
সোণোৱাল, দিলীপৰ একেদিনাই মহাকুম্ভস্নান
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৪ ফেব্ৰুৱাৰীঃ সনাতনীৰ গৰ্ব মহাকুম্ভত আজি উপস্থিত হৈ স্নান কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই৷ দুয়ো আজি প্ৰয়াগৰাজত মহাকুম্ভস্নান কৰে৷ প্ৰয়াগৰাজত স্নান কৰিবৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল পুৱাই বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লযোগে দিল্লীৰ পৰা আন সতীৰ্থ সাংসদৰ সৈতে প্ৰয়াগৰাজলৈ ৰাওনা হয়৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ শুভ্ৰ বস্ত্ৰ পিন্ধি গংগা স্নান কৰাৰ ফটো সামাজিক মাধ্যমত সদৰি কৰে৷ তেওঁ গংগা স্নান কৰি কয় যে মা গংগাই সকলোকে সুন্দৰ স্বাস্থ্য, সুখ আৰু সমৃদ্ধি প্ৰদান কৰক–এয়াই মোৰ প্ৰাৰ্থনা৷ ইফালে প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াই গংগা স্নান কৰাৰ লগতে গোৱৰ্ধনপুৰীৰ পীঠাধিশ্বৰকো সাক্ষাৎ কৰে৷
এই সন্দৰ্ভত তেওঁ সামাজিক মাধ্যমত এনেদৰে লিখে–‘আজি পবিত্ৰ প্ৰয়াগৰাজত উপস্থিত হৈ শ্ৰী শ্ৰী গোৱৰ্ধন পুৰীৰ পীঠাধিশ্বৰ অধ্যেক্ষাজানন্দ দেৱতীৰ্থজী মহাৰাজৰ সেৱা কেন্দ্ৰত পিঠাধিশ্বৰজনৰ আশীৰ্বাদ গ্ৰহণ কৰো আৰু সেৱা কেন্দ্ৰত উপস্থিত হোৱা শ্ৰদ্ধাৰ ধৰ্মগুৰুসকলক দুপৰীয়াৰ ভোগ-প্ৰসাগ বিতৰণ কৰি পৰম সন্তুষ্টি লাভ কৰো৷ মোৰ সৈতে সাংসদ তথা ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্ৰসাদ তাছাও উপস্থিত আছিল৷’