
বিমানবন্দৰলৈ আহি মোদীৰ আদৰণি শ্বেখ আল-থানিক
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৮ ফেব্ৰুৱাৰীঃ প্ৰট’কল ভাঙি নিজে বিমানবন্দৰলৈ গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আদৰণি জনালে কাতাৰৰ আমিৰ শ্বেখ তামিম বিন হামাদ আল থানিক৷ প্ৰধানমন্ত্ৰী মোদীৰ এই আদৰণিত অভিভূত কাতাৰৰ আমিৰ৷ সোমবাৰে নিশা কাতাৰৰ আমিৰ আল-থানিয়ে দুদিনীয়া গুৰুত্বপূৰ্ণ ভ্ৰমণসূচী লৈ আহি নতুন দিল্লীত উপস্থিত হয়৷ ২০১৫ চনৰ পাছত এয়া কাতাৰৰ আমিৰৰ দ্বিতীয় ভাৰত ভ্ৰমণ৷ উল্লেখ্য, এসময়ত কাটাৰৰ সৈতে ভাৰতৰ কূটনৈতিক সম্পৰ্ক শিথিল আছিল যদিও বিগত কেইবছৰত উভয় দেশৰ পাৰস্পৰিক সম্পৰ্ক উন্নত হৈছে৷
পশ্চিম এছিয়াৰ দেশৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ বাবে নতুন দিল্লীৰ দৃষ্টিভংগীৰ ফলতে কাতাৰ-ভাৰত এতিয়া যথেষ্ট ঘনিষ্ঠ৷ কাতাৰ আৰু ভাৰতৰ মাজত পাৰস্পৰিক বাণিজ্য এতিয়া ২০ বিলিয়ন মাৰ্কিন ডলাৰৰ৷ ভাৰতে কাতাৰৰ পৰা সৰ্বাধিক ‘লিকুইফাইড নেচাৰেল গেছ’ আমদানি কৰে৷ ইয়াৰ উপৰি ‘লিকুইফাইড পাইপড গেছ’ ৰাসয়নিক সামগ্ৰী, পেট্ৰ’কেমিকেলছ, প্লাষ্টিক আৰু এলুমিনিয়াম আমদানি কৰে৷