
ত্ৰিবেণী সংগমৰ পানী বিশুদ্ধ, নিৰ্মল! যোগী
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৯ ফেব্ৰুৱাৰীঃ এইবাৰ কেন্দ্ৰীয় চৰকাৰকে প্ৰত্যাহ্বান জনালে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে৷ যোগী আদিত্যনাথৰ মতে, ত্ৰিবেণী সংগমৰ পানী কেৱল স্নানৰ যোগ্যই নহয়, খাব পৰাকৈ বিশুদ্ধ৷ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে ৰাষ্ট্ৰীয় সেউজ ট্ৰিবুনেলত গংগাৰ পানী, ঘাইকৈ প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমৰ পানী স্নানৰ বাবে যোগ্য নহয় বুলি দাখিল কৰা প্ৰতিবেদনত যোগী আদিত্যনাথে গৰজি উঠিছে৷ তেওঁৰ মতে, এই পৰ্যন্ত মহাকুম্ভমেলাত ৫৬ কোটি ২৫ লাখ ভক্তই স্নান কৰিছে৷ এনেধৰণৰ ভিত্তিহীন অভিযোগ কৰাৰ অৰ্থ হ’ল তেওঁলোকৰ বিশ্বাসক লৈ খেলা কৰা৷ যোগীৰ দাবীৰ ভিত্তি হ’ল উত্তৰ প্ৰদেশ প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগৰ এক প্ৰতিবেদন৷ সেই প্ৰতিবেদনত সংগমৰ পানী বিশুদ্ধ, নিৰ্মল বুলি উল্লেখ কৰা আছে৷ তেওঁৰ দাবী, ইয়াৰ অৰ্থ, ত্ৰিবেণী সংগমৰ পানী কেৱল স্নানযোগ্যই নহয়, খোৱাৰো যোগ্য৷ কেন্দ্ৰীয় চৰকাৰৰ বিভাগৰ প্ৰতিবেদনক লৈ বিৰোধী দলে যোগী আদিত্যনাথ চৰকাৰক সমালোচনা কৰিছিল৷ পিছে যোগীয়ে এতিয়া মোদী চৰকাৰৰ বিভাগকে প্ৰত্যাহ্বান জনালে৷ উল্লেখ্য যে, পৱিত্ৰ গংগা আৰু যমুনাৰ পানী স্নানৰ যোগ্য নহয় নহয় বুলি কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে দিয়া প্ৰতিবেদন মঙলবাৰে প্ৰকাশ পাইছিল৷ গংগা-যমুনা আৰু ত্ৰিবেণী সংগমৰ পানীত অস্বাভাৱিক মাত্ৰাত ‘ফিকল’ বেক্টেৰিয়া আছে, যি সেই পানীত স্নান কৰা লোকৰ ভয়ংকৰ শাৰীৰিক ক্ষতিসাধন কৰিব পাৰে বুলি কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে যোৱা ৩ ফেব্ৰুৱাৰীত প্ৰতিবেদন দাখিলৰ লগে লগে দৈনিক কোটিৰ ঘৰত ভক্তই মহাকুম্ভমেলাত স্নান কৰি থকা পৰিস্থিতিত আতংক আৰু উদ্বিগ্নতাৰ সৃষ্টি হৈছিল৷ উল্লেখ্য, যোৱা ১৩ জানুৱাৰীৰ পৰা প্ৰয়াগৰাজত মহাকুম্ভমেলা আৰম্ভ হৈছে আৰু ইতিমধ্যে ৫০ কোটি ভক্তই মহাকুম্ভমেলাত স্নান কৰা বুলি যোগী আদিত্যনাথ চৰকাৰে প্ৰকাশ কৰিছে৷ কোটি কোটি লোকে ত্যাগ কৰা মল-মূত্ৰ পানীত মিহলি হোৱাৰ ফলতে পৱিত্ৰ গংগা আৰু যমুনাৰ পানী এনেদৰে দূষিত হৈ পৰিছে৷
কিয়নো ফিকল বেক্টেৰিয়াৰ পৰিমাণ মানুহ আৰু জীৱ-জন্তুৰ মল-মূত্ৰ পানীৰ সৈতে মিহলি হ’লেই বৃদ্ধি হয় বুলি কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে জনাইছে৷ কেন্দ্ৰীয় সেউজ ন্যায়াধীকৰণেও গংগা আৰু যমুনাৰ পানীত অত্যধিক ‘ফিকল কলিফৰ্ম বেক্টেৰিয়া’ৰ উপস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে৷ কিয়নো এই দূষিত পানীতে এতিয়া দৈনিক গড়ে ১ কোটি ৩৫ লাখকৈ ভক্তই স্নান কৰি আছে৷ এনে অতি দূষিত পানীত স্নান কৰিলে ডায়েৰিয়া, টাইফয়ড, গেষ্ট্ৰ’এণ্ট্ৰাইটিছ আৰু বিভিন্ন চৰ্মৰোগ হ’ব পাৰে৷ স্নান কৰিব পৰাকৈ পানীত যি পৰিমাণৰ ‘বায়’মেকানিকেল অক্সিজেন ডিমাণ্ড’ থাকিব লাগে, এই পানীত সেই মান নাই৷ পানীত ফিকল বেক্টেৰিয়া কিমান আছে সেয়া ‘কলিফৰ্ম কাউণ্ট’ৰ জৰিয়তে নিৰ্ণয় কৰা হয়৷ অৰ্থাৎ ১০০ মিলিমিটাৰ পানীত কিমান দূষিত সেয়া ‘এমপিএন’ৰ দ্বাৰা প্ৰকাশ কৰা হয়৷ ২০২৪ চনত কেন্দ্ৰীয় নগৰ উন্নয়ন মন্ত্ৰণালয়ৰ দ্বাৰা গঠিত কমিটীৰ মতে ১০০ মিলিলিটাৰ পানীত ৫০০ এম পি এনৰ পৰা ২,৫০০ এম পি এনলৈকে দূষিত নহয় অথবা স্নানৰ ব্যৱহাৰৰ বাবে অনুমোদিত৷ কিন্তু কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ প্ৰতিবেদন মতে গংগাৰ শাস্ত্ৰী দলঙৰ ওচৰৰ পানীত প্ৰতি ১০০ মিলিলিটাৰ ১১,০০০ এম পি এন মাত্ৰাৰ দূষণ আছে৷ সংগমত সেই পৰিমাণ ১০০ মিলিলিটাৰত ৭,৯০০ এম পি এন৷ শাস্ত্ৰী দলং সংগমৰ পৰা ২ কিলোমিটাৰ নিলগত৷ আনহাতে, গংগাত মিলিত হোৱাৰ পূৰ্বে যমুনাৰ পানীত সেই পৰিমাণ ১০০ মিলিলিটাৰত ৪,৯০০ এম পি এন৷ এই তথ্যৰ বাবে পানীৰ নমুনা লোৱা হৈছিল বসন্ত পঞ্চমীৰ স্নানৰ পাছত ৩ ফেব্ৰুৱাৰীত৷ সেই দিনটোত প্ৰয়াগৰাজত কেইবাকোটি লোকৰ সমাৱেশ ঘটিছিল আৰু তেওঁলোকৰ মল-মূত্ৰ গংগা-যমুনাৰ পানীত মিলিত হৈ প্ৰদূষণৰ মাত্ৰা বাঢ়িছিল৷ অৱশ্যে তাৰ পূৰ্বেও একে অঞ্চলৰ পানী অস্বাভাৱিক পৰিমাণত দূষিত আছিল৷