Logo
image

জোনাইৰ পুৰণা জেলেম গাঁৱত আলি আঃয়ে লৃগাঙক আদৰিবলৈ ব্যাপক প্ৰস্তুতি

'আমাৰ অসম'ৰ জোনাইৰ প্ৰতিবেদক, ১৭ ফেব্ৰুৱাৰীঃ ফাগুণৰ প্ৰথম বুধবাৰত মিচিংসকলে পালন কৰে মিচিংসকলৰ কৃষি ভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং। অসমৰ অন্যতম ভূমিপুত্ৰ অসমৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী মিচিং সকলৰ আলি আঃয়ে লৃগাং এক বসন্ত উৎসৱ। আলি আঃয়ে লৃগাঙৰ অৰ্থ হৈছে আলি মানে আলু বা মূল, আঃয়ে মানে গুটি বা ফল, লৃগাং মানে শস্য বা বীজ ৰোপণৰ আৰম্ভণিৰ দিন। বুধবাৰৰ দিনটো শুভদিন হিচাপে বিশ্বাস কৰে মিচিংসকলে। সেয়েহে ফাগুণৰ প্ৰথমটো বুধবাৰত মিচিংসকলে পথাৰত আৰাধ্য দেৱ-দেৱী দঞি-পল (বেলি-জোন), কাৰ্ছিং-কাৰ্তাং (গ্ৰহ-নক্ষত্ৰ)-ক সাক্ষী কৰি আৰম্ভ কৰে শস্য সিঁচাৰ। উল্লেখ্য, অন্যান্য প্ৰান্তৰ লগতে ধেমাজি জিলাৰ জোনাইৰ মিচিং জনবসতি গাঁৱসমূহত দেখা গৈছে আলি আঃয়ে লৃগাঙক আদৰিবলৈ ব্যাপক প্রস্তুতি।


ইফালে জোনাইৰ অৰুণাচল সীমান্তৰ পুৰণা জেলেম গাঁৱতো মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাঙক আদৰিবলৈ চলাইছে ব্যাপক প্ৰস্তুতি৷ লৃগাঙক আদৰিবলৈ মিচিং ডেকাসকলে জংঘলৰ পৰা সংগ্ৰহ কৰিছে তৰাপাত, কৌপাত আদি। কাৰণ লৃগাঙৰ দিনা তৰাপাতেৰে বান্ধি সিজাব বৰা চাউলৰ ভাত। তেনেদৰে পুৰণা জেলেম গাঁৱৰ ডেকাসকলে ৰাইজে সমূহীয়াকৈ লৃগাং উদযাপন কৰিবলগীয়া ঠাইত পৰম্পৰা অনুসৰি মুৰংঘৰ, টঙি, ধানৰ ভঁৰাল আদি নিৰ্মাণ কৰা দেখা গৈছে৷ আলি আঃয়ে লৃগাঙত গাহৰি মাংসৰ লগতে শুকান মাছ, আদাৰা পিহি পোৰাং আপিন অৰ্থাৎ বৰা চাউলৰ ভাত আৰু ছাইমদ খাই গুমৰাগ ছঃমানেৰে আপোন পাহৰা হ'ব মিচিং ডেকা-গাভৰুহঁতে। সমান্তৰালকৈ গোমৰাগ নৃত্যৰ আখৰাত মতলীয়া হৈ পৰিছে পুৰণা জেলেম গাঁৱৰ ডেকা-গাভৰুৰ পৰা কণ-কণ শিশুলৈ। এইদৰেই এতিয়া মিচিং জনগোষ্ঠীৰ লোকসকলে আলি আঃয়ে লৃগাঙক আদৰিবলৈ চলাইছে ব্যাপক প্ৰস্তুতি।