Logo
image

মই পলোৱা নাই, লুকাইহে আছোঁ! হাজিৰা নিদিলে ৰণবীৰে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৬ ফেব্ৰুৱাৰীঃ  আৰক্ষীৰ তদন্তত সহযোগ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে,গুৱাহাটী আৰক্ষীৰ চমন অনুসৰি হাজিৰ  নহ’ল ইউটিউবাৰ ৰণবীৰ এলাহবাদিয়া৷ ‘ইণ্ডিয়াছ গট লেটেণ্ট’ শীৰ্ষ অ’টিটি শ্ব’টোত অশ¡ীলতা বিয়পোৱাৰ অভিযোগত গুৱাহাটী আৰক্ষীয়ে দেওবাৰে হাজিৰ হোৱাৰ বাবে চমন জাৰি কৰিছিল যদিও হাজিৰ নহ’ল ইউটিউবাৰ ৰণবীৰৰ লগতে কোনো এজন ইউটিউবাৰে৷ অৱশ্যে, গুৱাহাটী আৰক্ষীৰ ওচৰত হাজিৰ নহ’লেও পুনৰ বাৰ নিজৰ বক্তব্যৰ বাবে দেশবাসীৰ ওচৰত ক্ষমা বিচাৰে ৰণবীৰ এলাহবাদিয়াই৷ বিতৰ্কিত শ্ব’টোত কৰা নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত ৰণবীৰ এলাহবাদিয়াই আৰক্ষীক তদন্তত সহযোগ কৰিম বুলি প্ৰতিশ্ৰুতি দি পলাই থকা নাই লুকাই আছো বুলিহে পোষ্ট কৰিছে৷ সামাজিক মাধ্যমত ৰণবীৰে কয়– ‘পুলিচৰ সৈতে তদন্তত সকলোধৰণৰ সহযোগ কৰিম৷ কিন্তু মোক হত্যাৰ ভাবুকি দিয়া হৈছে৷ মা-দেউতাৰ সম্পৰ্ক লৈ মই যি মন্তব্য কৰিছিলো সেয়া অতি অসংবেদনশীল আৰু অসন্মানজনক আছিল৷ তাৰ বাবে মই ক্ষমাপ্ৰাৰ্থী৷ মই এজন ভাল মানুহ হোৱাৰ চেষ্টা কৰিম৷ মোৰ মা-দেউতাক হত্যাৰ ভাবুকি দিয়া হৈছে৷ মাৰ হাস্পতালত ৰোগীৰ বেশেৰে গৈ দুৰ্বৃত্তই হত্যাৰ ভাবুকি দিছে৷


মানুহ মাত্ৰেই ভুল হয়৷ মই পলাই যোৱা নাই৷ মোৰ সম্পূৰ্ণ বিশ্বাস-আস্থা আছে আৰক্ষী আৰু ভাৰতীয় ন্যায় ব্যৱস্থাৰ ওপৰত৷’ ইফালে মুম্বাইত বৰ্তমানো বাহৰ পাতি থকা গুৱাহাটী আৰক্ষীৰ ক্ৰাইম ব্ৰান্সৰ দলটোৱে চাৰি দিনৰ ভিতৰত হাজিৰ হোৱাৰ বাবে পাঁচোজন অভিযুক্ত ক্ৰমে ৰণবীৰ এলাহবাদিয়া, আশীষ চাঞ্চলানি, অপূৰ্বা মাখিজা, যশপ্ৰীত সিং আৰু সময় ৰাঈনালৈ চমন জাৰি কৰিছিল যদিও নিৰ্দিষ্ট সময় সীমা উকলি যোৱাৰ পাছতো এজনো অভিযুক্ত হাজিৰ নহ’ল৷ যাৰ বাবে গুৱাহাটী আৰক্ষীয়ে অভিযুক্ত কেইজনলৈ দ্বিতীয়খন চমন জাৰি কৰাৰ বাবে সাজু হৈছে৷ অৱশ্যে দ্বিতীয় চমনতো যদিহে হাজিৰ নহয়, তেনেহ’লে গুৱাহাটী আৰক্ষীয়ে গ্ৰেপ্তাৰ পৰোৱানা জাৰি কৰিব ইউটিউবাৰ তথা ইনফ্লুৱেঞ্চাৰ কেইজনৰ বিৰুদ্ধে৷ ইফালে অভিযুক্ত সময় ৰাঈনা সম্প্ৰতি বিদেশ আছে আৰু এমাহৰ পাছতহে ঘূৰি আহি আৰক্ষীৰ সৈতে সহযোগিতা আগবঢ়াব বুলি জানিবলৈ দিছে৷