
পুনৰ ১,৮৫০ কোটি টকা ঋণ ল’ব চৰকাৰে
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২১ ফেব্ৰুৱাৰীঃ ৰাজহ ঘাটি জোৰা মাৰিবলৈ ঋণ লোৱাৰ বাহিৰে এতিয়া যেন বিকল্প নোহোৱা হৈ পৰিছে অসম চৰকাৰৰ ! ৰাজ্যত বিদেশী বিনিয়োগ বিচাৰি এডভাণ্টেজ আছাম-২.০ অনুষ্ঠিত কৰাৰ সময়তে পুনৰ ষ্টক নিলাম কৰি ঋণ লোৱাৰ বাবে সাজু হৈছে দিছপুৰ৷ বিশ্ব বিনিয়োগ সন্মিলনৰ মাজতে দুটা পৰ্যায়ত সৰ্বমুঠ ১,৮৫০ কোটি টকা ঋণ লোৱাৰ বাবে নিবিদা আহ্বান কৰিছে অসম চৰকাৰে৷ বিগত ২৬ ফেব্ৰুৱাৰীত চৰকাৰী বণ্ড নিলাম কৰি ৯০০ কোটি টকা ঋণ লোৱাৰ পাছত পুনৰ ১৮ ফেব্ৰুৱাৰীত ৯০০ কোটি টকা ঋণ লৈছিল৷ দুটা দিনত সৰ্বমুঠ ১,৮০০ কোটি টকা ঋণ লোৱাৰ পাছত এইবাৰ ২৫ ফেব্ৰুৱাৰীত একেদিনাই দুটা পৰ্যায়ত ১,৮৫০ কোটি টকা ঋণ ল’ব অসম চৰকাৰে৷
ইতিমধ্যে চৰকাৰী ষ্টক নিলাম কৰি ঋণৰ বাবে ৰিজাৰ্ভ বেংকৰ জৰিয়তে নিবিদা আহ্বান কৰিছে৷ বিত্ত বিভাগে সদৰী কৰা অনুসৰি ২৫ ফেব্ৰুৱাৰীৰ দিনটোত প্ৰথম পৰ্যায়ত ১৫ বছৰৰ বাবে ষ্টক নিলাম কৰি ৯০০ কোটি টকা ঋণ ল’ব৷ একেদিনাই দ্বিতীয় পৰ্যায়ত ২০ বছৰৰ বাবে ষ্টক নিলাম কৰি আন ৯৫০ কোটি টকা ঋণ গ্ৰহণ কৰিব৷ লক্ষণীয়ভাৱে অসম চৰকাৰে ২৫ ফেব্ৰুৱাৰীত ষ্টক নিলাম কৰি ঋণ লোৱাৰ দিনটোতে বিশ্বৰ বিনিয়োগকাৰী বিচাৰি গুৱাহাটীত অনুষ্ঠিত হ’ব ‘এডভাণ্টেজ আছাম’ শীৰ্ষক বিনিয়োগ সন্মিলন৷ বৰ্তমান অসম চৰকাৰৰ ঋণৰ পৰিমাণ ৰ লাখ ৬৫ হাজাৰ কোটি টকাৰ অতিক্ৰম কৰিছে৷