Logo
image

আদানিক ১,০০০ বিঘা ক্ষোভত উত্তাল পলাশবাৰী

‘আমাৰ অসম’ৰ পলাশবাৰীৰ প্ৰতিবেদক, ১৪ ফেব্ৰুৱাৰীঃ  বৃহৎ পুঁজিপতিৰ স্বাৰ্থক থলুৱা ৰাইজৰ স্বাৰ্থতকৈ সততে অগ্ৰাধিকাৰ দিয়ে শাসক গোষ্ঠীয়ে৷ অসমৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনৰ ক্ষেত্ৰতো সেই কথা বাৰে বাৰে প্ৰতীয়মান হৈছে৷ ডিমা হাচাও জিলাত স্থানীয় ৰাইজৰ প্ৰবল বিৰোধিতা নেওচি  ৯,০০০ বিঘা মাটি আদানিক গতাই দিব খোজা ঘটনাই সৰ্বত্ৰ সৃষ্টি কৰা প্ৰতিক্ৰিয়াৰ  ৰেশ মাৰ নৌযাওঁতেই এইবাৰ থলুৱা লোকৰ স্বাৰ্থ বিঘ্নিত কৰি পুনৰ আদানিক ১,০০০ বিঘা মাটি চমজাই দিব খুজিছে অসম চৰকাৰে৷ এইবাৰৰ ঘটনাস্থলী গুৱাহাটীৰ নাতিদূৰৰ পলাশবাৰী৷ আদানিক মাটি দিয়াৰ স্বাৰ্থতে পলাশবাৰী ৰাজহ চক্ৰৰ অধীনৰ বৰদুৱাৰ বাগানত স্থানীয় লোকক উচ্ছেদ কৰিবলৈ প্ৰস্তুতি চলাইছে বিজেপি নেতৃত্বাধীন চৰকাৰে৷ এই অঞ্চলটো ৰাভা হাছং পৰিষদৰ অন্তৰ্গত৷ এইক্ষেত্ৰত ৰাভা হাছং পৰিষদৰ ভূমিকাক লৈও ৰাইজৰ মাজত প্ৰশ্নৰ উদ্ৰেক ঘটিছে৷ সততে জাতি-মাটি-ভেটিৰ শ্লোগান আঁওৰোৱা বিজেপি দল আৰু চৰকাৰে এতিয়া নিজৰ ভেটি-মাটিৰ পৰাই জাতিৰ মানুহক উচ্ছেদ কৰিবলৈ প্ৰস্তুতি চলাইছে৷ সততে ডাবল ইঞ্জিন চৰকাৰ বুলি তালফাল লগোৱা চৰকাৰৰ এটা ইঞ্জিন যেন এতিয়া থলুৱা বিৰোধী হৈ পৰিছে৷ ইয়াৰ শেহতীয়া প্ৰমাণ পলাশবাৰী৷ বহিৰাগত বণিক গোষ্ঠীক বৰপীৰা পাৰি দিবলৈ সততে সাজু হৈ থকা চৰকাৰে গৌতম আদানিক গতাই দিব খুজিছে পলাশবাৰীৰ বৰদুৱাৰ বাগানৰ প্ৰায় এহাজাৰ বিঘা মাটি৷ সেইবাবেই চলিছে থলুৱা কৃষকক উচ্ছেদ কৰাৰ বিশেষ প্ৰস্তুতি৷ সেই উদ্দেশ্যেই এসপ্তাহ পূৰ্বে চৰকাৰৰ উচ্ছপদস্থ বিষয়াৰ দল বৰদুৱাৰ বাগানত উপস্থিত হয় আৰু উচ্ছেদ কৰিবলগীয়া মাটি-বাৰীৰ বুজ লয়৷ লগে লগেই অঞ্চলটোত হাহাকাৰ লাগে৷ বৃহৎ পুঁজিপতিক থলুৱাৰ মাটি গতাই দিব খোজা প্ৰচেষ্টাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অঞ্চলটোৰ ৰাইজ৷ লগে লগেই আদানিৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহে পুৰুষ-মহিলা, ডেকা-গাভৰু, কিশোৰ-কিশোৰী৷ বৰদুৱাৰ বাগান ভূমিপট্টন দাবী সমিতিৰ আহ্বানক্ৰমে বৃহস্পতিবাৰে কেইবাটাও দল-সংগঠনৰ সহযোগত অনুষ্ঠিত হয় বিশাল প্ৰতিবাদী সভা৷ ‘বিজেপি চৰকাৰ হায় হায়’, ‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মিছলীয়া’, ‘পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া মিছলীয়া’, ‘ৰাজহমন্ত্ৰী যোগেন মহন হায় হায়’, ‘বৰদুৱাৰ বাগানৰ খিলঞ্জীয়া ৰায়তক উচ্ছেদ কৰি আদানি গোষ্ঠীক ভূমি হস্তান্তৰ কৰা নচলিব’, ‘বৰদুৱাৰ বাগান ভূমিপট্টন দাবী সমিতি জিন্দাবাদ’, ‘কৃষক শ্ৰমিক এক হওক’ আদি ধবনিৰে উত্তাল হৈ পৰে সভাথলীৰ লগতে সমগ্ৰ বৰদুৱাৰ বাগান অঞ্চল৷ হাতে হাতে বেনাৰ-ফেষ্টুন আদি লৈ শ শ লোকে প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰে আৰু উচ্ছেদ বন্ধ নহ’লে সৰ্বাত্মক প্ৰতিবাদৰ হুংকাৰ দিয়ে৷


অঞ্চলটোৰ শোষিত-বঞ্চিত, ভূমি পট্টাহীন খিলঞ্জীয়া ৰায়তক ভূমি পট্টা দিয়াৰ বিপৰীতে বৰদুৱাৰ বাগানৰ ৰ, ২ আৰু ৩নং পতিত ভূমিত এশ বছৰৰো অধিক কাল বাস কৰা লোকসকলক উচ্ছেদ কৰিবৰ বাবে চৰকাৰে প্ৰস্তুতি চলোৱা আৰু সেই মাটি গৌতম আদানিৰ কোম্পানীক গতাই দিব খোজা প্ৰচেষ্টা যিকোনো মূল্যৰ বিনিময়ত প্ৰতিহত কৰাৰ হুংকাৰ দিয়ে প্ৰতিবাদী জনতাই৷ বৰদুৱাৰ বাগান ভূমিপট্টন দাবী সমিতিৰ সভাপতি গোবিন্দ কুমাৰ ৰাভাৰ পৌৰোহিত্যত অনুষ্ঠিত প্ৰতিবাদী সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে দেৱজিৎ নাফাই৷ তেওঁ অঞ্চলটোৰ ৰায়তী ৰাইজে ভুগি অহা দীৰ্ঘদিনীয়া ভূমি সমস্যাৰ সমাধানৰ গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰাৰ লগতে এই অঞ্চলটোত খিলঞ্জীয়াৰ ভূমি বণিক গোষ্ঠীক গতাই দিয়া নহ’ব বুলি স্পষ্ট কৰি দিয়ে৷ ইতিপূৰ্বে এই অঞ্চলত ৰাইজে প্ৰতিবাদ কৰি এনডিআৰএফৰ কেম্প স্থাপনৰ প্ৰচেষ্টা বন্ধ কৰি দিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজধানী সম্প্ৰসাৰণৰ বিষয়তো স্থানীয় ৰাইজে প্ৰতিবাদ জনাইছিল৷ কোনো মাফিয়া, দালাল, চাহ বাগানৰ মালিকপক্ষই ট্ৰাইবেল বেল্টৰ ভূমি চৰকাৰৰ জৰিয়তে আদানি গোষ্ঠীক বিক্ৰী কৰি দিব খোজাৰ প্ৰচেষ্টা কাৰ্যকৰী হ’বলৈ দিয়া নহ’ব বুলিও তেওঁ উল্লেখ কৰে৷ সমিতিয়ে অসম চৰকাৰৰ ৰাজহমন্ত্ৰী যোগেন মহনক পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ জৰিয়তে সাক্ষাৎ কৰি এই সমস্যাৰ সমাধানৰ বিষয়ে উল্লেখ কৰিছিল৷ ইমানৰ পাছতো চৰকাৰে থলুৱাৰ ভূমি আদানি গোষ্ঠীক গতাব খোজা কাৰ্য গ্ৰহণযোগ্য নহয় বুলি স্পষ্ট কৰি দিয়ে দাবী সমিতিৰ আন এজন বিষয়ববীয়া আদিত্য ৰাভাই৷ সভাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শান্তনু বৰঠাকুৰ, লেখক-অধিবক্তা কিশোৰ কুমাৰ কলিতাৰ উপৰি সুব্ৰত তালুকদাৰ, জয়ন্ত গগৈ, দেৱজিৎ চৌধুৰী, ৰমেশ মালী, নৃপেন ৰাভা, অশোক নংবাক, বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি সুভাষ চিনাল, আদিবাসী ছাত্ৰ সন্থাৰ নেতা মাণিক ওৰাঙকে ধৰি বহুসংখ্যক লোকে ভাষণ দিয়ে৷ সভাত অৱসৰপ্ৰাপ্ত শিক্ষক উমাকান্ত ৰাভা, বৰদুৱাৰ ভোলাগাঁও ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি কমলেশ্বৰ ৰাভা, সদৌ অসম গৰিয়া-মৰিয়া পৰিষদৰ সাংগঠনিক সম্পাদক আব্দুল হুছেইন, গজেন চন্দ্ৰ ৰাভা, যমুনা দৈমাৰী, জ্যোতিষ ৰাভা, মোহন ৰাভা, ধনঞ্জয় ৰাভা, পক্ষীৰাজ ৰাভা, নীলমণি শৰ্মা আৰু আদিত নাগকে ধৰি বহুসংখ্যক সচেতন নাগৰিক সভাত উপস্থিত থাকে৷ সভাপতিৰ আসনৰ পৰা গোবিন্দ ৰাভাই কয়– আমাৰ ভূমিৰ সমস্যাৰ সমাধানৰ বাবে সদনত দাবী উত্থাপন হৈ অহাৰ পাছতো একো কামত নাহিল৷ ইয়াৰ বিপৰীতে অঞ্চলটোৰ শ শ বিঘা ভূমি চৰকাৰে আদানি গোষ্ঠীক গতাই দিবলৈ ওলাইছে৷ এই কাৰ্যৰ আমি বিৰোধ কৰি যাম৷ পৰৱৰ্তীকালত আমি ৰাজপথত অধিক তীব্ৰ আন্দোলন কৰিম৷ পলাশবাৰী ৰাজহ চক্ৰৰ কাৰ্যালয় ঘেৰাও কৰিম৷ সভাৰ শেষত আদিত্য ৰাভাই বৃহত্তৰ বৰদুৱাৰ বাগান অঞ্চলৰ ভূমি পট্টাহীন লোকক চৰকাৰে ভূমি প্ৰদানৰ পৰা বঞ্চিত কৰি বহিৰাগত বণিয়াক এই অঞ্চলৰ ভূমি গতাই দিবলৈ গ’লে ৰাইজ বহি নাথাকিব বুলি ব্যক্ত কৰি কয় যে আমাৰ মাটি গৌতম আদানিক গতাই দিব খুজিলে ৰাইজে তীব্ৰ প্ৰতিবাদ কৰিব৷ চৰকাৰৰ এই ষড়যন্ত্ৰ আমি সফল হ’বলৈ নিদিওঁ৷ চৰকাৰে যিমান যি নকৰক, আমি আমাৰ মাটি এৰি নিদিওঁ৷