Logo
image

৫খনকৈ মাৰ্চিডিজ বাছত মহা উলাহেৰে যাত্ৰা মন্ত্ৰী-বিধায়কৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু বজালীৰ প্ৰতিবেদক, ১৭ ফেব্ৰুৱাৰীঃ  সোমবাৰে পুৱাৰে পৰা অসম বিধানসভা চৌহদত দেখিবলৈ পোৱা গ’ল এক উখল-মাখল পৰিৱেশ৷ এজন এজনকৈ মন্ত্ৰী-বিধায়ক উৎসাহেৰে সৈতে আহি গোট খায় বিধানসভা ভৱনৰ সন্মুখত৷ সকলোৰে লক্ষ্যস্থান আছিল কোক্‌ৰাঝাৰ৷ এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’বলৈ যেন শাসক-বিৰোধী উভয়পক্ষৰ বিধায়কসকল আজিৰ এই বিশেষ দিনটোলৈ উৎসাহেৰে সৈতে  অপেক্ষা কৰি আছিল৷ পুৱা প্ৰায় ৬ বজাত ৫খনকৈ বিলাসী মাৰ্ছিডিজ বাছেৰে মন্ত্ৰী-বিধায়কসকল উৎফুল্লিত মনেৰে যাত্ৰা কৰে কোক্‌ৰাঝাৰ অভিমুখে৷ যাত্ৰাপথত বজালীত কিছু সময়ৰ বাবে ৰৈ পুৱাৰ আহাৰ গ্ৰহণ কৰে মন্ত্ৰী-বিধায়ক আৰু বিষয়া-কৰ্মচাৰীসকলে৷ বিধানসভাৰ  অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী সমাপ্ত কৰি কোক্‌ৰাঝাৰৰ পৰা গুৱাহাটীলৈ উভতি অহাৰ পথত মন্ত্ৰী-বিধায়কসকলে বজালীত নিশাৰ আহাৰো গ্ৰহণ কৰে৷ মন্ত্ৰী-বিধায়কসকলে আজি পুৱা যি উলাহেৰে সৈতে একেলগে বাছত কোক্‌ৰাঝাৰলৈ গৈছিল, সেই একে উলাহেৰে সৈতে নিশা গুৱাহাটীলৈ উভতি আহে৷ উল্লেখ্য, গুৱাহাটীৰ পৰা কোক্‌ৰাঝাৰলৈ যোৱাৰ পথত মন্ত্ৰী-বিধায়কসকলক পুৱাৰ জলপান আৰু নিশাৰ আহাৰেৰে আপ্যায়ন কৰাৰ উদ্দেশ্যেৰে বজালী জিলা প্ৰশাসনে ব্যাপক আয়োজন কৰে৷ ইয়াৰ বাবে অস্থায়ী মণ্ডপৰ ব্যৱস্থা কৰা হয়৷ বজালী জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত আটকধুনীয়াকৈ সজা হয় এই মণ্ডপ৷ জলপান আৰু আহাৰ গ্ৰহণৰ সমান্তৰালভাৱে মন্ত্ৰী-বিধায়কৰ জিৰণিৰ বাবেও ব্যৱস্থা কৰা হয় অস্থায়ী মণ্ডপত৷ পুৱা ৬ বজাতে অতিথিক আপ্যায়নৰ বাবে সাজু হয় জিলা প্ৰশাসন৷ ইয়াৰ বাবে সমগ্ৰ অঞ্চলটোতে গঢ়ি তোলা হয় কটকটীয়া নিৰাপত্তা ব্যৱস্থা৷ আনকি মন্ত্ৰী-বিধায়কে যি স্থানত জলপান আৰু নিশাৰ আহাৰ গ্ৰহণ কৰে তাত সাংবাদিকৰো প্ৰৱেশ নিষিদ্ধ কৰা হয়৷ পুৱা প্ৰায় ৮ বজাত অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৫ খন চাৰ্টাৰ্ড বাছেৰে ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি মন্ত্ৰী-বিধায়কসকল শ্বহীদ মদন ৰাউতা নগৰত অৱস্থিত বজালী জিলা প্ৰশাসনৰ চৌহদত উপস্থিত হয়৷ মন্ত্ৰী-বিধায়কসকলে প্ৰায় ৰ ঘণ্টা সময় এই স্থানত অতিবাহিত কৰি কোক্‌ৰাঝাৰ অভিমুখে ৰাওনা হয়৷ মন্ত্ৰী-বিধায়কসকল বাছেৰে আহি বজালীৰ অস্থায়ী মণ্ডপত উপস্থিত হোৱাৰ পাছতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সকলোকে ফুলাম গামোছা আৰু তেওঁ লিখা গ্ৰন্থ উপহাৰ দি আদৰণি জনায়৷ শাসক-বিৰোধীৰ বিধায়ক আৰু মন্ত্ৰীসকলে বজালী প্ৰশাসনৰ আপ্যায়নৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷ আনহাতে, আবেলি ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই কোকৰাঝাৰৰ পৰা ওভতাৰ পথত বজালীৰ আৱৰ্ত ভৱনত সোমাই কিছু সময় অতিবাহিত কৰে৷ ইপিনে আজি নিশা মন্ত্ৰী বিধায়কৰ দলটি ওভতনি যাত্ৰাত বজালী আৱৰ্ত ভৱনৰ অস্থায়ী ভোজনকক্ষত নিশাৰ আহাৰ গ্ৰহণ কৰে৷ পুৱা পুৰি, মটৰৰ ঘুগুনি চবজি সিজোৱা কনী কল আদিৰে  পুৱাৰ আহাৰ গ্ৰহণ কৰাৰ পিছত নিশা মাছ মাংস আদিকে ধৰি থলুৱা খাদ্য বিভিন্ন বিধান সভাৰ সদস্যবৰ্গৰে আপ্যায়ন কৰা হ’ল৷ মুখ্যমন্ত্ৰীৰ বাবে আপ্যায়নৰ বিশেষ ব্যৱস্থা কৰা হ’ল৷


বিটিআৰত এতিয়া কেৱল শান্তি আৰু প্ৰগতিঃ  পীয়ূষ হাজৰিকা

অসমৰ ইতিহাসত আজিৰ দিনটো এক ঐতিহাসিক দিন হিচাপে পৰিগণিত হৈছে৷ আজি ৰাজ্যত প্ৰথমবাৰৰ বাবে ৰাজধানীৰ বাহিৰত কোকৰাঝাৰত অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথমটো দিন অনুষ্ঠিত হয়৷ আজি কোকৰাঝাৰত অসম বিধানসভাৰ বাজেট অধিৱেশনত অংশগ্ৰহণ কৰাৰ প্ৰাক মুহূৰ্তত মন্ত্ৰী পীযূষ হাজৰিকাই সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া এইদৰে প্ৰকাশ কৰি কয় যে প্ৰথমবাৰৰ বাবে আমাৰ বিধানসভাৰ অধিৱেশন ৰাজধানীৰ বাহিৰত অনুষ্ঠিত হ’বলৈ গৈ আছে৷ সাধাৰণতে বিধানসভাৰ অধিৱেশন দিছপুৰস্থিত আমাৰ বিধানসভাৰ স্থায়ী ভৱনত অনুষ্ঠিত হয়৷ প্ৰায় ১৫ বছৰৰ পিছত কোকৰাঝাৰত শান্তিৰ পৰিৱেশ ঘূৰি আহিছে৷ কোকৰাঝাৰৰ মানুহে আগতে পৃথক ৰাজ্য দাবী কৰিছিল, কিন্তু এতিয়া তেওঁলোকে সেই দাবীক অগ্ৰাহ্য কৰিছে৷ এসময়ত অশান্ত আৰু উন্নয়নৰ পৰা বঞ্চিত বিটিআৰৰ শান্তি আৰু প্ৰগতিৰ ক্ষেত্ৰত এক উল্লেখনীয় দৃষ্টান্ত হিচাপে দেশজুৰি চৰ্চিত হৈছে আজি তেওঁলোকে বিধানসভা অনুষ্ঠিত কৰাৰ বাবে আমাক আদৰণি জনাইছে৷ এয়াই হৈছে নতুন অসম, এয়াই হৈছে নতুন ভাৰত৷  বিটিআৰৰ শান্তি আৰু উন্নয়নৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে যথেষ্ট কাম কৰিছে৷ দহ বছৰ পূৰ্বে এই প্ৰচেষ্টা চলোৱা হৈছিল আৰু আজিও কাম কৰি থকা হৈছে যাৰ বাবে কোকৰাঝাৰ তথা বিটিআৰ আমাৰ ৰাজ্যখনৰ এটা উন্নত অঞ্চল তথা উন্নয়নৰ দিশে আগবঢ়া অঞ্চল হৈ পৰিছে৷ ৰাজ্যখনৰ সকলো অঞ্চলৰ সম উন্নয়ন তথা জাতি-জনগোষ্ঠীসমূহৰ মাজত গণতান্ত্ৰিক প্ৰমূল্যবোধ সুদৃঢ় কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ প্ৰচেষ্টাত এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷