Logo
image

বৃহস্পতিবাৰে শপতগ্ৰহণ, মুখ্যমন্ত্ৰীহে ঠিক হোৱা নাই দিল্লীৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৭ ফেব্ৰুৱাৰীঃ  বিজেপিৰ বাবে মুখ্যমন্ত্ৰী গুৰুত্বপূৰ্ণ নহয়৷ দিল্লী বিধানসভাৰ নিৰ্বাচনৰ ফলাফল প্ৰকাশৰ ৯-১০ দিন হোৱাৰ পাছতো দেশৰ এতিয়াৰ বৃহত্তম ৰাজনৈতিক দলটোৱে মুখ্যমন্ত্ৰীৰ নাম ঘোষণা নকৰাত এনে এক প্ৰতিক্ৰিয়াৰে সৃষ্টি হৈছে৷ এই প্ৰতিক্ৰিয়াৰ মূল  কাৰণ অৱশ্যে আনহে৷ গেৰুৱা দলৰ শীৰ্ষ নেতৃত্বই দিল্লীৰ নতুন চৰকাৰৰ শপতগ্ৰহণৰ দিন চূড়ান্ত কৰিছে৷ এই অনুসৰি দিল্লীৰ বিজেপি চৰকাৰে অহা বৃহস্পতিবাৰে বিয়লি ৪.৩০ বজাত শপতগ্ৰহণ কৰিব৷ অথচ এতিয়ালৈকে মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰা নাই দলটোৱে৷ সাধাৰণভাৱে চাবলৈ হ’লে একাধিক মুখ্যমন্ত্ৰিত্ব প্ৰত্যাশীৰ মাজৰ পৰা বাছনি কৰাত অসুবিধা হোৱাৰ বাবেই এই বিলম্ব৷ পিছে ৰাজধানীৰ অলিন্দত বিজেপিৰ এই বিলম্বক লৈ কটাক্ষও আৰম্ভ হৈছে৷ যেনে– বিজেপিৰ ৰাজ্য চৰকাৰো দিল্লীৰ পৰাই পৰিচালিত হয়, সেয়ে মুখ্যমন্ত্ৰী নিৰ্বাচননো কি কথা, যিকোনো এজনক পাতি দিলেই হ’ল৷ তাতকৈ শপতগ্ৰহণ অনুষ্ঠান জাক-জমকভাৱে আয়োজন কৰাটোহে অধিক গুৰুত্বপূৰ্ণ, চৰকাৰতো দিল্লীৰ কেন্দ্ৰীয় নেতৃত্বই চলাই থাকিব৷ এই কটাক্ষৰ সত্যা-সত্য বিচাৰ কৰাৰ উপাই নাই, কিন্তু যোৱা ৮ ফেব্ৰুৱাৰীত ফলাফল ওলোৱাৰ পাছত ১৭ ফেব্ৰুৱাৰীলৈকে দেশৰ বৃহত্তম আৰু এতিয়াৰ সু-সংগঠিত দলটোৱে মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিব নোৱাৰাৰ কথাই সেই কটাক্ষক জোৰদাৰ যুক্তি হিচাপে প্ৰতিপন্ন কৰাৰ অৱকাশ দেখুৱাইছে৷


বিজেপিৰ যিটো সূত্ৰই এনডিটিভি সংবাদগোষ্ঠীক অহা বৃহস্পতিবাৰে শপতগ্ৰহণৰ দিন-ক্ষণ চূড়ান্ত হোৱা বুলি জনাইছে, সেই সূত্ৰৰ মতে শপতগ্ৰহণৰ স্থান এতিয়াও চূড়ান্ত হোৱা নাই৷ সম্ভৱতঃ স্থান হ’ব পাৰে জৱাহৰলাল নেহৰু ষ্টেডিয়াম৷ তদুপৰি অহা বুধবাৰে নিৰ্বাচিত ৪৮ জন বিধায়ক বিধায়িনী দলৰ বৈঠকত মিলিত হ’ব৷ সাধাৰণ তত্ব অনুসৰি নিৰ্বাচিত ৪৮ বিধায়কে নেতা অৰ্থাৎ মুখ্যমন্ত্ৰী নিৰ্বাচন কৰিব বুলি ক’লেও শীৰ্ষ নেতৃত্বৰ নিৰ্দেশ অনুসৰিয়েই মুখ্যমন্ত্ৰীৰ নাম চূড়ান্ত হ’ব৷ ৰাজধানীৰ চৰ্চা অনুসৰি ১৫জন বিজেপি নেতাৰ নামৰ তালিকা এখন লৈ তাৰপৰা মুখ্যমন্ত্ৰী চূড়ান্ত কৰিবলৈ শীৰ্ষ নেতৃত্বই প্ৰয়াস চলাইছে আৰু সেইবাবেই মুখ্যমন্ত্ৰীৰ নাম ঘোষণাত বিলম্ব হৈছে৷ আচৰিতভাৱে এই ১৫জনীয়া তালিকাৰ প্ৰত্যেকেই নিৰ্বাচিত বিধায়ক নহয়৷ সেয়ে অৱশেষত কোনো এজন কেন্দ্ৰীয় বিজেপি নেতাক মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়াটোও আচৰ্যকৰ নহ’ব৷