৫৬৪ বিষয়াক নিযুক্তি-পত্ৰ, এপিএছচিৰ নতুন প্ৰক্ৰিয়া আৰম্ভ
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৬ ফেব্ৰুৱাৰীঃ দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এটা অনুষ্ঠানত ২০২৩ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা অসম অসামৰিক সেৱা, অসম আৰক্ষী সেৱা আৰু অন্যান্য সংলগ্ন সেৱাত ২০০জন প্ৰাৰ্থীৰ লগতে পশুপালন আৰু পশু চিকিৎসা বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, সাংস্কৃতিক পৰিক্ৰমা বিভাগত বিভিন্ন পদত ৩৬৩ জন প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তি-পত্ৰ প্ৰদান কৰা হয়৷ এই অনুষ্ঠানতে কেন্দ্ৰীয় চৰকাৰৰ অৰ্জুন বঁটাৰে সন্মানিত ধনুৰ্বিদ জয়ন্ত তালুকদাৰক উপ-আৰক্ষী অধীক্ষক পদত নিযুক্তি-পত্ৰ প্ৰদান কৰে৷ ৰাজ্য চৰকাৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰি ইতিমধ্যে ৰ লাখ নিযুক্তি সম্পন্ন কৰি ডেৰ লাখ নিযুক্তিৰ দিশে আগবাঢ়ি দেওবাৰে সৰ্বমুঠ ৫৬৪ জন প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তি-পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে৷ উল্লেখ্য, অনুষ্ঠানত ২০২৩ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ ৪৩ জনে কৰ্মচাৰী বিভাগত, ৩৫ জনে গৃহ আৰু ৰাজনৈতিক বিভাগত, ৯৬ জনে বিত্ত বিভাগত, এজনকৈ প্ৰাৰ্থীয়ে ক্ৰমে আবকাৰী আৰু দক্ষতা তথা উদ্যমিতা বিভাগত, তিনিজনকৈ প্ৰাৰ্থীয়ে ক্ৰমে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, সমবায় আৰু ৰাজহ তথা দুৰ্যোগ ব্যৱস্থাপনা বিভাগত, চাৰিজন প্ৰাৰ্থীয়ে শ্ৰমিক কল্যাণ বিভাগত, এঘাৰ জনে শিক্ষা (প্ৰাথমিক) বিভাগত নিযুক্তি লাভ কৰাৰ লগতে পশুপালন আৰু পশুচিকিৎসা বিভাগত ৭৩ জনে, জনস্বাস্থ্য কাৰিকৰী বিভাগত ২৬২ জনে আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগত ২৮ জনে নিযুক্তি লাভ কৰে৷ এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বচ্ছ নিযুক্তিৰ সমান্তৰালকৈ ৰাজ্যৰ জনসাধাৰণক অধিক সেৱা প্ৰদানৰ অৰ্থে স্বচ্ছ শাসন ব্যৱস্থাৰ লগতে দক্ষ আৰু ক্ষিপ্ৰ প্ৰশাসন ব্যৱস্থা গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰে৷
তেওঁ কয় যে এখন ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাৰ মূল স্তম্ভ হৈছে সুপ্ৰশাসন৷ যেতিয়া এখন ৰাজ্যত সুপ্ৰশাসনৰ অভাৱ হয় তাৰ প্ৰভাৱ ক্ৰমাগতভাৱে সমাজৰ সকলো স্তৰতে পৰিবলৈ আৰম্ভ কৰে৷ প্ৰশাসনৰ লগত জড়িতসকলৰ প্ৰতিটো কামৰে এটা দূৰগামী প্ৰভাৱ থাকে, যি বহু সময়ত অনুভৱ নোহোৱাকৈ থাকি যায়৷ যেতিয়া এটা ব্যৱস্থাৰ প্ৰতি সৰ্বসাধাৰণৰ লোক ক্ষোভিত হয়, তেতিয়া সমাজত অস্থিৰতাৰ আৰম্ভ হয় আৰু সমাজৰ ওপৰত সৰ্বসাধাৰণৰ লোকৰ গুণগত ধাৰণা ক্ৰমান্বয়ে হ্ৰাস পাবলৈ আৰম্ভ কৰে৷ যেতিয়া চৰকাৰ আৰু সমাজৰ মাজত দূৰত্ব বৃদ্ধি পায়তেতিয়া প্ৰচলিত ব্যৱস্থাটো বিৰোধিতা কৰা ব্যক্তিৰ জন্ম হয়৷ ৰাজ্য চৰকাৰে এক লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণ কৰি ডেৰ লাখ নিযুক্তিৰ দিশে গতি কৰিছে৷ কিন্তু এনে বৃহৎ নিযুক্তিৰ পাছতো আজি পৰ্যন্ত কোনেও নিযুক্তি প্ৰক্ৰিয়াত আসোঁৱাহৰ অভিযোগ তুলি আদালতৰ দ্বাৰস্থ হোৱা নাই৷ মুখ্যমন্ত্ৰী হিচাপে ইয়াৰ বাবে গৌৰৱ অনুভৱ কৰোঁ৷ ৰাজ্য চৰকাৰে অসমত আৰম্ভ কৰা স্বচ্ছ নিযুক্তিৰ এই আৰ্হি দেশৰ বহু কেইখন ৰাজ্যই অনুকৰণ কৰিবলৈও আৰম্ভ কৰিছে৷ সম্পূৰ্ণ স্বচ্চতাৰে নিযুক্তি লাভ কৰাসকলে চাকৰিকালত তেওঁলোকৰ সেৱাৰ দিশতো স্বচ্ছতা বৰ্তাই ৰাখিব লাগিব৷ কিয়নো স্বচ্ছ নিযুক্তিয়ে যদি এটা স্বচ্ছ শাসন ব্যৱস্থা গঢ় দিব নোৱাৰে তেতিয়া নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰতি জনসাধাৰণৰ ভৰসা হ্ৰাস পায়৷ স্বচ্ছতাৰ সমান্তৰালকৈ দক্ষ শাসন ব্যৱস্থাও সমানে প্ৰয়োজনীয়৷ কিয়নো স্বচ্চতা আৰু দক্ষতাৰ সংমিশ্ৰণ ঘটিলেহে জনসাধাৰণৰক সুশাসনৰ উৎকৃষ্ট আৰ্হি প্ৰদান কৰিব পৰা যায়৷ জন্ম আৰু মৃত্যুৰ মাজৰ কালখণ্ডত ব্যক্তি এগৰাকীয়ে পোৱা সময়খিনিত অন্য এগৰাকীৰ জীৱন আলোকিত কৰিব পৰাটো অতি আনন্দ আৰু গৌৰৱৰ কথা৷ সেয়েহে নিযুক্তি-পত্ৰ লাভ কৰাসকলে নিজ নিজ পিতৃ-মাতৃৰ স্নেহ আৰু ত্যাগৰ প্ৰতি কৃতজ্ঞ হৈ থাকিব লাগিব৷ আনহাতে, বিশিষ্ট ধনুৰ্বিদ জয়ন্ত তালুকদাৰক অসম আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক পদত নিযুক্তি প্ৰদান সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কয় যে ২০০৪ চনৰ এছিয়ান গ্ৰেণ্ড প্ৰিক্সৰ লগতে ২০০৬ আৰু ২০০৯ চনৰ আৰ্চাৰী বিশ্বকাপ প্ৰতিযোগিতাত স্বৰ্ণ পদক, ২০০৫ চনৰ বিশ্ব চেম্পিয়নশ্বিপত দলীয় শাখাত ৰূপ আৰু ২০১০ চনৰ কমনৱেলথ গেমছত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ উপৰি ২০১২ চনৰ লণ্ডন অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰা ক্ৰীড়াবিদজনক অসম আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক পদত নিযুক্তি প্ৰদান কৰিবলৈ পাই অসম চৰকাৰ আনন্দিত হৈছো৷ বৰ্তমানৰ ৰাজ্য চৰকাৰখনে কাৰ্যভাৰ গ্ৰহণৰ পাছৰে পৰা ৰাজ্যৰ কীৰ্তিমানসকলক তেওঁলোকৰ খ্যাতি বা বৰঙণিৰ স্বীকৃতি দিয়াৰ প্ৰচেষ্টা আৰম্ভ কৰিছিল৷ এই প্ৰচেষ্টা অব্যাহত ৰাখি অসম চৰকাৰৰ সংহত ক্ৰীড়া নীতিৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ অৰ্জুন বঁটাৰে সন্মানিত ধনুৰ্বিদজনক আজি নিযুক্তি প্ৰদান কৰা হৈছে৷ অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, অতুল বৰা, কেশৱ মহন্ত, যোগেন মহন, অজন্তা নেওগ, জয়ন্ত মল্লবৰুৱা, নন্দিতা গাৰ্লোছা, প্ৰশান্ত ফুকন, কৃষ্ণেন্দু পাল, কৌশিক ৰয়, ৰূপেশ গোৱালা, সাংসদ ভূৱনেশ্বৰ কলিতা, বিজুলী কলিতা মেধি, বিধায়ক পোনাকণ বৰুৱা, ধৰ্মেশ্বৰ কোঁৱৰ উপৰি অসম লোকসেৱা আয়োগৰ অধ্যক্ষ দেৱৰাজ উপাধ্যায়, মুখ্য সচিব ড॰ ৰবি কোটা, অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান হৰমীত সিঙকে ধৰি কেইবাজনো শীৰ্ষ বিষয়া উপস্থিত থাকে৷






