Logo
image

একেকোবে ভাৰতত মাৰ্কিন সুৰাৰ শুক্ল¨ ৫০ শতাংশ হ্ৰাস

নতুন দিল্লী, ১৫ ফেব্ৰুৱাৰীঃ  ভাৰতত সুলভ হ’ল বিলাতী সুৰা৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণৰ মাজতে ভাৰতত বাৰ্বন হুইস্কী’ৰ আমদানি শুল্ক ৬৬.৬ শতাংশ হ্ৰাস কৰা হৈছে৷ উল্লেখ্য যে আমেৰিকা ভ্ৰমণ কালত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে হোৱা প্ৰধানমন্ত্ৰীৰ বৈঠকত শুল্কক লৈ আলোচনা হৈছিল৷ উক্ত আলোচনাত ট্ৰাম্পে স্পষ্ট কৰি দিয়ে যে ভাৰতে আমেৰিকাৰ বন্যৰ ক্ষেত্ৰত যি হাৰত শুল্ক আৰোপ কৰে, আমেৰিকায়ো ভাৰতৰ পণ্যৰ ক্ষেত্ৰত সম পৰিমাণৰ শুল্ক আৰোপ কৰিব৷      


কিন্তু ট্ৰাম্পৰ উক্ত ঘোষণাৰ পূৰ্বেই  আমেৰিকাৰ বিখ্যাত বাৰ্বন হুইস্কীৰ ওপৰত ভাৰতে আমদানি শুক্ল হ্ৰাস কৰে৷ সেই অনুসৰি পূৰ্বে বাৰ্বন হুইস্কীত আৰোপ কৰা ১৫০ শতাংশ শুক্ল ৫০ শতাংশ হ্ৰাস কৰা হৈছে৷ উল্লেখ্য যে বৃহস্পতিবাৰে কেন্দ্ৰীয়  বিত্ত মন্ত্ৰণালয়ৰ ৰাজহ বিভাগে এই সন্দৰ্ভত এক বিজ্ঞপ্তি প্ৰকাশ কৰে৷ য’ত আমেৰিকাৰ বাৰ্বন হুইস্কীত এতিয়াৰে পৰা পূৰ্বৰ ১৫০ শতাংশ আমদানি শুক্লৰ সলনি ১০০ শতাংশ শুক্ল আদায় লোৱা হ’ব বুলি উল্লেখ কৰা হৈছে৷ স্মৰ্তব্য যে ভাৰতলৈ যিমান পৰিমাণৰ বিদেশী সুৰা আমদানি হয়, তাৰ এক-চতুৰ্থাংশ অৰ্থাৎ ২৫ শতাংশই হৈছে বাৰবন হুইস্কী৷ বিগত ২০২৩-২৪ বিত্তীয় বছৰত ভাৰতলৈ ২.৫ মিলিয়ন ডলাৰৰ বাৰ্বন হুইস্কী আমদানি হৈছিল৷