
দীৰ্ঘায়িত হ’ব কুম্ভমেলা
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৭ ফেব্ৰুৱাৰীঃ এতিয়ালৈকে দুটা পদপিষ্টৰ ঘটনা সংঘটিত হৈছে৷ এটা ‘অভিকেন্দ্ৰ’ প্ৰয়াগৰাজত, আনটো দেশৰ ‘প্ৰাণকেন্দ্ৰ’ নতুন দিল্লীত৷ ২৯ জানুৱাৰীৰ প্ৰয়াগৰাজৰ পদপিষ্টৰ ঘটনাত নি*হতৰ সংখ্যা ৩০জন আৰু যোৱা শুকুৰবাৰে নতুন দিল্লীৰ ৰে’ল ষ্টেচনত সংঘটিত পদপিষ্টৰ ঘটনাত মহাকুম্ভমুখী ভক্তৰ নিহতৰ সংখ্যা ১৮জন৷ এয়া চৰকাৰী হিচাপ৷ যিদৰে প্ৰয়াগৰাজৰ ঘটনাত অসংখ্য নিৰুদ্দিষ্টৰ এতিয়াও সন্ধান নাই, সেইদৰে দিল্লীৰ ঘটনাতো চৰকাৰীভাৱে মৃতদেহৰ সংখ্যা গোপন কৰাৰ অভিযোগ উঠিছে প্ৰচাৰ হোৱা অসংখ্য ভিডিঅ’-অডিঅ’ ক্লিপিংছত৷ আনহাতে, ভি আই পি-ভি ভি আই পিৰ বাবে সুৰক্ষিত মসৃন ব্যৱস্থা আৰু সাধাৰণ পুণ্যাৰ্থীৰ বাবে সীমাহীন বেমেজালি৷ যোৱা ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা প্ৰয়াগৰাজৰ মহাকুম্ভমেলাৰ পৰিচালনা কিন্তু প্ৰথমদিনাৰ পৰাই উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰে ‘ৱল্ডৰ্ ক্লাছ ক্ৰাউড মেনেজমেণ্ট’ বা ‘সমাৱেশৰ বিশ্বমানৰ পৰিচালনা’ বুলি দাবী কৰি আছে৷ সেই ‘ৱল্ডৰ্ ক্লাছ ক্ৰাউড মেনেজমেণ্ট’ কেৱল নেতা-মন্ত্ৰী, তেওঁলোকৰ পা-পৰিয়ালেহে পাইছে বুলি চৰ্চা হৈছে৷ সাধাৰণ পুণ্যাৰ্থীৰ বাবে মহাকুম্ভমেলাৰ স্নান কষ্টসাধ্য আৰু বহুতৰ বাবে মৃত্যুৰ নামান্তৰ৷ গাড়ীত যাত্ৰা কৰাৰ ক্ষেত্ৰত শ শ কিলোমিটাৰ যান-জঁট, ৰে’লত উঠিব পৰাৰ কোনো সুযোগেই নাই আৰু বিমানত টিকটৰ মূল্য আকাশলংঘী৷
এনে এক প্ৰচণ্ড বেমেজালিৰ মাজত চলি থকা প্ৰয়াগৰাজৰ মহাকুম্ভমেলা বিজেপি চৰকাৰে আৰু অধিক দীঘলীয়া কৰিব বুলি জনৰৱ উঠিছে৷ মহাকুম্ভমেলাৰ বাবে নিয়োজিত প্ৰশাসনীয় বিষয়া-কৰ্মচাৰী, আৰক্ষী, নিৰাপত্তাৰক্ষীৰ কৰ্তব্যৰ দিন বৃদ্ধি কৰাৰ বাবেই যোগী আদিত্যনাথ চৰকাৰে মহাকুম্ভমেলা পূৰ্বৰ সূচীমতে সমাপ্ত কৰাৰ পৰিৱৰ্তে দীৰ্ঘায়িত কৰাৰ সম্ভাৱনা দেখিছে অনেকে৷ মহাকুম্ভমেলা ২৫ ফেব্ৰুৱাৰীত সমাপ্ত হোৱাৰ কথা আছিল৷ কিন্তু ভক্তৰ ভিৰ আৰু আগ্ৰহ দেখি চৰকাৰে আৰু কিছুদিনলৈ মহাকুম্ভমেলা বৃদ্ধি কৰাটো প্ৰায় নিশ্চিত যেন অনুভৱ হৈছে৷ এতিয়ালৈকে এইবাৰৰ মহাকুম্ভমেলাত ৫০ কোটি পুণ্যাৰ্থীয়ে অংশগ্ৰহণ কৰা বুলি উত্তৰ প্ৰদেশ চৰকাৰে দাবী কৰিছে৷ সেই হিচাপত দৈনিক গড়ে ৰ কোটি ৩৪ লাখকৈ পুণ্যাৰ্থীয়ে মহাকুম্ভমেলাত অংশগ্ৰহণ কৰিছে৷ ৰাষ্ট্ৰপ্ৰধান, গ্লেমাৰ জগতৰ চেলেব্ৰিটী, ধনকুবেৰ ব্যৱসায়ী আদিয়ে এইবাৰ পুণ্যস্নান কৰাত সাধাৰণ জনতাৰ আগ্ৰহ বৃদ্ধি পাইছে৷ দাক্ষিণাত্য বাদ দি দেশৰ অৰ্ধেক অংশৰ পৰা প্ৰয়াগৰাজলৈ যি ভক্তৰ সোঁত বৈছে সেয়া অভূতপূৰ্ব৷ এইক্ষেত্ৰত বিজেপিশাসিত চৰকাৰৰ প্ৰভাৱ থকা বুলিও অনেকে দাবী কৰিছে৷
এনে সত্ত্বেও চৰকাৰে কুম্ভমেলাত আৰু কুম্ভমেলালৈ যোৱা পুণ্যাৰ্থীৰ মৃত্যুৰ সংখ্যা গোপন কৰা, ঘটনা প্ৰচাৰ হ’বলৈ নিদিয়াকৈ ৰখাৰ কথাই সকলোকে আচৰিত কৰি তুলিছে৷ প্ৰয়াগৰাজত এতিয়া ২৯ জানুৱাৰীৰ পদপিষ্টৰ নিৰুদ্দিষ্টৰ সন্ধান কৰা পৰিয়ালৰ আত্মীয়ক আৰক্ষীয়ে মাৰ-পিট কৰি খেদে৷ তেনে অসংখ্য ভিডিঅ’ নিৰ্ভৰযোগ্য বাতৰি প্ৰতিষ্ঠানে নিতৌ সম্প্ৰচাৰ কৰি আছে৷ দিল্লীৰ ৰে’ল ষ্টেচনৰ ঘটনাত ততোধিক গোপনীয়তা অৱলম্বন কৰিলে চৰকাৰে৷ ঘটনাৰ নিশা কোনো ভক্ত নিহত বুলি বাতৰিয়েই প্ৰচাৰ নহ’ল৷ সংবাদ মাধ্যমক নিহতৰ খবৰেই দিয়া নহ’ল৷ এনেদৰে ঘটনা লুকুৱাই ৰখাৰ বাবে চৰকাৰে কিয় আপ্ৰাণ প্ৰয়াস চলাইছে, সেই লৈ চৌদিশে প্ৰশ্ন উত্থাপন হৈছে৷ চৰকাৰৰ এই প্ৰৱণতাৰ কাৰণ কি? এই প্ৰশ্নত সকলো নিৰুত্তৰ৷