Logo
image

খুলি গ’ল পেণ্ডোৰা বক্স

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৮ ফেব্ৰুৱাৰীঃ  অসম লোকসেৱা আয়োগৰ ২০১৩ বৰ্ষ আৰু ২০১৪ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ কেলেংকাৰিৰ প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন থেৰো¸গেৰোকৈ হ’লেও সুদীৰ্ঘ তিনি বছৰ মূৰত ৰাজ্য চৰকাৰে বিধানসভাত দাখিল কৰাৰ পাছতেই সৰ্বত্ৰ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বিজেপি মিত্ৰজোঁটৰ চৰকাৰে বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন বিধি অনুসৰি বিধানসভাত দাখিল কৰাৰ পৰা বিৰত  থাকি একাংশ বিষয়াক সুৰক্ষা দিয়াৰ চেষ্টা চলাইছিল যদিও অৱশেষত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত  বিধানসভাত প্ৰতিবেদন দুখন দাখিল কৰিবলৈ বাধ্য হ’ল৷ সোমবাৰে বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনটোতে বি কে শৰ্মাৰ প্ৰতিবেদন দুখন দাখিল কৰাৰ পাছতেই প্ৰতিবেদনৰ পৃষ্ঠাই পৃষ্ঠাই বিস্ফোৰক তথ্য প্ৰকাশ পাইছে৷ বিপ্লৱ কুমাৰ শৰ্মাৰ এই প্ৰতিবেদনে যেন ৰাজ্যৰ ধুমুহাৰ সৃষ্টি কৰি খুলি দিলে ‘পেণ্ডোৰা বক্স’৷ গৃহ বিভাগে যিসকল অভিযুক্তৰ বিৰুদ্ধে তদন্তৰ পৰা বিৰত আছিল, তেনে অৰ্ধশতাধিক ৰাজপত্ৰিত বিষয়াৰ জালিয়াতি পোহৰলৈ আনি অভিযুক্ত কৰিছে শৰ্মা আয়োগৰ প্ৰতিবেদনত৷ বি কে শৰ্মাৰ প্ৰতিবেদনত টেবলুলেশ্বন শ্বীটত নম্বৰ বৃদ্ধিৰ জালিয়াতিৰে ২০১৩ বৰ্ষত বাছনি লাভ কৰাৰ অভিযোগত ৩৪ জনক অভিযুক্ত কৰিছে৷ এই বাছনিকৃত অভিযুক্ত বিষয়াসকল হৈছে ক্ৰমে– এচিএছ ধ্ৰুৱজ্যোতি হাতীবৰুৱা, আকাশী দুৱৰা, ত্ৰিদীপ ৰয়, বিক্ৰম আদিত্য বৰা, এপিএছ কল্যাণ কুমাৰ দাস, ফাৰুক আহমেদ, দীপাংকৰ দত্ত লহকৰ, নৱনীতা শৰ্মা, কুল প্ৰদীপ ভট্টাচাৰ্য, নীলাঞ্জল গগৈ, নিতুমণি দাস, আবকাৰী পৰিদৰ্শক সৌৰভ প্ৰাণ শৰ্মা, সহকাৰী সমবায় পঞ্জীয়ক বিকাশ শৰ্মা, কৰ পৰিদৰ্শক বৰকিৰি টেৰন, কৰ অধীক্ষক জয়ন্ত দলে, এচিএছ ধীৰাজ কুমাৰ জৈন, এপিএছ সুকন্যা দাস, ৰুমীৰ তিমুংপি, এপিএছ পুষ্কল গগৈ, কৰ পৰিদৰ্শক প্ৰিয়ংকা ডেকা, এপিএছ অসীমা কলিতা, এপিএছ অমিত ৰাজ চৌধুৰী, সহকাৰী নিয়োগ বিষয়া গীতাৰ্থ বৰুৱা, এপিএছ ৰিতুৰাজ দলে, সহকাৰী নিয়োগ বিষয়া ৰাকেশ দাস, এপিএছ অমলজ্যোতি দাস, এপিএছ চাহজাহান সৰকাৰ, এচিএছ জগদীশ ব্ৰহ্ম, এপিএছ ঐশ্বৰ্য জীৱন বৰুৱা, এপিএছ স্বৰূপ কুমাৰ ভট্টাচাৰ্য, এচিএছ নন্দিতা হাজৰিকা, এচিএছ হিতেশ মজুমদাৰ, সহকাৰী সমবায় পঞ্জীয়ক চক্ৰধৰ ডেকা আৰু এপিএছ নন্দিনী কাকতি৷ তদুপৰি আয়োগৰ প্ৰতিবেদনত ২০১৪ বৰ্ষত জালিয়াতিৰে বাছনি লাভ কৰাৰ  অভিযোগত ১১ জন বিষয়াক অভিযুক্ত কৰিছে প্ৰাক্তন ন্যায়াধীশ বি কে শৰ্মাই৷ ২০১৪ বৰ্ষৰ বাছনিকৃত অভিযুক্ত বিষয়া কেইজন হৈছে ক্ৰমে – কৰ অধীক্ষৰ ৱাহিদা বেগম, এপিএছ ভনিতা নাথ, কৰ অধীক্ষক মানবী দাস, কৰ পৰিদৰ্শক বিকাশ কুমাৰ পিঞ্চা, এপিএছ অভিষেক দে’, কৰ পৰিদৰ্শক গণপতি ৰয়, আবকাৰী অধীক্ষক বেদাংগ ভূষণ শইকীয়া, এপিএছ সুৰজ কুমাৰ ডেকা, আবকাৰী অধীক্ষক মানসজ্যোতি দাস, কৰ পৰিদৰ্শক নৃপেন কুমাৰ পাঠক আৰু এপিএছ সৌমাৰজ্যোতি শৰ্মা৷ লক্ষণীয়ভাৱে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনত এপিএছচি কেলেংকাৰিৰ অন্যতম অভিযুক্ত তথা কুখ্যাত ৰাকেশ পালৰ অনুমোদিত দালাল হিচাপে পৰিচিত পশু চিকিৎসক মৃগেন শইকীয়াৰ স্বীকাৰোক্তিয়ো গাঁঠি দিছে৷ উক্ত বিস্ফোৰক লিখিত সাক্ষ্যক লৈ ৰাজজুৰি এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ডাঃ মৃগেন শইকীয়াই আয়োগক দিয়া সাক্ষ্যত অভিযোগ কৰি কয যে– পশুপালন বিভাগ মহকুমা বিষয়া হিচাপে ডাঃ মৃগেন শইকীয়াই কৰ্মৰত হৈ থকাৰ সময়তে ২০১২ চনৰ ডিচেম্বৰ মাহত সৎসংগ বিহাৰ ৰেহটিক সন্মিলন অনুষ্ঠিত কৰাৰ বাবে খানাপাৰাস্থিত পশুপালন বিভাগৰ খেলপথাৰখন বিচাৰি ৰাকেশ পাল তেওঁৰ ওচৰলৈ আহিছিল৷ সেই সময়ত ৰাকেশ পাল আছিল এপিএছচিৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ৷ তেতিয়াৰে পৰা ৰাকেশ পালৰ সৈতে পদোন্নতিক লৈ যোগাযোগ চলিছিল ডাঃ শইকীয়াৰ৷ সেই সূত্ৰে তেওঁ এপিএছচিৰ গৱেষণা বিষয়া মুকুল ডেকাৰ সংস্পৰ্শলৈ আহিছিল৷ ডেকাৰ ভগ্নী আৰু ডাঃ মৃগেন শইকীয়াৰ পত্নী সহপাঠী আছিল৷ ডাঃ শইকীয়া প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চুবুৰীয়া আছিল৷ সেই সূত্ৰে তৰুণ গগৈৰ সৈতে সু-সম্পৰ্ক থকা বুলিও দাবী কৰিছে চিকিৎসকজনে৷ যেতিয়া ৰাকেশ পালৰ সৈতে সম্পৰ্ক গাঢ় হ’বলৈ ধৰিলে, তেতিয়া ৰাকেশ পালে তেওঁৰ হৈ মুখ্যমন্ত্ৰীৰে এটা সাক্ষাতৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ কৰিছিল৷ সেই অনুসৰি ২০১৩ ফেব্ৰুৱাৰীত ৰাকেশ পালক ডাঃ শইকীয়াই মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ঘৰলৈ লৈ গৈ সাক্ষাৎ কৰাই দিছিল৷ এই সাক্ষাততে ৰাকেশ পালে তৰুণ গগৈক এপিএছচিৰ স্থায়ী অধ্যক্ষ নিযুক্ত দিবলৈ অনুৰোধ জনাইছিল৷  ৰাকেশ পাল তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ বিবাহ অনুষ্ঠানলৈও গৈছিল৷ সেই বিবাহ অনুষ্ঠানত ৰাকেশ পালে সোণৰ চেইন, আঙঠি আৰু ব্ৰেছলেট উপহাৰ হিচাপে আগবঢ়াইছিল গৌৰৱক৷ তেতিয়া মৃগেন শইকীয়াই নিজৰ ফালৰ পৰাও মুখ্যমন্ত্ৰীক এপিএছচিৰ স্থায়ী অধ্যক্ষ হিচাপে ৰাকেশ পালক নিযুক্তি দিবলৈ অনুৰোধ জনাইছিল৷ অৱশ্যে সেই সময়ত মুখ্যমন্ত্ৰীয়ে কিছুদিন অপেক্ষা কৰিবলৈ কোৱা বুলিও ডাঃ শইকীয়াই লিখিত স্বীকাৰোক্তিত দাবী কৰিছে৷ পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীয়ে ডাঃ শইকীয়াক ৰাকেশ পালক আয়োগৰ স্থায়ী অধ্যক্ষ নিযুক্তিৰ বাবে পাৰ্চনেল বিভাগক নিৰ্দেশ দিয়া বুলি জানিবলৈ দিয়ে৷


ইয়াৰ পাছতেই উক্ত ফাইলটোৰ কাম-কাজ আগবঢ়াই নিবলৈ ৰাকেশ পালে খৰচৰ বাবদ মৃগেন শইকীয়াক ৫লাখ টকা দিছিল৷ কিন্তু পালৰ ফাইলটো দিছপুৰৰ ন্যায় বিভাগৰ উপ-সচিব এম বৰভূঞাই পেলাই ৰাখিছিল৷ যেতিয়া  মৃগেন শইকীয়াই উপ-সচিবজনৰ সৈতে যোগাযোগ কৰে তেওঁ কয়– ‘এই ফাইলটোত বহু আসোঁৱাহ আছে আৰু ইয়াক সহজে ক্লিয়াৰ কৰি দিব নোৱাৰি৷’ ইয়াৰ পাছতেই উপ-সচিব এম বৰভূঞাক ফাইলৰ কামটো কৰি দিয়াৰ বাবে উৎকোচ দিবলগীয়া হোৱাৰ কথাও উল্লেখ কৰিছে মৃগেন শইকীয়াই৷ ৰাকেশ পালে উপ-সচিব বৰভূঞাৰ সৈতে ফোনত কথাও পাতিছিল৷ ৰাকেশ পালে এবাৰ ফোন কৰি ডাঃ শইকীয়াক জি এছ ৰোড হোটেল প্ৰগতি মেনৰলৈ মাতি আনিছিল৷ য’ত মুকুল ডেকা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জাহিদ চৌধুৰী, আৰু উপ-সচিব এম বৰভূঞাৰ লগতে পালৰ সহযোগী সুদীপ দাসো আছিল৷ সেই সময়তে বৰভূঞাক দিবলৈ ৰাকেশ পালে ৫০ হাজাৰ টকা দিছিল ডাঃ মৃগেন শইকীয়াক৷ কিন্তু হোটেলৰ চিচি টিভিৰ বাবে সেই সময়ত বৰভূঞাই উক্ত ধন লোৱা নাছিল যদিও পাছত গ্ৰহণ কৰিছিল৷ইয়াৰ পাছতেই ৰাকেশ পালক স্থায়ী অধ্যক্ষৰূপে নিযুক্তি দিয়াৰ জাননী প্ৰকাশ পাইছিল৷ ৰাজ্যপালৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকাৰ বাবে ৰাকেশ পালে নিয়মীয়াকৈ ব্যক্তিগত নিৰাপত্তাৰক্ষীৰ জৰিয়তে ৰাজভৱনলৈ শাক-পাচলি, কাপোৰ আৰু সুৰা প্ৰেৰণ কৰিছিল৷ ২০১৩ বৰ্ষৰ পৰীক্ষাত কৰ পৰিদৰ্শক নিযুক্তি পোৱা প্ৰসেনজিৎ দাসে সৎসংগ বিহাৰত ৰাকেশ পালক বগা ৰঙৰ এখন বিলাসী ডাষ্টাৰ বাহন উপহাৰ দি ২০১৪ বৰ্ষৰ পৰীক্ষাত ডিটিঅ’ পদত বাছনি লাভ কৰিছিল৷ এই গাড়ীখন দুবছৰ ধৰি সৎসংগ বিহাৰত চলিছিল যদিও পৰৱৰ্তী সময়ত ছয়মাইলৰ ভগৱান দাস নামৰ লোকজনে ক্ৰয় কৰিছিল৷লিংগ পাৰ্থক্যৰ জ্ঞান নথকা ভগৱান দাসৰ পুত্ৰ ৰাকেশ দাসকো সহকাৰী নিয়োগ বিষয়া পদত বাছনি কৰিছিল পালে৷ আনকি ৰাকেশ পালৰ নিৰ্দেশত গুৱাহাটীৰ তেতিয়াৰ ডিটিঅ’ প্ৰদীপ নুনিছাই ৫০ লাখ টকা দিছিল ডাঃ শইকীয়াক৷ উক্ত ধনৰ বিনিময়ত প্ৰদীপ নুনিছাৰ জোঁৱায়েকে গুলচান দাওলাগাপুক ডিএছপি বাছনি কৰিছিল৷ ডাঃ শইকীয়াৰ স্বীকাৰোক্তি ভৰা প্ৰতিবেদনখনত ৰাকেশ পালৰ দুগৰাকী প্ৰাৰ্থীৰ সৈতে অবৈধ সম্পৰ্ক থকা বুলিও দাবী কৰিছে৷ ৰাকেশ পালৰ এই সম্পৰ্ক পত্নী আৰু মাতৃয়ো অৱগত বুলি চিকিৎসকজনে উল্লেখ কৰিছে৷ যাৰ বাবে পত্নীয়ে বেলেগকৈ থাকিবলৈ লোৱাৰ লগতে মাতৃয়ে পালৰ ‘চৰিত্ৰৰ পতন হৈছে’ বুলিও মন্তব্য কৰিছিল৷ ৰাকেশ পালে আৰটিআই কৰ্মী দুলাল বৰা আৰু তেতিয়াৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা কমল কুমাৰ মেধিক ধন দিয়া বুলিও চাঞ্চল্যকৰ স্বীকাৰোক্তি প্ৰদান কৰিছে ডাঃ মৃগেন শইকীয়াই৷ ৰাকেশ পালৰ হৈ দুলাল বৰাক তেওঁ ২ লাখ টকা দিছিল৷ এখন চুৰি গাড়ী সংক্ৰান্তীয় গোচৰত দুলাল বৰাই ৰাকেশ পাল আৰু গুৱাহাটীৰ তদানীন্তন জ্যেষ্ঠ আৰক্ষী অধীক্ষক আনন্দ প্ৰকাশ তিৱাৰীৰ বিৰুদ্ধে এজাহাৰ দিছিল৷ ২ লাখ টকা লাভ কৰাত দুলাল বৰাই পালৰ বিৰুদ্ধে এজাহাৰ উঠাই লৈছিল যদিও আনন্দ তিৱাৰীৰ বিৰুদ্ধে এজাহাৰ প্ৰত্যাহাৰ কৰা নাছিল৷তদুপৰি ৰাকেশ পালৰ নিৰ্দেশত কৃষক মুক্তিৰ নেতা কমল মেধিক ৩ লাখ টকা দিছিল পশু চিকিৎসকজনে৷ সেই সময়ত ৰাকেশ পালে তেওঁক কৃষক মুক্তিৰ উপদেষ্টা অখিল গগৈক সাক্ষাৎ কৰিবলৈ কৈছিল৷ সেই মতে গুৱাহাটীত চানমাৰি বাসগৃহত অখিল গগৈক সাক্ষাৎ কৰিছিল ডাঃ মৃগেন শইকীয়াই৷ তেতিয়া পালৰ সৈতে অখিল গগৈয়ে টেলিফোনত কথা পাতি সাক্ষাতৰ বাবে স্থান আৰু সময় নিৰ্ধাৰণ কৰিছিল৷ কিন্তু পৰৱৰ্তী সময়ত অখিল গগৈৱে সেই সাক্ষাৎ নাকচ কৰিছিল আৰু কমল মেধিক সাক্ষাৎ কৰিবলৈ কৈছিল ৰাকেশ পালক৷ ইয়াৰ পাছতেই ৰাকেশ পালৰ নিৰ্দেশ মতে মৃগেন শইকীয়াই কমল মেধিক সাক্ষাৎ কৰিছিল আৰু ৩ লাখ টকা আদায় দিছিল৷ সেই লেনদেন হৈছিল ২০১৪ চনত৷ যি সময়ত অখিল গগৈয়ে এপিএছচিৰ কেলেংকাৰিক লৈ সৰব হৈ আছিল৷’ লক্ষণীয়ভাৱে বি কে শৰ্মাৰ ন্যায়িক আয়োগক বিভিন্নজনে একাধিক সন্দেহজনক প্ৰাৰ্থীৰ বিৰুদ্ধে অভিযোগ দিছিল৷ ইয়াৰ ভিতৰত আৰটিআই কৰ্মী দুলাল বৰাই বিজেপি বিধায়ক গুৰুজ্যোতি দাস আৰু এপিএছচিৰ সহকাৰী পৰীক্ষা নিয়ন্ত্ৰক পৱিত্ৰ কৈবত্তৰ্ৰ আত্মীয় লীনা দাস, নিৰ্মল দাস, ভাৰ্গৱ মুনি দাস, মনদীপ দাস, ডাঃ দেৱাশিস¸ দাস, নৰেশ্বৰ দাস, কল্পনা দাস, থানুৰাম দাস আৰু দেৱানন্দ দাসৰ বিৰুদ্ধে অভিযোগ দিছিল৷ তদুপৰি আন এজন ব্যক্তিয়ে বৰ্তমানৰ বিজেপি নেত্ৰী সুমিত্ৰা পাতিৰৰ পুত্ৰ জৱাহৰ পাতিৰ, কৰ্পুৰ পাতিৰ, বোৱাৰী মিনাক্ষী পাৰ্মেৰ বিৰুদ্ধেও অভিযোগ দিছিল৷ আয়োগক এনআৰচিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ পুত্ৰ গীতাৰ্থ দেৱ শৰ্মাৰ বিৰুদ্ধেও অভিযোগ দিছিল৷ তদুপৰি যোৰহাটৰ অশ্বিনী বৰুৱা এজন ব্যক্তিয়ে মনোলভা শইকীয়া আৰু বেদান্ত ভূষণ শইকীয়া নামৰ দুজন প্ৰাৰ্থীয়ে ৬০ লাখ টকা দি বাছনি লাভ কৰাৰ অভিযোগ কৰিছিল৷ ইয়াৰে বেদান্ত ভূষণ শইকীয়াক বি কে শৰ্মাৰ আয়োগে অভিযুক্ত কৰিছে৷