
বিধানসভাৰ কোক্ৰাঝাৰ অধিৱেশনক আদৰণি মোদীৰ
‘আমাৰ অসম’ৰ নতুন দিল্লীৰ প্ৰতিনিধি, ১৫ ফেব্ৰুৱাৰীঃ বিটিআৰৰ সদৰ কোক্ৰাঝাৰত ১৭ ফেব্ৰুৱাৰী সোমবাৰে অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভাৰ অধিৱেশনৰ বাবে শুভেচ্ছাবাৰ্তা প্ৰেৰণ কৰাৰ লগতে এই অধিৱেশনক আদৰণি জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ এই সন্দৰ্ভত সামাজিক মাধ্যমযোগে দিয়া এক বাৰ্তাত বড়ো জাতিৰ আশা-আকাংক্ষা তথা জাতিটোৰ সৱলীকৰণ বাবে কেন্দ্ৰ আৰু ৰাজ্যৰ এনডিএ চৰকাৰ যে দায়বদ্ধ, সেই কথাও ব্যক্ত কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ প্ৰধানমন্ত্ৰীয়ে বড়ো জাতিৰ সাৰ্বিক উন্নয়নৰ বাবে কেন্দ্ৰ আৰু অসম চৰকাৰে পূৰ্বতকৈ অধিক শক্তিশালীভাৱে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতিও দোহাৰে৷ এক্স হেণ্ডলত প্ৰধানমন্ত্ৰীৰ বক্তব্য– ‘অবড়োসকলৰ সৱলীকৰণ তথা আশা-আকাংক্ষা পুৰণৰ বাবেও কেন্দ্ৰ আৰু অসমত থকা এনডিএ চৰকাৰে নিৰলসভাৱে কাম কৰি আছে৷ অনাগত দিনত এই কামে আৰু অধিক শক্তিশালী ৰূপ ল’ব৷ মোৰ মনত পৰিছে– যেতিয়া মই কোক্ৰাঝাৰ ভ্ৰমণ কৰিছিলোঁ, তেতিয়া স্পন্দনশীল বড়ো সংস্কৃতি দেখা পাইছিলোঁ৷’ উল্লেখ্য, ইয়াৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্স হেণ্ডলযোগে কয় যে এয়া অসমৰ বাবে এক ঐতিহাসিক মাইলষ্ট’ন৷ সংবিধানৰ ষষ্ঠ অনুচ্ছেদৰ অধীনত থকা অঞ্চলসমূহৰ প্ৰশাসনিক ক্ষমতা বৃদ্ধি কৰাই হ’ব উক্ত অধিৱেশনৰ অন্যতম লক্ষ্য৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ শলাগ লৈ মুখ্যমন্ত্ৰীয়ে কয় যে মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকালৰ এয়া হ’ব আটাইতকৈ গুৰুত্বপূৰ্ণ মুহূৰ্ত৷ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ নেতৃত্বৰ বাবেই দেশত শান্তি, স্থিৰতা আৰু প্ৰগতিৰ যাত্ৰা অব্যাহত থকা বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে৷
কোক্ৰাঝাৰত উপস্থিত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য
‘আমাৰ অসম’ৰ কোক্ৰাঝাৰৰ বিশেষ প্ৰতিনিধিঃ অসম বিধানসভাৰ অধিৱেশনকে ধৰি দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে শনিবাৰে কোক্ৰাঝাৰত উপস্থিত হয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য৷ তেওঁ দেওবাৰে পুৱা ১১ বজাত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সমাবৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছত বিয়লি ৪ বজাত বালাগাঁৱৰ কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত উপস্থিত হ’ব৷ তাত ৰাজ্যপালে পদ্মশ্ৰীপ্ৰাপক, কৃষক, শিল্পী, শিপিনী আৰু বিটিআৰৰ উদ্যোগীসকলৰ সৈতে বাৰ্তালাপ কৰিব৷ উক্ত অনুষ্ঠানত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োও উপস্থিত থাকিব৷ সোতৰ ফেব্ৰুৱাৰীত কোক্ৰাঝাৰৰ বডোফা নগৰৰ বড়োলেণ্ড প্ৰাদেশীয় সভাকক্ষত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভাৰ অধিৱেশনত দিনৰ বাৰ বজাত ভাষণ দিব ৰাজ্যপালে৷ তাৰ পাছতে তেওঁ পোনে পোনে গুৱাহাটীলৈ উভতি যাব৷