পদ্মভূষণেৰে সন্মান জনোৱা বিজেপিয়েই ‘দুৰ্নীতিৰ চৰ্দাৰ’ বুলি অভিহিত কৰিলে তৰুণ গগৈক
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৮ ফেব্ৰুৱাৰীঃ যি তৰুণ গগৈক বিজেপি নেতৃত্বাধীন চৰকাৰে ২০২১ চনত মৰণোত্তৰভাৱে প্ৰদান কৰিছে ‘পদ্মভূষণ’ সন্মান, সেই তৰুণ গগৈক বিজেপিয়ে দুৰ্নীতিৰ চৰ্দাৰ বা দুৰ্নীতিৰ সদাগৰ আখ্যা দিছে৷ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই প্ৰয়াত তৰুণ গগৈক দুৰ্নীতিৰ সদাগৰ বুলি অভিহিত কৰিছে৷ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ উদ্ধৃতি দি বিজেপিৰ ৰাজ্যিক সভাপতিজনে কয়– অসম লোকসেৱা আয়োগৰ নিযুক্তি সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ আমোলত সংঘটিত সীমাহীন দুৰ্নীতি-ভ্ৰষ্টাচাৰক সম্পূৰ্ণৰূপে উদঙাই দিলে৷ এটা প্ৰজন্মৰ ভৱিষ্যৎ ধবংস কৰি, মেধা-দক্ষতা-প্ৰতিভাক ভৰিৰে মোহাৰি সেই সময়ত চৰকাৰী চাকৰিৰ বজাৰ সৃষ্টিৰ অভিযোগ সত্য বুলি প্ৰমাণিত হ’ল৷ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ আৰু তেওঁৰ পুত্ৰ গৌৰৱ গগৈ সন্দৰ্ভত প্ৰকাশ কৰা ভয়ংকৰ তথ্যই দুৰ্নীতি আৰু কংগ্ৰেছ যে একেটা মুদ্ৰাৰে ইপিঠি-সিপিঠি তাকেই প্ৰতিপন্ন কৰিলে৷ কংগ্ৰেছ মানেই কৰাপচন, কৰাপচন মানেই কংগ্ৰেছ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈক শইকীয়াই দুৰ্নীতিৰ সদাগৰ আখ্যা দি ৰাকেশ পালক স্থায়ী অধ্যক্ষ নিযুক্তি দি কৰা দুষ্কাৰ্যৰ উত্তৰ কংগ্ৰেছ দলে দিবই লাগিব বুলি কয়৷
কংগ্ৰেছ আমোলত সংঘটিত এই বিয়াগোম কেলেংকাৰি সন্দৰ্ভত দলটিয়ে অসমৰ জনগণৰ সন্মুখত শ্বেতপত্ৰৰ জৰিয়তে স্থিতি স্পষ্ট কৰাৰ বাবে সভাপতি শইকীয়াই কংগ্ৰেছক আহ৩ান জনায়৷ অসমৰ যুৱ প্ৰজন্মৰ ভৱিষ্যতক লৈ হেতালি খেলি, এটা প্ৰজন্মক সামগ্ৰিক ব্যৱস্থাটোৰ প্ৰতিয়েই আস্থাহীন কৰি তুলি চৰম দুৰ্নীতিত লিপ্তসকল সমাজ জীৱনৰ শত্ৰু বুলি শইকীয়াই অভিহিত কৰে৷ এই বৃহৎ কলেংকাৰিত জড়িত প্ৰতিগৰাকী ব্যক্তিয়েই দৃষ্টান্তমূলক শাস্তি পাব লাগিব বুলি দোহাৰি সভাপতিজনে মূল্যবোধ, সংস্কাৰৰ কথা ভাটৌৰ দৰে আওৰোৱা সাংসদ গৌৰৱ গগৈৰো মুখা এই প্ৰতিবেদনৰ জৰিয়তে খোল খালে বুলি মত পোষণ কৰে৷ আইনৰ উধবৰ্ত কোনো নহয় বুলি মন্তব্য কৰি সভাপতি শইকীয়াই কেলেংকাৰিত জড়িতসকলক কঠোৰ শাস্তি প্ৰদানৰ বাবে ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ৩ান জনায়৷ উল্লেখ্য, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ মৰণোত্তৰভাৱে আগবঢ়োৱা হয় পদ্মভূষণ সন্মান৷ প্ৰয়াত গগৈৰ হৈ সেই সময়ৰ ৰাষ্ট˜পতি ৰামনাথ কবিন্দৰ পৰা এই সন্মান গ্ৰহণ কৰে তেওঁৰ সহধৰ্মিনী ডলী গগৈয়ে৷ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে পদ্মভূষণ সন্মানেৰে সন্মানিত কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক ৰাজ্যিক বিজেপিয়ে দুৰ্নীতিৰ সদাগৰ আখ্যা দিয়াক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷






