Logo
image

বিভ্ৰান্ত কৰাৰ চেষ্টা ! এলিজাবেথৰ সপক্ষে ‘অসম’

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’টাৰ, ১৮ ফেব্ৰুৱাৰীঃ  কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈৰ পক্ষত থিয় দিছে অসম সন্মিলিত মৰ্চা (অসম)৷ এলিজাবেথ ক’লবাৰ্ণৰ পাকিস্তান সম্পৰ্কক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সঘন শক্তিশেল এৰাৰ পাছতেই সাংসদ গৌৰৱ গগৈ নিজৰ স্থিতি প্ৰকাশ কৰিছে৷ ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংসদ গৌৰৱ গগৈৰ প্ৰতি ‘সহানুভূতি’ প্ৰদৰ্শন কৰি মত প্ৰকাশ কৰাৰ পাছত অসম সন্মিলিত মৰ্চাৰ নেতৃত্বই বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে৷ ৰাজ্যৰ জ্বলন্ত সমস্যাসমূহক আওকান কৰি সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পৰিয়ালক ৰাজনৈতিক আক্ৰমণৰ লক্ষ্য কৰি লোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰিছে ৰাজ্যৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ ঐক্য মঞ্চ অসম সন্মিলিত মৰ্চা চমুকৈ অসমে৷ প্ৰকৃততে ৰাজ্যৰ মূল সমস্যাসমূহৰ পৰা ৰাইজৰ দৃষ্টি আঁতৰাবৰ বাবে আৰু ৰাইজক বিভ্ৰান্ত কৰিবৰ বাবেহে গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ প্ৰসংগ ইচ্ছাকৃতভাৱে টানি অনা হৈছে৷


মঙলবাৰে ‘আমাৰ অসম’লৈ প্ৰেৰণ কৰা এটা বিজ্ঞপ্তিত অসমৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে কয়– সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ সহধৰ্মিনী এলিজাবেথ গগৈয়ে দেশবিৰোধী কাম-কাজত লিপ্ত হৈছে নে নাই, সেইবোৰ চোৱা-চিতা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ গৃহ তথা প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অন্তৰ্গত বিভিন্ন সংস্থা আছে৷ এই কাম অসমৰ মুখ্যমন্ত্ৰীৰ নহয়৷ মুখ্যমন্ত্ৰীৰ ওপৰত অসমৰ ৰাইজে যিবোৰ দায়িত্ব ন্যস্ত কৰিছে, সেইবোৰৰ ওপৰত ধ্যান কেন্দ্ৰীভূত কৰাটোহে তেওঁৰ দায়িত্ব৷  ৰাজ্যত সম্প্ৰতি ব্যাপক ৰূপ ধাৰণ কৰা নাৰী নিৰ্যাতন, হত্যা আদি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত অসম আৰক্ষী ব্যৰ্থ হোৱা বুলি উল্লেখ কৰি ভূঞা আৰু গগৈয়ে কয় যে আৰক্ষীক চৰকাৰে ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ বাবে আৰক্ষীয়ে নিজৰ প্ৰকৃত দায়িত্ব আৰু কৰ্তব্যত মনোনিৱেশ কৰিব পৰা নাই৷ মূল্যবৃদ্ধি তথা চৰকাৰী পৃষ্ঠপোষকতাত চলা ব্যাপক দুৰ্নীতি-অনিয়মে জনসাধাৰণক অতিষ্ঠ কৰি তোলা সাম্প্ৰতিক সময়ত মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসী জনসাধাৰণৰ প্ৰয়োজন তথা অভাৱ-অভিযোগৰ প্ৰতিহে মনোনিৱেশ কৰা উচিত বুলি ভূঞা আৰু গগৈয়ে মত প্ৰকাশ কৰে৷