
ৰণবীৰ-অপূৰ্বাৰ ঘৰত তলা, চমন থৈ আহিলগৈ অসম আৰক্ষীয়ে
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৪ ফেব্ৰুৱাৰীঃ গুৱাহাটী আৰক্ষীৰ ক্ৰাইম ব্ৰান্সে মুম্বাইত তিনিদিন বাহৰ পাতিয়ো সন্ধান পোৱা নাই অভিযুক্ত ৫ ইউটিউবাৰ তথা ইনফ্লুৱেঞ্চাৰৰ৷ ‘ইণ্ডিয়াছ গট লেটেণ্ট’ শীৰ্ষক অনলাইন শ্ব’টোত অশালীনতা বিয়পোৱাৰ অভিযোগত গুৱাহাটী আৰক্ষীয়ে গোচৰ ৰুজু কৰি ইতিমধ্যে ৫ ইউটিউবাৰ ক্ৰমে ৰণবীৰ এলাহাবাদিয়া, সময় ৰাঈনা, আশীষ চাঞ্চলানি, জশপ্ৰীত সিং আৰু অপূৰ্বা মাখিজাৰ সন্ধানত মুম্বাইত অভিযান অব্যাহত ৰাখিছে৷ অৱশ্যে এইপৰ্যন্ত এজন অভিযুক্তৰো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই গুৱাহাটী আৰক্ষীয়ে৷ শুকুৰবাৰে পুৱাৰ ভাগত মুম্বাই আৰক্ষীক লগত লৈ গুৱাহাটী আৰক্ষীৰ দলটোৰে অভিযুক্ত ইউটিউবাৰ ৰণবীৰ এলাহবাদিয়াক বিচাৰি মুম্বাই ভাৰছভা অঞ্চলত থকা ফ্লেটত উপস্থিত হয় যদিও ফ্লেটটো তলা বন্ধ অৱস্থাতহে প্ৰত্যক্ষ কৰে৷ ৰণবীৰৰ ঘৰত কাকো সাক্ষাৎ নোপোৱাত গুৱাহাটী আৰক্ষী দলটো খালি হাতেৰে মুম্বাইৰ খাৰ থানালৈ উভতি আহে৷ অৱশ্যে, একেটা অভিযোগতে এজন বিজেপি নেতাই দিয়াৰ এজাহাৰৰ ভিত্তিত মুম্বাই খাৰ থানাত ইতিমধ্যে অভিযুক্ত অপূৰ্বা মাখিজা, আশীষ চাঞ্চলানি আৰু ৰণবীৰ এলাহবাদিয়াৰ মেনেজৰৰ জবানবন্দী লিপিবদ্ধ কৰিছে৷ তদুপৰি মুম্বাই আৰক্ষীয়ে ইণ্ডিয়াছ গট লেটেণ্ট শ্ব’টোৰ ভিডিঅ’ এডিটৰ প্ৰথম সাগৰৰো সাক্ষ্য লিপিবদ্ধ কৰিছে৷ এই গোচৰটোত এই পৰ্যন্ত মহাৰাষ্ট্ৰৰ চাইবাৰ ক্ৰাইম বিভাগে প্ৰায় ৫০জন লোকৰ সাক্ষ্য গ্ৰহণ কৰিছে৷
ইফালে গুৱাহাটী আৰক্ষীৰ চমনৰ পাছতেই গ্ৰে*প্তাৰৰ আশংকাত ইউটিউবাৰ ৰণবীৰ এলাহবাদিয়াই উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হৈছিল যদিও সৰ্বোচ্চ ন্যায়ালয়ৰ পৰা কোনো সকাহ নাপালে৷ ৰণবীৰৰ বিৰুদ্ধে মুম্বাই আৰক্ষীৰ লগতে গুৱাহাটী আৰক্ষীয়ো গোচৰ ৰুজু কৰাত একেটা অভিযোগৰ বিভিন্ন থানাৰ গোচৰসমূহক এটা গোচৰত সাঙুৰি লোৱাৰ বাবে উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হৈছিল ৰণবীৰৰ অধিবক্তা৷ ৰণবীৰ এলাহবাদিয়াৰ হৈ দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ পুত্ৰ অধিবক্তা অভিনৱ চন্দ্ৰচূড়ে একে অভিযোগৰ এফ আই আৰ সমূহ মুম্বাইৰ থানাত সংলগ্ন কৰাৰ বাবে গোচৰটোৰ জৰুৰী শুনানিৰ বাবে আবেদন জনাইছিল সৰ্বোচ্ছ ন্যায়ালয়ত৷ কিন্তু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই গোচৰটোৰ জৰুৰী শুনানিৰ আবেদন খাৰিজ কৰি ইতিমধ্যে শুনানিৰ দিন ধাৰ্য কৰা বুলিহে অৱগত কৰে৷ তদুপৰি ৰণবীৰৰ অধিবক্তাক গোচৰটোৰ শুনানিৰ দিন জানিবলৈ ন্যায়ালয়ৰ পঞ্জীয়কৰ সৈতে যোগাযোগ কৰিবলৈ পৰামৰ্শ দিয়ে৷ সৰ্বোচ্ছ ন্যায়ালয়ৰ পৰা কোনো সকাহ লাভ নকৰাত কাৰ্যতঃ এতিয়া ৰণবীৰ এলাহবাদিয়াৰ ওচৰত গুৱাহাটীৰ আৰক্ষীৰ চমনৰ তাৰিখ মতে হাজিৰ হোৱাৰ বাহিৰে কোনো গত্যান্তৰ নাই৷ গুৱাহাটী আৰক্ষীয়ে জাৰি কৰা চমনৰ উপেক্ষা কৰিলে গ্ৰেপ্তাৰ আসন্ন হৈ পৰিছে৷ ইফালে অন্যতম অভিযুক্ত সময় ৰাঈনাৰ বিচাৰি গুৱাহাটী আৰক্ষীয়ে বৃহস্পতিবাৰে ৰাঈনাৰ পুনেস্থিত বাসগৃহত উপস্থিত হৈছিল যদিও বিদেশত থকাৰ বাবে অভিযুক্তজনৰ সাক্ষাৎ নাপালে৷ যাৰ বাবে গুৱাহাটী আৰক্ষীয়ে পাঁচোজন অভিযুক্তক বিচাৰি নোপোৱাত ঘৰৰ দেৱালত চমন আঁৰি থৈ আহে৷