Logo
image

প্ৰবক্তা পত্নীৰ নিযুক্তিৰ লগতে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰো তদন্ত বিচাৰিলে অখিলে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২১ ফেব্ৰুৱাৰীঃ  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই পত্নী ডঃ গীতাশ্ৰী তামুলীৰ নিযুক্তি আৰু গুৱাহাটীৰ চানমাৰীত ক্ৰয় কৰা মাটি-সম্পত্তি আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তি সন্দৰ্ভত তদন্ত দাবী কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে৷ শুকুৰবাৰে বিধায়ক গগৈয়ে লিখিতভাৱে মুখ্যমন্ত্ৰী শৰ্মাক উক্ত বিষয় সন্দৰ্ভত তদন্ত কৰিবলৈ প্ৰত্যাহ্বান জনাইছে৷ পত্নী ডঃ গীতাশ্ৰী তামুলীৰ বি বৰুৱা মহাবিদ্যালত সহকাৰী অধ্যাপক নিযুক্তি সন্দৰ্ভত তদন্ত বিচাৰি মুখ্যমন্ত্ৰী শৰ্মাক সম্বোধন কৰি লিখা পত্ৰত বিধায়ক গগৈয়ে কয়– অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনত ২০ ফেব্ৰুৱাৰীত আপুনি ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক বক্তব্যত কৈছে যে মোৰ পত্নীৰ ২০১১ চনত বি বৰুৱা কলেজৰ অসমীয়া বিভাগত সহকাৰী অধ্যাপক ৰূপে অবৈধভাৱে নিযুক্তি দিয়া হৈছে৷ এই বক্তব্যই মোৰ লগতে মোৰ পত্নীৰ আত্মসন্মানত আঘাত হানিছে৷ আপুনি কৈছে যে বি বৰুৱা মহাবিদ্যালয়ত সম্প্ৰতি সহযোগী অধ্যাপকৰূপে কৰ্মৰত ডঃ গীতাশ্ৰী তামুলীৰ নিযুক্তি অবৈধ৷ ডঃ গীতাশ্ৰী তামুলীক বি বৰুৱা কলেজত ২০১১ চনত সহকাৰী অধ্যাপক নিযুক্তিত কিবা অনিয়ম হৈছিল নেকি সেই সন্দৰ্ভত তদন্ত কৰিবলৈ দাবী জনাইছোঁ৷ স্বচ্ছ আৰু বিশ্বাসযোগ্যতাৰ স্বাৰ্থত এই সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱা পৰ্যন্ত গীতাশ্ৰী তামুলীয়ে কৰ্তব্যৰ পৰা আঁতৰি থাকিব৷ আনহাতে গুৱাহাটীৰ চানমাৰিত মাটি ক্ৰয় সন্দৰ্ভত তদন্ত বিচাৰি মুখ্যমন্ত্ৰী শৰ্মাক সম্বোধন কৰি লিখা পত্ৰত গগৈয়ে কয়– গুৱাহাটীৰ চানমাৰীৰ নিজৰাপাৰৰ গৃহ নং ৪০১ মাটি-সম্পত্তিখিনি মোৰ পত্নী গীতাশ্ৰী তামুলীয়ে (প্ৰয়াত) ভদ্ৰ বৰাৰ পৰা ক্ৰয় কৰিছিল৷ ২০ ফেব্ৰুৱাৰীত বিধানসভাত ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক বক্তব্যত উল্লেখ কৰিছে যে মই উক্ত ঘৰ সম্পত্তি বে আইনীভাৱে অৰ্থাৎ দুৰ্নীতি সংঘটিত কৰি ক্ৰয় কৰিছোঁ৷ আপুনি কৈছে যে সম্প্ৰতি মই গুৱাহাটীত থকা ঘৰটো দুৰ্নীতিৰে অৰ্জন কৰা ধনেৰে ক্ৰয় কৰিছোঁ৷ গতিকে এই ভূমি সম্পত্তি ক্ৰয় সন্দৰ্ভত এটা তদন্ত কৰিবলৈ অনুৰোধ জনালোঁ৷ যদি উক্ত ভূমি সম্পত্তি দুৰ্নীতিৰে অৰ্জন কৰা ধনেৰে ক্ৰয় কৰা বুলি প্ৰমাণ হয় উক্ত সম্পত্তি অসম চৰকাৰক অৰ্পণ কৰিম৷ একেটা দিনত বিধানসভাৰ মজিয়াত মই অভিযোগ কৰিছিলো যে আপোনাৰ আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি আছে৷ মই বিধানসভাত দাবী কৰা ধৰণে আপোনাৰ শিক্ষামন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ কাৰ্যকালৰ আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি আহৰণ কৰা সন্দৰ্ভত তদন্ত কৰক৷’ উল্লেখ্য, অসম বিধানসভাৰ বাজেট অধিৱেশনত বৃহস্পতিবাৰে ৰাজ্যপালৰ ভাষণৰ ওপৰত মুখ্যমন্ত্ৰীয়ে উত্তৰ দিয়াৰ সময়তে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে আকস্মিকভাৱে মন্তব্য কৰে যে ৰাজ্যত চৰকাৰী বিদ্যালয়ৰ সংখ্যা হ্ৰাস পাইছে, ইয়াৰ বিপৰীতে আপোনাৰ ঘৰতো প্ৰাইভেট স্কুল হৈছে৷ ইয়াৰ উত্তৰ দি মুখ্যমন্ত্ৰীয়ে কয়–‘যেতিয়া মতা মানুহ দুৰ্বল হয় তেতিয়া মাইকী মানুহক টাৰ্গেট কৰি লয়৷ মই যদি কওঁ আপোনাৰ পৰিবাৰে কেনেকৈ চাকৰি পাইছে, মইটো আজিলৈকে কোৱা নাই–আপোনাৰ পৰিবাৰতকৈ চোকা ছোৱালীক পিছ পেলাই চাকৰি দিয়া হৈছে, ৰেকৰ্ড আছে–পেপাৰত ওলাইছে৷’ মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয়– চেন্দেল পিন্ধা আন্দোলনকাৰী মানুহ এজনে যেতিয়া চানমাৰিত মাটি কিনে সেই প্ৰশ্নৰ উত্তৰ কোনে দিব?


ৰাকেশ পালক নিযুক্তি দিবলৈ তৰুণ গগৈক হেঁচা দিছিল হিমন্তবিশ্বইঃ  প্ৰদেশ কংগ্ৰেছ

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদকঃ  ৰাকেশ পালক অসম লোকসেৱা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি দিবলৈ ফাইলত চহী কৰিবলৈ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক হেঁচা দিছিল তেতিয়াৰ মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ে৷ এপিএছচি কেলেংকাৰিৰ অভিযুক্ত ডাঃ মৃগেন শইকীয়াই দিয়া ভাষ্যৰ ভিত্তিত প্ৰস্তুত কৰা বিপ্লৱ শৰ্মা প্ৰতিবেদনত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নাম উল্লেখ কৰাৰ পাছতে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ আজি ডিব্ৰুগড় ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি মেহদি আলম বৰাই এক সংবাদ মেল অনুষ্ঠিত কৰি বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰে৷ অসম লোকসেৱা আয়োগৰ কেলেংকাৰি সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখন এতিয়ালৈকে চৰকাৰে গ্ৰহণ কৰা  নাই৷ গতিকে এই প্ৰতিবেদনখনত উল্লেখ থকা কথাবোৰ এতিয়ালৈকে সত্য বুলি ক’ব পৰা নাই বুলি প্ৰকাশ কৰিছে কংগ্ৰেছৰ উপ-সভাপতি মেহদি আলম বৰাই৷ আনহাতে অভিযুক্ত ডাঃ মৃগেন শইকীয়াই প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ সাংসদ গৌৰৱ গগৈৰ বিবাহত তিনি লাখ টকা সোণৰ গহনা উপহাৰ হিচাপে দিয়া প্ৰসংগ টানি অনাটো সম্পূৰ্ণ পৰিকল্পিত অভিযোগ বুলি উল্লেখ কৰিছে৷ কংগ্ৰেছ নেতাজনে লগতে অভিযোগ কৰি কয় যে, অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে ৰাকেশ পালক নিযুক্তি দিয়াৰ সময়ত তৰুণ গগৈয়ে নিযুক্তি ফাইলত কোনো চহী কৰা নাছিল৷ কিন্তু সেই সময়ত আজি শাসিত চৰকাৰত থকা প্ৰভাৱশালী নেতাই তৰুণ গগৈক ৰাকেশ পালক এপিএছচি অধ্যক্ষ হিচাপে নিযুক্তি দিবলৈ হেঁচা প্ৰয়োগ কৰিছিল৷ মৃত এজন ব্যক্তিক বাৰে বাৰে অভিযোগত টানি অনা মানে সমাজত পৰম্পৰা শেষ কৰা৷ তৰুণ গগৈৰ বিৰুদ্ধে বিজেপিয়ে যিবোৰ অভিযোগ আনিছে, কোনো এটা অভিযোগ সত্য প্ৰমাণিত নহয়৷ আনহাতে শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ, অখিল গগৈ আৰু ভূপেন বৰাৰ পত্নীৰ বিৰুদ্ধে অনা অভিযোগসমূহৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ কংগ্ৰেছৰ নেতাজনে বিষয়টোৰ সন্দৰ্ভত কয়, যেতিয়া মানুহৰ স্থিতি সলনি হয়, তেতিয়া মানুহে পৰস্ত্ৰীৰ কথা আলোচনা কৰে৷ আজি গৌৰৱ গগৈ, অখিল গগৈ, ভূপেন বৰাৰ পত্নীৰ বিষয়ে আলোচনা কৰাটো অতি লজ্জাজনক কথা৷ অন্য ব্যক্তিৰ পত্নীৰ বিষয়ে আলোচনা কৰা মুখ্যমন্ত্ৰীৰ নিজৰ পত্নীয়ে সকলো ফালে কেৱল সম্পত্তি গঢ় দিছে৷ কিন্তু নিজৰ পত্নীৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগসমূহৰ তদন্ত কৰাৰ সাহস গোটাব পাৰিবনে বুলি প্ৰশ্ন উত্থাপন কৰিছে৷ ইফালে মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়লৈ আহি ক’ত ৰিজ’ৰ্ট বনাব পাৰি, ক’ত বাগানৰ মাটি ল’ব পাৰি, তাৰ ওপৰত চকু নিদি ডিব্ৰুগড়ৰ চৰকাৰী বিভাগসমূহ উন্নয়ন কৰিলেহে ভাল হ’ব বুলি পৰামৰ্শ আগবঢ়ায়৷ আজি একেখন সংবাদ মেলৰ মাজতে প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি তথা মুখপাত্ৰ মেহদী আলম বৰাই ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ ওপৰত দুৰ্বৃত্তই সংঘটিত কৰা আক্ৰমণৰ ঘটনাক গৰিহণা দিয়ে৷ ৰূপহীহাটত অনুষ্ঠিত এখন জনসভাত অংশগ্ৰহণ কৰিবলৈ যোৱা সাংসদ ৰকিবুল হুছেইনক পূৰ্ব পৰিকল্পনা মতে, আক্ৰমণ কৰা বুলি অভিযোগ কৰি কয়,অসমত ৰাজনীতি শেষ হৈ এতিয়া উত্তৰ প্ৰদেশৰ দৰে বাহুবলৰ ৰাজনীতি চলিছে৷ ৰকিবুল হুছেইন হ’ব পাৰে এজন কংগ্ৰেছৰ নেতা, কিন্তু তেওঁ দেশৰ বৃহৎ ৰাজনীতি ক্ষেত্ৰখনৰ এজন নেতা৷ তেওঁৰ ওপৰত কোটি কোটি মানুহৰ আশা আছে৷ অসম আৰক্ষীৰ জৰিয়তে সকলো দুৰ্বৃত্তক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে কংগ্ৰেছৰ নেতাজনে৷ একেখন সংবাদ মেলত ৰকিবুল হুছেইনক ৰাজনৈতিক পক্ষৰ পৰা আক্ৰমণ কৰা বুলি অভিযোগ কৰি আৰু কয়, তেওঁ ৰাজনৈতিকভাৱে বলি হৈছে৷ ইতিমধ্যে ৮ জনক গ্ৰেপ্তাৰ কৰিছে বাকী সকলো পোহৰলৈ আহিব৷ পুলিচৰ বন্দুক কাঢ়ি ল’বলৈ চেষ্টা কৰাটো আটাইতকৈ ডাঙৰ বিষয়৷ আগলৈ যাতে এনে নহয় তাৰ ওপৰত গুৰুত্ব দিব লাগে অসম আৰক্ষীয়ে৷ আনহাতে সংবাদ মেলৰ পাছতে ডিব্ৰুগড় জিলা কংগ্ৰেছে ৰূপায়ণ কৰা এক প্ৰতিবাদী কাৰ্যসূচীতো অংশগ্ৰহণ কৰে কংগ্ৰেছৰ উপ-সভাপতি মেহদি আলম বৰাই৷ ৰাজীৱ ভৱনৰ সন্মুখত ৰূপায়ণ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত বিজেপিৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ এই প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী এতুৱা মুণ্ডা, জিলা কংগ্ৰেছৰ সভাপতি দেৱৰঞ্জন গগৈ, প্ৰশাসনিক সাধাৰণ সম্পাদক ৰাজকুমাৰ নীলনেত্ৰ নেওগ, কংগ্ৰেছ নেতা বিজিত সন্দিকৈ আদিয়ে অংশগ্ৰহণ কৰে৷