Logo
image

উদ্বোধক প্ৰধানমন্ত্ৰী, অতিথি আদানি আম্বানিসহ একাধিক কেন্দ্ৰীয় মন্ত্ৰী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ ফেব্ৰুৱাৰীঃ  ‘অসমে সপোনটো ভাবিব নোৱৰা বিনিয়োগৰ জোৱাৰ আনিব এডভাণ্টেজ আছাম ২.০য়ে৷’ – এই আশা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ এডভাণ্টেজ আছাম আছাম ২.০ লৈ মাজত মাত্ৰ জ্ঝটা দিন বাকী থকাৰ মাজতে আজি দিছপুৰৰ লোকসেৱা ভৱনত ছামিটৰ প্ৰস্তুতি সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়– ‘আই এম লুকিং বিগ দিছ টাইম৷ উই ইউল হেভ এ ভেৰি গুড ব্ৰেক থ্ৰ৷ উই ইউল হেভ ইনভেষ্টমেণ্ট বিয়ন দ্যা ইমাজিনেশ্বন৷’ ২৫ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীৰ খানাপাৰাৰ  খেলপথাৰত উদ্বোধন কৰিবলগীয়া ইনভেষ্টমেণ্ট ছামিটৰ সবিশেষ ব্যাখ্যা কৰি মুখ্যমন্ত্ৰীয়ে কয়– ‘গুজৰাটৰ পাছতে অনুষ্ঠিত হ’বলগীয়া এই বৃহৎ ছামিটৰ প্ৰায় ৮ হাজাৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব৷ প্ৰথমবাৰৰ বাবে এই ছামিটত সহযোগী হিচাপে থাকিব ৮ খনকৈ দেশ৷ ভূটান, জাপান, অষ্ট্ৰেলিয়া, ছিংগাপুৰ, থাইলেণ্ড আৰু মালয়েছিয়া হ’ব পাৰ্টনাৰ দেশ৷ তদুপৰি ফিলিপাইন, ফিনলেণ্ড, আইচলেণ্ড, অষ্ট্ৰেলিয়া, ৰিপাব্লিক অব কোৰিয়ায়ো ছামিটৰ বিশেষ অংশীদাৰ হ’বলৈ আগ্ৰহ প্ৰকাশ কৰিছে৷ এডভাণ্টজ আছাম ২.০ অংশগ্ৰহণ কৰিব ৩১ খন দেশৰ ৰাষ্ট্ৰদূতে৷ নিউ টেকনলজী, ছেমিকণ্ডাক্টªৰ, ডীপটেক আদি হ’ব ছামিটৰ মূল আকৰ্ষণৰ কেন্দ্ৰ বিন্দু৷ প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিবলগীয়া প্ৰথম দিনৰ উদ্বোধন অনুষ্ঠানত টাটাৰ পৰিচালন সঞ্চালক এন চন্দ্ৰ শেখৰন, আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানি, ৰিলায়েন্স  গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানি, এছ আৰ গ্ৰুপৰ অধ্যক্ষ প্ৰশান্ত ৰুইয়া, জিণ্ডাল গ্ৰুপৰ অধ্যক্ষ অনিল আগৰৱালকে ধৰি ১০ গৰাকী বিশিষ্ট উদ্যোগতপতি উপস্থিত থাকিব৷ চ্ছ ফেব্ৰুৱাৰীৰ সামৰণি অনুষ্ঠানত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ উপস্থিত থাকিব৷ কেন্দ্ৰীয় বৈদেশীক মন্ত্ৰী এছ জয় শংকৰ, কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী  নীতিন  গাডকাৰী, কেন্দ্ৰীয় ৰে’ল তথা আইটি মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পীয়ূষ গোৱেল, কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰী, কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, কেন্দ্ৰীয় জলমাৰ্গ মন্ত্ৰী মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি একাধিক কেন্দ্ৰীয় মন্ত্ৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব৷ থেমেটিক ছেচন বিলাকত দেশ-বিদেশৰ বিভিন্ন আগশাৰীৰ কোম্পানীৰ মুৰব্বী, শিক্ষাবিদ তথা শীৰ্ষ প্ৰশাসনিক বিষয়াসকলে অংশগ্ৰহণ কৰিব৷’ মুখ্যমন্ত্ৰীয়ে সংবাদ মেলত কয়–‘প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শ মৰ্মে ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত আমি এডভাণ্টেজ আছাম ২.ঙ্ম অনুষ্ঠিত কৰিম৷ ইয়াৰ আগদিনাখন অৰ্থাৎ ২৪ ফেব্ৰুৱাৰীত অসমৰ উদ্যোগ তথা চাহ উদ্যোগৰ ২০০ বছৰৰ ইতিহাস উপলক্ষে সৰুসজাইত জ্জ্ব হাজাৰ কলা-কুশলীৰ দ্বাৰা ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰা হ’ব৷ এডভাণ্টেজ আছাম ২.০ ৰ আগতে আমি সিদ্ধান্ত লৈছিলো যে আমি দেশ-বিদেশত কেইবাখনো ৰোডশ্ব’ অনুষ্ঠিত কৰিম৷ আমেৰিকাতো আমি ৰোডশ্ব’ কৰাৰ পৰিকল্পনা কৰিছিলো৷ কিন্তু দেশখনত ৰাজনৈতিক পট পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় দূতাবাসে আমাক পিছত আহিবলৈ পৰামৰ্শ দিলে৷ ৬ জানুৱাৰীত প্ৰথম আমি মুম্বাইত ৰোডশ্ব’ অনুষ্ঠিত কৰিছিলো৷ তাত আমি নিজে আছিলো৷ ২০০ কৈ অধিক উদ্যোগী ইয়ালৈ আহিছিল৷ জ্জ জানুৱাৰীত নতুন দিল্লীত ১১ টা বাইলেটাৰেল চেম্বাৰৰ্ছৰ লগত মুখ্য সচিবৰ বৈঠক অনুষ্ঠিত হৈছিল৷  সেইদিনাই ৩১ দেশৰ ৰাষ্ট্ৰদূতসকলৰ সৈতে ৰাউণ্ড টেবুল বৈঠক অনুষ্ঠিত হৈছিল৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড॰ এছ জয় শংকৰৰ বিশেষ উদ্যোগত এই বৈঠক অনুষ্ঠিত হৈছিল৷  ৮ জানুৱাৰীত নতুন দিল্লীত কেন্দ্ৰীয় উদ্যোগমন্ত্ৰী পীয়ূষ গোৱেলৰ উপস্থিতিত আন এখন বৈঠক অনুষ্ঠিত হৈছিল৷  এই বৈঠকত ৪০ টাকৈ আগশাৰীৰ উদে্যাগিক প্ৰতিষ্ঠানত মুৰব্বী সকলে অংশগ্ৰহণ কৰিছিল৷ আমাৰ মন্ত্ৰীসকলে বেংগালুৰু, কলিকতা, হায়দৰাবাদ আৰু আহমেদাবাদত ৰোডশ্ব’ত ভাগ লৈছিল৷  এই গোটেই ৰোডশ্ব’ত ২১৯ টা উদ্যোগ প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছিল৷  মই ভূটান-জাপান, দক্ষিণ কোৰিয়া আৰু ছিংগাপুৰলৈ ইনভেষ্টমেণ্ট ছামিটৰ বিনিয়োগকাৰীৰ লগত বৈঠক অনুষ্ঠিত কৰিবলৈ গৈছিলো৷


ভূটানলৈ যোৱাৰ এটা বিশেষ কাৰণ আছে৷ ভূটানে গেলেফুত এখন মাইনফুলনেছ চিটী বনাব৷ কিন্তু ভূটানত উদ্যোগপতিসকলে বিনিয়োগ কৰিব নোৱাৰে৷ এই চিটীখনৰ গইনালৈ গেলেফুৰ কাষৰীয়া অসমত যথেষ্ট বিনিয়োগৰ সম্ভাৱনাই গঢ় লৈ উঠিব৷ জাপান, ছিংগাপুৰ আৰু দক্ষিণ কোৰিয়াত মই ৩ খনকৈ ৰোডশ্ব’ত ভাগ লৈছিলো৷ প্ৰতিখন ৰোডশ্ব’তে ১০০ অধিক উদ্যোগিক প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছিল৷ টকিঅ’ ইলেক্ট্ৰন,  ফুঁজি, মাইক্ৰন’ৰ দৰে প্ৰতিষ্ঠানে ইয়াত অংশগ্ৰহণ কৰিছিল৷  জাপান ভ্ৰমণৰ সময়ত জাপান সংসদৰ অধ্যক্ষগৰাকী মোক নিশাৰ আহাৰৰ বাবে নিমন্ত্ৰণ কৰিছিল৷ একেদৰে ছিংগাপুৰৰ ৰাষ্ট্ৰপতিৰো মই সাক্ষাৎ লাভ কৰিছিলো৷  বিনিযোগকাৰীসকল অসমলৈ অহাৰ এক প্ৰধান অন্তৰায় আছিল অসমক বিশ্বৰ আগশাৰীৰ দেশসমূহে আইন শৃংখলাৰ পৰিস্থিতিৰ বাবে ঠিক নহয় বুলি ট্ৰেভেল ৱাৰ্নিং দি থৈছিল৷ জাপানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে আমাক আশ্বাস দিছে যে এই ট্ৰেভেল ৱাৰ্নি বিলাক তেওঁলোকে উঠাই ল’ব৷ ইতিমধ্যে জাপানৰ ৰাষ্ট্ৰদূত অসমলৈ আহি আমাৰ গৃহবিভাগৰ বিষয়াসকলৰ লগত বৈঠকত বহিছে৷  দুই এদিনৰ ভিতৰতে দক্ষিণ কোৰিয়াৰো প্ৰতিনিধি একেই কাৰণত অসমলৈ আহিব৷ যোৱা চাৰি বছৰৰ অসমৰ এক শান্তিৰ পৰিৱেশ নিৰ্মাণ হৈছে, সেই বাবেই আমি এই এনে আন্তৰ্জাতিক স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছো৷ আমি এডভাণ্টেজ আছাম ২.০ত স্থানীয় ক্ষুদ্ৰ স্ব-উদ্যোগীসকলক উৎসাহিত কৰাৰ বাবে পদক্ষেপ লৈছো৷ ইয়াৰ বাবে কাছাৰ দৰং, ধুবুৰী, যোৰহাটকে ধৰি ১৩ খন জিলাত আমি কৰ্মশালা অনুষ্ঠিত কৰো৷ এডভাণ্টেজ আছাম ২.০১ ডিছপ্লে’ত জাগীৰোডৰ ছেমিকনডাক্টৰ উদ্যোগ, নামৰূপ গ্ৰীণফিল্ড ইউৰীয়া ইউনিট,  নুমলীগড়ৰ ইথানল উদ্যোগ বিশেষ থিম হ’ব৷ ইয়াৰ লগতে ৰাজ্যৰ জিলাসমূহৰ স্থানীয় উৎপাদন ক্লাষ্টাৰসমূহকো প্ৰদৰ্শন কৰা হ’ব৷’