
জাপান, ছিংগাপুৰে দিব অসমীয়া যুৱকক নিযুক্তি
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ ফেব্ৰুৱাৰীঃ ‘অসমৰ ৫০ হাজাৰ যুৱক-যুৱতীৰ জাপানত নিযুক্তিৰ বাট মুকলি হ’ব৷ শীঘ্ৰে জাপানৰ সৈতে অসম চৰকাৰৰ স্বাক্ষৰিত হ’ব বুজাবুজিৰ চুক্তি৷ ছিংগাপুৰেও অসমৰ পৰা প্ৰশিক্ষত নাৰ্ছ বিচাৰিছে৷’ এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ শনিবাৰে দিছপুৰৰ লোকসেৱা ভৱনত এডভাণ্টেজ আছাম ২.ঙ্ম প্ৰস্তুতি সন্দৰ্ভত এক সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয়– ‘জাপানে অসমত আৰম্ভ কৰিব লেংগুৱেজ প্ৰশিক্ষণ কেন্দ্ৰ৷ প্ৰশিক্ষণ লোৱাসকলৰ বাবে মুকলি হ’ব চাকৰিৰ বাট৷ প্ৰশিক্ষণ লোৱাসকলে ভাৰতত থকা জাপানৰ প্ৰতিষ্ঠানটো কাম লাভ কৰিব৷ জাপানৰ দুটা কোম্পানীয়ে অসম চৰকাৰৰ লগত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিব৷ তেওঁলোকে পৰ্যায়ক্ৰমে অসমৰ কলেজ আৰু স্কুল বা ইঞ্জিনিয়াৰিং কলেজত জাপানীজ ভাষা প্ৰৱৰ্তন কৰিব৷
ইয়াত জাপানৰ প্ৰফেচাৰে আহি শিকাব৷ অসমে তেওঁলোকক থকাৰ বাবে সুবিধা কৰি দিব৷ ন মাহৰ কোৰ্চ কৰাৰ পাছত শিক্ষাৰ্থীজনে ইয়াতে পৰীক্ষা দিব লাগিব৷ এই পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলে জাপানত নিশ্চিত চাকৰি লাভ কৰিব৷ কোনোবাই যদি জাপানত যাব নোখোজে, ভাৰতত যিবিলাক জাপানী কোম্পানী আছে, সেই জাপানী কোম্পানীতে চাকৰি লাভ কৰিব৷ অসমীয়া ল’ৰা-ছোৱালী ৫০ হাজাৰ তেওঁলোকে লৈ যাব পাৰিব৷ ভৱিষ্যতে আৰু অধিকে কাম পাব৷ ছিংগাপুৰৰ ইণ্টাৰনেষ্ট হৈছে নাৰ্ছিঙত৷ অসমৰ বি এছ চি নাৰ্ছিঙৰ যিকেইখন চৰকাৰী কলেজ আছে, তাত ছিংগাপুৰে ইংৰাজী কোৰ্চ আৰম্ভ কৰিব৷ তেওঁলোকৰ নিজা এটা ছিলেবাছ থাকিব৷ এম্বেছীয়ে নাৰ্ছিঙত উত্তীৰ্ণ ছাত্ৰীক ছিংগাপুৰত চাকৰি দিব৷ অসমৰ পৰা ১৭ গৰাকী ছোৱালীক আমি ইতিমধ্যে পৰীক্ষামূলকভাৱে ছিংগাপুৰলৈ পঠিয়াইছিলো৷ এইবাৰ ছিংগাপুৰলৈ যাওতে মই ১৭ গৰাকী ছোৱালীক লগ পাই আহিছোঁ৷ ইয়াৰ পাঁচ গৰাকীয়ে চৰকাৰী চাকৰি এৰি তেওঁলোকে ছিংগাপুৰলৈ কাম কৰিবলৈ গৈছে৷ তাত কাম কৰি তেওঁলোক খুবেই সুখী বুলি মোক জনালে৷’