
দৰ-দাম নচলিব, ট্ৰাম্পৰ হুমকিক লৈ তোলপাৰ দুই দেশ
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৯ ফেব্ৰুৱাৰীঃ ব্যক্তিগত বন্ধু হোৱাটো ডাঙৰ কথা নহয়, সুসম্পৰ্কও দেশ স্বাৰ্থতকৈ ডাঙৰ নহয়৷ ব্যক্তিগত ঘনিষ্ঠতাৰ বাবে শুল্ক ৰেহাই দিব নোৱাৰি, দেশলৈ আহিবলগীয়া ৰাজহৰ জোৱাৰত ভাতা পেলাব নোৱাৰি৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সদ্য সমাপ্ত আমেৰিকা ভ্ৰমণৰ পাছত মোদীৰ সৈতে সম্পৰ্ক আৰু দেশৰ স্বাৰ্থক লৈ এনেদৰে নিজৰ প্ৰশাসনৰ স্থিতি স্পষ্ট কৰি দিলে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে৷ ব্যক্তিগতভাৱে অতি ‘ঘনিষ্ঠ’ মাৰ্কিন সংবাদ মাধ্যম ফক্স নিউজক দিয়া এটা সাক্ষাৎকাৰত মোদী আৰু তেওঁৰ শেহতীয়া সাক্ষাৎ সন্দৰ্ভত বিশদ বৰ্ণনা কৰিছে ড’নাল্ড ট্ৰাম্পে৷ তাৎপৰ্যপূৰ্ণ এই সাক্ষাৎকাৰৰ সময়ত ট্ৰাম্পৰ সৈতে উপস্থিত আছিল ধনকুবেৰ ইলন মাস্কো, যিজনৰ ‘ডজ’ নামৰ চৰকাৰী বিভাগে মোদীৰ মাৰ্কিন ভ্ৰমণৰ পাছত কৰ্তন কৰিছে নিৰ্বাচনী সজাগতাৰ বাবে ভাৰতক প্ৰদান কৰি অহা ২২ নিযুত ডলাৰ৷ সাক্ষাৎকাৰত ট্ৰাম্পে কৈছে– ‘বন্ধু হ’লেও দৰ-দাম নচলিব৷ শুল্ক আদায়ৰ ক্ষেত্ৰত বন্ধুত্বৰ কথা বিবেচনালৈ নাহিব৷’ ট্ৰাম্পৰ এই মন্তব্যৰ পাছত তোলপাৰ দুয়োখন দেশ, থৌকিবাথৌ শ্বেয়াৰ বজাৰ৷ কিয়নো, মোদীৰ এই ভ্ৰমণ বাণিজ্যিক দিশৰ পৰা ভাৰতৰ বাবে অতি লাভদায়ক বুলি বৰ্ণনা কৰিছে নতুন দিল্লীয়ে৷ ভাৰত-মাৰ্কিন সম্পৰ্ক অধিক গাঢ় হৈছে বুলিও দাবী নতুন দিল্লীৰ৷
কিন্তু কি কৈছে ড’নাল্ড ট্ৰাম্পে? ফক্স নিউজত ট্ৰাম্পে কৈছে– ‘তেওঁ ইয়ালৈ আহিছিল৷ মই কৈ দিছোঁ, আপুনি শুল্ক ধাৰ্য কৰক বা নকৰক, মই কৰিমেই৷ কেৱল ভাৰত নহয়, প্ৰতিখন দেশৰ ক্ষেত্ৰত মই পাৰস্পৰিক শুল্ক ঘোষণা কৰিছোঁ৷ তাৰ পৰা ভাৰত সাৰি নাযায়৷ যি দেশে আমাৰ সামগ্ৰীৰ ওপৰত যিমান শুল্ক আৰোপ কৰে, আমিও তেওঁলোকৰ সামগ্ৰীৰ ওপৰত সিমান শুল্ক আৰোপ কৰিম৷ কোনেও ৰেহাই নাপাব৷ ভাৰতেও নাপাব৷ ভাৰততো শুল্ক আৰোপত আটাইতকৈ চৰা৷ মই সেয়া পৰীক্ষা কৰিছোঁ৷’ মোদীৰ শেহতীয়া ভ্ৰমণত দ্বিপাক্ষিক বাণিজ্য ৫০,০০০ কোটি ডলাৰলৈ বৃদ্ধিৰ চুক্তিত স্বাক্ষৰ কৰিছে দুয়ো নেতাই৷ তথাপি ট্ৰাম্পে ‘পাৰস্পৰিক শুল্ক (ৰিচিপ্ৰ’কেল টেৰিফ) আৰোপ কৰিবই৷ ট্ৰাম্পে এই শুল্ক আৰোপ কৰিলে ভাৰতৰ বছৰি লোকচান হ’ব ৭০০ কোটি ডলাৰ৷ মোদীয়ে সেইক্ষেত্ৰত ৰেহাই বিচৰা নাছিলনে– বুলি কৰা প্ৰশ্নৰ উত্তৰত ট্ৰাম্পে ফক্স নিউজক ক’লে– ‘মোৰ লগত কোনেও তৰ্ক কৰি জিকিব নোৱাৰে৷ মই যদি কওঁ ২৫ শতাংশ, তেওঁ ক’ব– উঃ বেছি হৈছে৷ মই কিন্তু শুল্ক লগামেই, তেওঁ লগাওক বা নলগাওক৷ মোৰ লগত জিকিব নোৱাৰিব৷’