Logo
image

জোকাৰ খাই উঠিল উত্তৰ ভাৰত, অভিকেন্দ্ৰ দিল্লী

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৭ ফেব্ৰুৱাৰীঃ  ৰিখটাৰ স্কেলত প্ৰাবল্য মাথোঁ ৪.০৷ কিন্তু দিল্লীৰ বাসিন্দাই ৬.০ প্ৰাবল্যৰ কম্পনাংক অনুভৱ কৰি আতংকিত হৈ পৰিল৷ পুৱা ৫.৩৬ বজাত প্ৰথমে দিল্লী আৰু ৮.০২ বজাত আন এটা ভূমিকম্পই জোকাৰি তুলিলে বিহাৰক৷ বিহাৰৰ ভূমিকম্পৰ প্ৰাবল্যও আছিল সমান, ৰিখটাৰ স্কেলত ৪.০ আৰু অভিকেন্দ্ৰ আছিল ছিৱান৷ দিল্লীৰ ভূমিকম্পৰ জোকাৰণিৰ লগতে এটা প্ৰচণ্ড শব্দয়ো ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ বাসিন্দাক আতংকিত কৰি তুলিলে৷ ৰাজধানীৰ প্ৰাণকেন্দ্ৰৰ লগতে গ্ৰেটাৰ নয়ডা, গাজিয়াবাদ, গুৰুগ্ৰামত এই ভূমিকম্পই সৃষ্টি কৰা প্ৰচণ্ড জোকাৰণি আৰু ভয়ংকৰ শব্দ আতংকৰ কাৰণ হৈ পৰিল৷ ৰিখটাৰ স্কেলত চ্ছ্ৰ.ঙ্ম প্ৰাবল্যৰ ভূমিকম্পই এনে প্ৰচণ্ড জোকাৰণি আৰু বিৰাট শব্দৰ কেনেদৰে সৃষ্টি কৰিলে, সেই লৈ সৃষ্টি হ’ল কৌতূহলৰ৷


দিল্লীৰ ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মহানগৰীৰ মাজৰ ধৌলাকুঁৱাৰ দুৰ্গাবাঈ দেশমুখ কলেজৰ নিম্নভাগ৷ ভূমিকম্পটোৰ উৎপত্তিস্থল ভূমিৰ পৰা মাথোঁ ৫ কিলোমিটাৰ গভীৰতাত হোৱাৰ বাবেই এনে প্ৰচণ্ড জোকাৰণি আৰু প্ৰকাণ্ড শব্দৰ সৃষ্টি হোৱা বুলি কৈছে ভূতত্ববিদে৷ ‘নেচনেল চেণ্টাৰ ফৰ ছিছম’লজি’ৰ সঞ্চালক অ’ পি মিশ্ৰই কয়– ‘ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল ধৌলাকুঁৱাৰ জিল পাৰ্ক অঞ্চল আৰু ইয়াৰ উৎপত্তিস্থলৰ গভীৰতা আছিল ভূমিভাগৰ পৰা মাথোঁ ৫ কিলোমিটাৰ৷ সেয়ে অঞ্চলটোৰ বাসিন্দাই প্ৰায় ৬.০ প্ৰাবল্যৰ ভূমিকম্পৰ দৰে কম্পন অনুভৱ কৰিলে৷ দিল্লী ভূমিকম্পপ্ৰবণ অঞ্চলৰ ৪ নং মণ্ডলত অৱস্থিত৷ ইয়াত মধ্যমীয়াৰ পৰা বৃহৎ ভূমিকম্প হোৱাৰ সম্ভাৱনা আছে৷ পূৰ্বে দিল্লীত ৪.৫ প্ৰাবল্যৰ ভূমিকম্প হ’লেও উৎপত্তিস্থলৰ গভীৰতা আছিল ১০ কিলোমিটাৰৰ অধিক৷ সেয়ে আজিৰ সেই ভূমিকম্পই জোকাৰিব পৰা নাছিল আৰু প্ৰচণ্ড শব্দও নিৰ্গত হোৱা নাছিল৷’