Logo
image

জামিন পাই গ’ল ৰণবীৰ-আশিসে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৮ ফেব্ৰুৱাৰীঃ  গুৱাহাটী আৰক্ষীৰ ক্ৰাইম ব্ৰান্সে মুম্বাইত চাৰিদিন বোন্দাপৰ দি কোনো সম্ভেদ উলিয়াব নোৱৰা বিতৰ্কিত ইউটিউবাৰ আশিস চাঞ্চলানি আৰু ৰণবীৰ এলাহাবাদিয়াই লাভ কৰিছে৷ গুৱাহাটী আৰক্ষীৰ ক্ৰাইম ব্ৰান্সে ৰুজু কৰা গোচৰটোত মঙলবাৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ ন্যায়াধীশ মৃদুল কুমাৰ কলিতাৰ বিচাৰপীঠে অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে ইউটিউবাৰ আশিস চাঞ্চলানিক৷ ইউটিব চেনেলত ‘ইণ্ডিয়াছ গট লেটেণ্ট’ শীৰ্ষক শ্ব’টোত অশ্লীলতা বিয়পোৱাৰ অভিযোগত চাঞ্চলানিৰ লগতে  আন ৪ ইউটিউবাৰ ক্ৰমে ৰণবীৰ এলাহবাদিয়া, সময় ৰাঈনা, যশপ্ৰীত সিং আৰু অপূৰ্বা মাখিজাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল গুৱাহাটী আৰক্ষীয়ে৷আনকি অভিযুক্ত কেইজনক গ্ৰেপ্তাৰৰ বাবে মুম্বাইত অভিযানো চলাইছিল মহানগৰ আৰক্ষীয়ে৷ কিন্তু এজনো অভিযুক্তৰ সন্ধান লাভ নকৰাত অৱশেষত উভতি আহিছিল সতীশ চাহুৰ নেতৃত্বৰ অসম আৰক্ষীৰ দলটো৷ অৱশ্যে, ইয়াৰ মাজতে মঙলবাৰে আশিস চাঞ্চলানিয়ে গুৱাহাটী উচ্ছ ন্যায়ালয়ত দ্বাৰস্থ হোৱাত আদালতে অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰি ১০ দিনৰ ভিতৰত তদন্তকাৰী বিষয়াৰ ওচৰত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে৷ ন্যায়ালয়ে লগতে জ্জ মাৰ্চত গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰি কেচ ডায়েৰী দাখিলৰো নিৰ্দেশ দিয়ে আৰক্ষীক৷ গোচৰীয়া পক্ষৰ অধিবক্তাই আদালতৰ অনলাইন শ্ব’টোত চাঞ্চলানিয়ে কোনো বিতৰ্কিত মন্তব্য কৰা নাছিল বুলিও আদালতৰ দৃষ্টিগোচৰ কৰে৷ ইফালে একে দিনাই আন এজন অভিযুক্ত ৰণবীৰ এলাহবাদিয়াকো অসম আৰু মহাৰাষ্ট্ৰত ৰুজু হোৱা গোচৰৰ ভিত্তিত অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে উচ্ছতম ন্যায়ালয়ে৷


সৰ্বোচ্চ ন্যায়ালয়ে অভিযুক্ত ৰণবীৰ এলাহবাদিয়াই যাতে বিদেশ এৰি যাব নোৱাৰে তাৰ বাবে আৰক্ষীৰ ওচৰত পাছপৰ্ট জমা দিবলৈ নিৰ্দেশ দিয়ে৷ অনলাইন শ্ব’টোত ৰণবীৰ এলাহাবাদিয়াৰ অশালীন বক্তব্যক তীব্ৰ ককৰ্থনা কৰি ন্যায়াধীশ সূৰ্যকান্ত আৰু এন কে সিঙক লৈ গঠিত বিচাৰপীঠে ৰণবীৰৰ বিকৃত মন আৰু মগজুত আৱৰ্জনা ভৰি আছে বুলিও মন্তব্য কৰে৷ বিচাৰপীঠখনে লগতে গোচৰীয়া অধিবক্তা অভিনৱ চন্দ্ৰচূড়ক কয় যে এনে আচৰণ গৰিহণাৰ যোগ্য৷ এই বিকৃত মানসিকতাই সমগ্ৰ সমাজখনকে লজ্জানত  কৰিছে৷ লগতে ন্যায়ালয়ে প্ৰশ্ন কৰে– যিহেতু তেওঁ এগৰাকী জনপ্ৰিয় ব্যক্তি সেয়ে তেওঁক সমাজে সহজভাৱে ল’ব নোৱাৰে৷ পৃথিৱীত এনে কোনো ব্যক্তি আছে নেকি যিয়ে এনে ভাষা পছন্দ কৰিব? তেওঁৰ মনত কিবা এক অতি লেতেৰা ভাব সোমাই আছে আমি তেওঁক কিয় সুৰক্ষা দিব লাগে? যদি কোনোবাই কিবা ভুল কৰিছে তেন্তে আইনে নিজৰ পথ লোৱা উচিত৷ ন্যায়াধীশ সূৰ্যকান্তে কয় যে এলাহাবাদিয়াৰ মন্তব্যৰ বাবে সমগ্ৰ সমাজ লজ্জিত হ’ব৷ আনহাতে, আদালতে যেতিয়া চন্দ্ৰচূড়ক প্ৰশ্ন কৰে যে তেওঁ এনে ভাষাৰ পক্ষত ওকালতি কৰিব নেকি, তেতিয়া তেওঁ উত্তৰ দিয়ে যে আনকি তেওঁৰো এলাহাবাদিয়াই ব্যৱহাৰ কৰা ভাষাত বিতৃষ্ণা জাগিছিল৷ উচ্চতম ন্যায়ালয়ে প্ৰশ্ন কৰে সমাজৰ মূল্যবোধ কি? এই পেৰামিটাৰবোৰ কি? আপুনি এইবোৰৰ বিষয়ে জানেনে? সমাজৰ কিছুমান স্ব-বিকশিত মূল্যবোধ আছে৷ সেই মূল্যবোধক সন্মান কৰাটো প্ৰয়োজন৷ এই বিষয়ত উচ্ছতম ন্যায়ালয়ে ৰণবীৰ এলাহাবাদিয়াক সকীয়াই কয় যে মত প্ৰকাশৰ স্বাধীনতাৰ নামত কোনোৱেই সমাজৰ নীতি-নিয়মৰ বিৰুদ্ধে কথা ক’ব পৰাকৈ স্বাধীনতা দিয়া হোৱা নাই৷