
বহু প্ৰশ্নৰ অৱকাশ ৰৈ গ’ল দাখিল কৰা প্ৰতিবেদনত
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৮ ফেব্ৰুৱাৰীঃ ৰাকেশ পালৰ কাৰ্যকালত অসম লোকসেৱা আয়োগত সংঘটিত নিযুক্তি কেলেংকাৰিৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰি দিয়া বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন ৰাজহুৱা হোৱাৰ পাছতে সৃষ্টি হৈছে ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ৷ ২০১৩ আৰু ২০১৪ বৰ্ষত আয়োগে অনুষ্ঠিত কৰা নিযুক্তি পৰীক্ষাৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশজনৰ ওপৰত৷ কিন্তু এতিয়া এই প্ৰতিবেদনখনক লৈ উত্থাপিত হৈছে বহু প্ৰশ্নৰ৷ বিশেষকৈ ন্যায়াধীশজনে নিজৰ সুদীৰ্ঘ প্ৰতিবেদনত কিছুমান লোকৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ লিপিবদ্ধ কৰিছে আয়োগৰ প্ৰাক্তন অপসাৰিত সদস্য ডাঃ মৃগেন শইকীয়াৰ ভাষ্যৰ ভিত্তিত৷ ৰাকেশ পালৰ সমান্তৰালভাৱে ডাঃ শইকীয়াৰ নামো আয়োগৰ নিযুক্তি কেলেংকাৰি সন্দৰ্ভত আৰক্ষীয়ে প্ৰস্তুত কৰা অভিযোগনামাত আছে৷ নিজে নিযুক্তি কেলেংকাৰিত সম্পূৰ্ণভাৱে জড়িত থকা ডাঃ শইকীয়াই যিসকল লোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে সেই লোকসকলক শৰ্মা আয়োগে তলব কৰি তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত মতামত গ্ৰহণ নকৰিলে৷ দুয়োপক্ষৰ মতামত অবিহনেই আয়োগে অভিযুক্ত লোক এজনৰ মতামত সন্নিৱিষ্ট প্ৰতিবেদন চৰকাৰক জমা দিয়ে আৰু চৰকাৰে ইয়াক ৰাজহুৱা কৰে৷ যিসকল লোকৰ বিৰুদ্ধে অভিযুক্ত এজনে আয়োগৰ সন্মুখত অভিযোগ কিছুমান উত্থাপন কৰিলে সেই লোকসকলক আয়োগে আত্মপক্ষৰ সুবিধা দিয়াৰ পৰা বিৰত থাকে৷ অথচ এই প্ৰতিবেদন চৰকাৰক জমা দিয়াৰ পূৰ্বে বা ইয়াক ৰাজহুৱা কৰাৰ পূৰ্বে অভিযুক্ত এজনে উত্থাপন কৰা অভিযোগসমূহৰ সত্যতা বিচাৰ কৰি চোৱা নহ’ল৷ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিৰুদ্ধে আয়োগৰ প্ৰতিবেদনত যিসমূহ অভিযোগ সন্নিৱিষ্ট কৰা হৈছে সেই অভিযোগৰ প্ৰত্যুত্তৰ দিবলৈ আজি তেওঁ ইহজগতত নাই৷ ৰাকেশ পালে প্ৰয়াত মুখ্যমন্ত্ৰীজনক উপহাৰ দিয়াৰ যি অভিযোগ ডাঃ শইকীয়াই আয়োগৰ ওচৰত ২০২১ চনৰ ১৬ অক্টোবৰত দিছিল তাৰ সত্যাসত্য নিৰূপণ বা এই অভিযোগৰ প্ৰত্যুত্তৰ কোনে দিব?
প্ৰতিবেদনত তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ বিয়াৰ প্ৰসংগও উল্লেখ আছে৷ এই বিয়া অনুষ্ঠিত হৈছিল সৰুসজাই ষ্টেডিয়ামত৷ বিয়াত হাজাৰ হাজাৰ লোক উপস্থিত আছিল৷ সেই বিয়াত কোনে কি উপহাৰ গৌৰৱ গগৈক দিছিলে সেয়া পৰীক্ষা কৰি লোৱাটো সম্ভৱ নাছিল৷ আৰু সেই সময়ত ৰাকেশ পাল আয়োগৰ সদস্য আছিল৷ পালৰ বিৰুদ্ধে তেতিয়া কোনো ধৰণৰ অভিযোগ উত্থাপিত হোৱা নাছিল৷ লোকসেৱা আয়োগৰ সদস্য পদত থকা লোক এজনে মুখ্যমন্ত্ৰীৰ পুত্ৰৰ বিৱাহ অনুষ্ঠানত উপস্থিত হৈ উপহাৰ দিলে সেই উপহাৰ গ্ৰহণ নকৰাটো সৌজন্যতাৰ বাহিৰত৷ লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰিত বহু শীৰ্ষ ৰাজনৈতিক নেতাৰ নাম উচ্চাৰিত হৈছিল বা তেওঁলোকৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছিল যদিও শৰ্মা আয়োগৰ প্ৰতিবেদনত এনে শীৰ্ষ ৰাজনীতিকৰ নাম সন্নিৱিষ্ট নহ’ল বা ডাঃ মৃগেন শইকীয়ায়ো তেওঁলোকৰ নাম হয়তো উল্লেখ নকৰিলে৷ যিজন অভিযুক্তৰ উদ্ধৃতি দি প্ৰতিবেদনত বহু লোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে সেই ডাঃ মৃগেন শইকীয়া বহুদিন ধৰি পলাতক হৈ আছিল গ্ৰে*প্তাৰৰ পৰা হাত সাৰিবলৈ৷ কংগ্ৰেছৰ পৰা গৈ বিজেপিত যোগদান কৰা বহু নেতাৰ নাম হয়তো আয়োগৰ সন্মুখত ক’বলৈ পাহৰিলে ডাঃ শইকীয়াই৷ আৰু আয়োগেও সেই নামবিলাক বিচাৰি নাপালে নিজৰ তদন্তত৷ আৰক্ষীৰ তদন্তৰ সময়ত নিযুক্তি কেলেংকাৰিৰ সৈতে যুক্ত থকা বুলি উত্থাপিত বহু লোকৰ নাম বা তেওঁলোক কিদৰে নিযুক্তি কেলেংকাৰিৰ সৈতে জড়িত আছিল সেই বিষয়ে হয়তো ডাঃ শইকীয়াই আয়োগক নজনালে৷ প্ৰতিবেদনখন আধৰুৱা বুলিও অভিযোগ উত্থাপিত হৈছে৷ কাৰণ ৰাজনৈতিক নেতাক এৰি চৰকাৰী চাকৰিয়ালৰ নামহে প্ৰতিবেদনখনত বেছিকৈ উল্লেখ আছে৷ জমা দিয়াৰ ৩ বছৰ পাছতহে বাধ্য হৈ চৰকাৰে এই প্ৰতিবেদন ৰাজহুৱা কৰে৷ কোনো মেধাৱী প্ৰাৰ্থীৰ কোনোবা ঘনিষ্ঠ হ’লেও সেই লোকজনৰ নাম প্ৰতিবেদনত উল্লেখ কৰা হৈছে৷ আনকি ৰাজহুৱাভাৱে মন্দিৰত কোনোবাই যদি ৰাকেশ পালক কাকতালীয়ভাৱে লগ পাইছে সেই কথাও প্ৰতিবেদনত উল্লেখ কৰিছে কোনো প্ৰামাণ্য তথ্য অবিহনেই৷ প্ৰতিবেদনখনৰ পৃষ্ঠাই পৃষ্ঠাই এনে বহু আসোৱাহ আৰু ত্ৰুটি থাকি গ’ল যাৰ ফলত ইয়াক লৈ বহু প্ৰশ্নৰ অৱকাশ থাকি গ’ল৷ কাৰণ কোনো এটা অভিযোগৰে কোনো প্ৰামাণ্য তথ্য উল্লেখ নাই প্ৰতিবেদনত বা ডাঃ শইকীয়ায়ো নিজৰ অভিযোগৰ সমৰ্থনত কোনো প্ৰমাণ দিব নোৱাৰিলে আয়োগৰ সন্মুখত৷ নিযুক্তি কেলেংকাৰিৰ অন্যতম অভিযুক্ত ডাঃ শইকীয়াই যেন কিছুমান কাহিনী লিখিত আকাৰে আয়োগক জমা দিছিল আৰু আয়োগেও এনে কাহিনীৰ সত্যাসত্য নিৰূপণ নকৰাকৈয়ে ইয়াক প্ৰতিবেদনত সন্নিৱিষ্ট কৰে৷