Logo
image

আজি দিল্লী মন্ত্ৰীসভাৰ শপত, নাটকৰ শেষত নায়িকা ৰেখা

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৯ ফেব্ৰুৱাৰীঃ ‘যাৰ বিয়ে তাৰ হুঁচ নেই, পাড়া-পড়শিৰ ঘূম নেই’–দিল্লীত ২৭ বছৰৰ পাছত বিজেপিৰ চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ ক্ষণত চৰকাৰৰ শপত গ্ৰহণৰ বাবে গেৰুৱা দলটোৰ যি যোগাৰ, প্ৰস্তুতি–তাৰ তুলনাত মুখ্যমন্ত্ৰী নিৰ্বাচনত গুৰুত্বহীনতা, বিলম্বিত প্ৰক্ৰিয়াক লৈ এনে কটাক্ষই চলি আছিল বিগত ১২ দিন৷ কিন্তু অৱশেষত যেতিয়া মুখ্যমন্ত্ৰী নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হ’ল, তেতিয়া সেয়া যেন শ্বাসৰুদ্ধকৰ নাটক৷ ক্লাইমেক্স-এণ্টি ক্লাইমেক্সেৰে পৰিপূৰ্ণ এই নাটকৰ শেষত এতিয়া শপতগ্ৰহণৰ প্ৰাক-সন্ধ্যা ৰেখা (গুপ্তা)ই নায়িকা৷ ৰেখা, অৰ্থাৎ ৰেখা গুপ্তা শালীমাৰ বাগৰ পৰা প্ৰথমবাৰলৈ নিৰ্বাচিত হোৱা বিধায়ক, যাৰ হাতত এই মুখ্যমন্ত্ৰী নিৰ্বাচনৰ ‘নাটক’ত নায়কৰ আসনৰ পৰা চ্যুত হ’ল আটাইতকৈ প্ৰভাৱশালী বিধায়ক, পূৰ্বৰ দুবাৰৰ সাংসদ প্ৰৱেশ বাৰ্মা, বণিয়া সম্প্ৰদায়ৰ আন দুই প্ৰতিদ্বন্দ্বী বিজেন্দৰ গুপ্তা আৰু সতীশ উপাধ্যায়৷ দিল্লীৰ পূৰ্বৰ মুখ্যমন্ত্ৰী চাহিব সিং বাৰ্মাৰ পুত্ৰ প্ৰৱেশ বাৰ্মাই এইবাৰ নিৰ্বাচনত পৰাস্ত কৰিছিল দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক৷ ‘জায়েণ্ট কিলাৰ’ হিচাপে পৰিগণিত প্ৰৱেশ বাৰ্মা পূৰ্বৰ বিধায়কো আছিল, সাংসদ হৈছিল দুবাৰ৷ বিগত সাধাৰণ নিৰ্বাচনত তেওঁক টিকট নিদিয়াত সেয়া দলৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ পৰিকল্পনা বুলিয়েই চৰ্চা হৈছিল৷ দলৰ বৃহৎ বিজয়ৰ দিনটোত প্ৰৱেশ বাৰ্মাই পূৰ্বৰ চৰকাৰৰ কাম-কাজৰ তদন্ত হ’ব বুলি যিদৰে সংবাদ মাধ্যমত মন্তব্য কৰিছিল, তেতিয়া পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে প্ৰৱেশ বাৰ্মাৰ বাহিৰে দ্বিতীয় এটা নাম কাৰো মনলৈ অহা নাছিল৷ কিন্তু বিজেপিয়ে তেওঁক ৰেখা গুপ্তাৰ ‘ডেপুটি’হে বনালে, উপ-মুখ্যমন্ত্ৰী৷ মুখ্যমন্ত্ৰী পদৰ আন দুই দাবীদাৰ বিজেন্দৰ গুপ্তা আৰু জিতেন্দৰ মহাজনো আছিল বণিয়া সম্প্ৰদায়ৰ৷ দেৰিকৈ মুখ্যমন্ত্ৰী পদৰ দৌৰত আগবাঢ়িছিল সতীশ উপাধ্যায়ো৷ বুধবাৰে বিধায়িনী দলৰ বৈঠকৰ অন্তত পৃথকে পৃথকে পৰ্যবেক্ষকৰে বৈঠক হ’ল তেওঁলোকৰ লগত৷


দুই কেন্দ্ৰীয় পৰ্যবেক্ষক ৰবিশংকৰ প্ৰসাদ, ওম প্ৰকাশ ধনকড় আৰু স্থায়ী পৰ্যবেক্ষক অলকা গুৰ্জৰে প্ৰত্যেকৰে সৈতে পৃথকে পৃথকে কথা পাতিলে৷ দিল্লী প্ৰদেশ বিজেপিৰ কাৰ্যালয় তেতিয়া নাটকৰ মঞ্চলৈ ৰূপান্তৰিত হৈছে৷ কৰোবাৰ বাবে এণ্টি ক্লাইমেক্স আৰু কাৰোবাৰ ক্লাইমেক্স৷ অৱশেষত ৰুদ্ধশ্বাস এই নাটকৰ অন্তত দিল্লীৰ নায়িকা হ’ল ৰেখা গুপ্তা৷ দিল্লীৰ মুখ্যমন্ত্ৰীৰূপে নিৰ্বাচিত হোৱাৰ লগে লগে সৃষ্টি হৈছে কৌতূহলৰ–কোন এই ৰেখা গুপ্তা? দীৰ্ঘদিনৰ আৰ এছ এছ কৰ্মী ৰেখা গুপ্তা প্ৰথমবাৰৰ বিধায়ক হ’ব পাৰে, কিন্তু তেওঁ গেৰুৱা দলৰ মাজত আৰু দলটোৰ তাত্বিক অভিভাৱক আৰ এছ এছৰ মজিয়াত পুৰণি যোদ্ধা, যি দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি পদৰ (১৯৯৬-৯৭) পৰা সাৰ্থকভাৱে নিজৰ ৰাজনৈতিক উত্থান ঘটাইছে৷ দৌলতৰাম কলেজৰ স্নাতক ৰেখা গুপ্তা ২০০৭ চনত উত্তৰ পিতামপুৰাৰ কাউন্সিলৰ নিৰ্বাচিত হৈছিল, যি বিজেপিৰ ৰাষ্ট্ৰীয় মহিলা মৰ্চাৰো সহ অধ্যক্ষ আৰু দিল্লী প্ৰদেশ বিজেপিৰ সাধাৰণ সম্পাদক আছিল৷ ৩জনকৈ বণিয়া সম্প্ৰদায়ৰ সম্ভাৱ্য প্ৰাৰ্থীৰ মাজৰ পৰা বিজেপিয়ে ৰেখা গুপ্তাক নিৰ্বাচন কৰাৰ মূল কাৰণ–দিল্লীৰ মহিলা ভোট অটুত ৰখাৰ বাবে বিজেপিক এগৰাকী মহিলা মুখ্যমন্ত্ৰীৰ প্ৰয়োজন৷ দিল্লীত সৰ্বাধিক সংখ্যাত বণিয়া সম্প্ৰদায়ৰ ভোট থকাটো ৰেখা গুপ্তাৰ বাবে ইতিবাচক কাৰক আছিল৷ তদুপৰি প্ৰৱেশ বাৰ্মাৰ দৰে আগশাৰীৰ নেতা আৰু আন ২-৩ বণিয়া সম্প্ৰদায়ৰ বিধায়কৰ মাজৰ পৰা মুখ্যমন্ত্ৰী নিৰ্বাচিত হ’লে যি ‘লবী’ ৰাজনীতিৰ আশংকা আছিল, এতিয়া আৰু সেয়া নাই৷ তাৎপৰ্যপূৰ্ণ এয়াই, বিদায়ী আতিশী, এসময়ত সুষমা স্বৰাজ আৰু ১৫ বছৰ শাসন কৰা শীলা দীক্ষিতৰ পাছত এইবাৰো দিল্লীৰ মুখ্যমন্ত্ৰী মহিলা–এয়া যেন ঐতিহ্যৰ সোঁত৷