পষ্ট কৰকঃ মন্ত্ৰী জয়ন্ত মল্ল

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, বৰপেটাঃ  পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে আৰম্ভ কৰিছে প্ৰীতিভোজৰ ৰাজনীতি৷ ইতিমধ্যে ৰাজ্যৰ প্ৰায় প্ৰতিটো বিধানসভা সমষ্টিতে দলীয় কৰ্মীসকলৰ মাজত বিজেপি দলে প্ৰীতিভোজ পাতি পঞ্চায়ত নিৰ্বাচনৰ বাবে দলীয় কাৰ্যকৰ্তাক সাজু কৰিবলৈ প্ৰস্তুতি চলাইছে৷ এই কাৰ্যসূচীৰ অংশ হিচাপে আজি বৰপেটা সমষ্টিভিত্তিত বিজেপিৰ নৱ-নিযুক্ত মণ্ডল আৰু বুথ সভাপতিসকলক লৈ এখন মত বিনিময় আৰু প্ৰীতিভোজৰ আয়োজন কৰা হয়৷ বৰপেটা চহৰৰ ছায়াৰাম ছোৱালী শিক্ষানুষ্ঠানৰ খেলপথাৰত আয়োজিত এই এই মত বিনিময় আৰু প্ৰীতিভোজ অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিধায়ক ফণীধৰ তালুকদাৰ, বৰপেটা জিলা বিজেপিৰ সহঃপ্ৰভাৰী বিভূতি ভূষণ বৰঠাকুৰ, জিলা সভাপতি মহেন্দ্ৰ দাস, প্ৰাক্তন জিলা সভাপতি অনিল দাস, সম্পাদক হেমন্ত দেউৰী, নিপা কলিতা, যুৱ মৰ্চাৰ জিলা সভাপতি দুলাল দাস প্ৰমুখ্যে দলীয় কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰে৷ বৰপেটা সমষ্টিভিত্তিত বিজেপিৰ নৱ-নিযুক্ত মণ্ডল আৰু বুথ সভাপতিসকলক লৈ অনুষ্ঠিত মত বিনিময় আৰু প্ৰীতিভোজত অংশ লৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দলৰ কাৰ্যকৰ্তাসকলক পঞ্চায়ত নিৰ্বাচনৰ সাজু হ’বলৈ আহ৩ান জনায়৷ ব’হাগ বিহুৰ আগে-পিছে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি উল্লেখ কৰি মন্ত্ৰীজনে ইয়াৰ বাবে দলীয় কাৰ্যকৰ্তাসকলক সাজু হ’বলৈ আহ্বান জনায়৷ আনহাতে বিগত লোকসভা নিৰ্বাচনৰ ফলাফলৰ ভিত্তিত বিজেপিয়ে মিত্ৰদলৰে মিলি এশটা সমষ্টি দখলৰ লক্ষ্য গ্ৰহণ কৰাৰ কথাও তেওঁ প্ৰকাশ কৰে৷  বৰপেটা আৰু ভৱানীপুৰ-সৰভোগ বিধানসভা সমষ্টি দুটা এইবাৰ বিজেপিয়ে দখল কৰিব বুলি দাবী কৰাৰ লগতে সহযোগী দলসমূহক আসন এৰি দিয়া সম্পৰ্কতো মন্তব্য কৰে৷ এই মন্তব্যৰ জৰিয়তে বৰপেটা সমষ্টিত বিজেপিয়ে নিৰ্বাচন খেলাতো প্ৰায় নিশ্চিত বুলি ধাৰণা কৰা হৈছে৷ ইপিনে যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে পাকিস্তান উচ্চায়ুক্তৰে বৈঠক সম্পৰ্কত চলি থকা চৰ্চা সম্পৰ্কত সাংসদজনক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ মন্ত্ৰী বৰুৱাই আহ৩ান জনায়৷ আনহাতে শনিবাৰে অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠকত গৌৰৱ গগৈৰ প্ৰসংগত আলোচনা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কৰা ঘোষণাৰ কথাও মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদ মাধ্যমৰ আগত সদিৰ কৰে৷ ইফালে, সমগ্ৰ বিষয়টো সন্দৰ্ভত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে এইদৰে কয়– ‘গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ আইএছআইৰ সৈতে সম্পৰ্ক আছে বুলি মুখ্যমন্ত্ৰীয়ে কৰা দাবীৰ তদন্ত হওক৷ কিন্তু একে সময়তে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই ডুবাই আৰু ছিংগাপুৰত হোটেল তথা ৰিয়েল ইষ্টেট ব্যৱসায়ত পুঁজি বিনিয়োগ কৰা বুলি কংগ্ৰেছৰ সহঃতত্ত্বাৱধায়কে উত্থাপন কৰা অভিযোগৰো তদন্ত হওক৷ দুয়োটা অভিযোগৰে চিবিআইৰ তদন্ত হওক৷ তেতিয়াহে ক’ৰ পানী ক’লৈ যায় ওলাই পৰিব৷’

ফেচবুকৰহে বিষয়, বিধানসভাৰ নহয় ! অধ্যক্ষ দৈমাৰী

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদকঃ  কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক’লবাৰ্ন গগৈৰ পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ সৈতে সম্পৰ্ক থকা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলে সামাজিক মাধ্যমত কৰা অভিযোগক লৈ এইবাৰ মুখ খুলিলে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে৷ ছ’চিয়েল মিডিয়াযোগে মুখ্যমন্ত্ৰী শৰ্মাই কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে পাকিস্তানৰ ভাৰতস্থিত উচ্চায়ুক্তক সাক্ষ্যাৎ কৰাৰ পুৰণি এখন ফটোক লৈ বিষয়টো কেবিনেটত উত্থাপন কৰিব বুলি সদৰী কৰিছে যদিও গৌৰৱ গগৈৰ পত্নীৰ বিতৰ্কৰ সৈতে অসম বিধানসভাৰ সম্পৰ্ক নাই বুলি স্পষ্ট কৰি দিছে বিধানসভাৰ অধ্যক্ষ দৈমাৰীয়ে৷ শুকুৰবাৰে সংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত গৌৰৱ গগৈয়ে পত্নীৰ বিষয়টো ছ’চিয়েল মিডিয়াত হোৱা বিতৰ্ক বুলি অভিহিত কৰি ইয়াৰ লগত বিধানসভাৰ সম্পৰ্ক নাই বুলিও উল্লেখ কৰে৷ এই সন্দৰ্ভত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয়– গৌৰৱ গগৈৰ পত্নীৰ বিতৰ্কটো মিডিয়াতহে চলি আছে৷ এইটো বিধানসভাৰ বিষয় নহয়৷ মোৰ ফালৰ পৰা এই বিষয়টোক লৈ বিধানসভাৰ অধ্যক্ষ হিচাপে ক’বলগীয়া একো নাই৷ এই বিষয়টো মিডিয়াত চলি আছে৷ ইয়াত কৰিবলগীয়া থাকিলে চৰকাৰে কৰিব৷ এই বিষয়টোত মুখ্যমন্ত্ৰীয়ে টুইটত কৈছে, গৌৰৱ গগৈয়ো ক’ৰবাত কিবা কৈছে৷ বিধানসভাত এই বিষয়টো নাথাকে৷ কোনোবাই যদি নিয়ম মতে বিধানসভাত এই বিষয়টো উত্থাপন কৰে, তেনেহ’লে সেয়া সময়তহে ক’ব পৰা যাব৷ বিধানসভাই সকলো বিষয় আলোচনা নকৰে৷ যদি আলোচ্যৰ বিষয় হয়, সেয়াও বিধানসভাত উত্থাপন কৰাৰ নিয়ম আছে৷ গতিকে নিয়ম অনুযায়ীহে সকলো হ’ব৷